--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে তৎপৰ হৈ পৰিছে ইণ্ডিয়া মিত্ৰজোঁট৷বিৰোধী INDIA ব্লকৰ চতুৰ্থখন বৈঠক পুনৰ পিছুৱাই দিয়া হৈছে আৰু ১৯ ডিচেম্বৰত দিল্লীত এই বৈঠক অনুষ্ঠিত হ’ব বুলি দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰকাশ কৰে।উল্লেখ্য যে ১৭ ডিচেম্বৰৰ পৰা বৈঠক পিছুৱাই দিয়াৰ কোনো কাৰণ ৰমেশে উল্লেখ কৰা নাই।

ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে সিদ্ধান্ত লোৱাৰ পাছতে এই বৈঠক ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল৷

৬ ডিচেম্বৰত মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু ৰাজস্থানৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা কংগ্ৰেছে এই বৈঠকৰ আহ্বান জনাইছিল। তিনিখন ৰাজ্যত বিজেপিয়ে আধা বাট অতিক্ৰম কৰাৰ লগে লগে বিৰোধী ব্লকৰ বৈঠক ঘোষণা কৰা হয়।ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছ দলক পৰাস্ত কৰি এতিয়া উত্তৰ বেল্টত কেৱল হিমাচল প্ৰদেশহে বাকী আছে। মাত্ৰ তিনিখন ৰাজ্যত নিজাববীয়াকৈ শাসন কৰি আছে আৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি কনিষ্ঠ অংশীদাৰ হিচাপে বিহাৰ আৰু ঝাৰখণ্ডত ক্ষমতাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু