--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুকূলে ৰাজনীতি কৰি আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাংশ নেতাই৷ এই বিস্ফোৰক অভিযোগ শিৱসেনা (ইউবিটি)ৰ নেতা সঞ্জয় ৰাউতৰ৷ সঞ্জয় ৰাউতে কয়, গান্ধী পৰিয়ালৰ চাৰিওফালে নৰেন্দ্ৰ মোদীৰ অনুকূলে ৰাজনীতি কৰা লোক থাকিলে কংগ্ৰেছে ২০২৪ৰ লোকসভা নিৰ্বাচনত অধিক অসুবিধাৰ সন্মুখীন হ’ব৷ 

দলীয় মুখপত্ৰ ‘সামনা’ত তেওঁৰ সাপ্তাহিক স্তম্ভ ‘ৰোখথোক’ত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে ৰাউতে৷ তেওঁ দাবী কৰে যে বেলট পেপাৰ গণনাৰ সময়ত মধ্য প্ৰদেশৰ ১৯৯খন আসনত কংগ্ৰেছ আগবাঢ়ি আছিল, কিন্তু ই ভি এমত ভোট গণনা হোৱাৰ পাছত পৰিস্থিতি সলনি হৈছিল।

বিজেপিয়ে মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত নিৰ্বাচনত জয়লাভ কৰিছিল৷ আনহাতে তেলেংগানাত কংগ্ৰেছ জয়ী হৈছিল। যোৱামাহত এই ৰাজ্যসমূহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হৈছিল।

ৰাজ্যখনত দলীয় প্ৰচাৰৰ নেতৃত্ব দিয়া মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথৰ কথা উল্লেখ কৰি ৰাউতে কয়, যদি গান্ধী পৰিয়ালৰ চাৰিওফালে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহৰ বাবে অনুকূল ৰাজনীতি কৰা এনে লোক থাকে, তেন্তে ২০২৪ত অধিক বিপদ হ’ব৷

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বিজয় যাদুই তিনিখন ৰাজ্যত কাম কৰিছে, কিন্তু তেলেংগানাত নহয়।
এইটোও এটা মিথ যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক পৰাজিত কৰিব নোৱাৰে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক