--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে তৎপৰ হৈ পৰিছে ইণ্ডিয়া মিত্ৰজোঁট৷বিৰোধী INDIA ব্লকৰ চতুৰ্থখন বৈঠক পুনৰ পিছুৱাই দিয়া হৈছে আৰু ১৯ ডিচেম্বৰত দিল্লীত এই বৈঠক অনুষ্ঠিত হ’ব বুলি দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰকাশ কৰে।উল্লেখ্য যে ১৭ ডিচেম্বৰৰ পৰা বৈঠক পিছুৱাই দিয়াৰ কোনো কাৰণ ৰমেশে উল্লেখ কৰা নাই।

ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে সিদ্ধান্ত লোৱাৰ পাছতে এই বৈঠক ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল৷

৬ ডিচেম্বৰত মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু ৰাজস্থানৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা কংগ্ৰেছে এই বৈঠকৰ আহ্বান জনাইছিল। তিনিখন ৰাজ্যত বিজেপিয়ে আধা বাট অতিক্ৰম কৰাৰ লগে লগে বিৰোধী ব্লকৰ বৈঠক ঘোষণা কৰা হয়।ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছ দলক পৰাস্ত কৰি এতিয়া উত্তৰ বেল্টত কেৱল হিমাচল প্ৰদেশহে বাকী আছে। মাত্ৰ তিনিখন ৰাজ্যত নিজাববীয়াকৈ শাসন কৰি আছে আৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি কনিষ্ঠ অংশীদাৰ হিচাপে বিহাৰ আৰু ঝাৰখণ্ডত ক্ষমতাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক