--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত কমলাৰ উৎপাদন অতি বেছি, ইয়াত এই ফল অতি জনপ্ৰিয়। ইয়াৰ টেঙা-মিঠা সোৱাদে সকলোকে কমলাৰ ফালে টানি আনে। ইয়াত থকা ভিটামিন চি, কেলচিয়াম আৰু ফ’লেট স্বাস্থ্যৰ বাবে উপকাৰী। আমি কমলা খাওঁ, কিন্তু ইয়াৰ বাকলি ডাষ্টবিনত পেলাই দিওঁ। স্বাস্থ্য বিশেষজ্ঞৰ মতে, কেৱল কমলাৰে নহয় কমলা বাকলিৰো আছে বহু উপকাৰী গুণ

কমলা বাকলিৰ ৫ টা ডাঙৰ উপকাৰ

১) ছালৰ বাবে ভালঃ কমলাৰ বাকলি আমাৰ ছালৰ বাবে আশীৰ্বাদতকৈ কম নহয়। যদি আপোনাৰ ছালখন তেলীয়া হয় তেন্তে ই ঔষধতকৈ কোনো গুণে কম নহয়। ইয়াৰ গুড়ি মৌৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰি মুখত লগাওক। মুখখন জিলিকি উঠিব আৰু দাগবোৰো গুচি যাব।

২) টোপনিৰ সহায়কঃ যদি আপুনি শান্তিপূৰ্ণ টোপনি নাপায় তেন্তে কমলাৰ বাকলি পানীত ভৰাই গাৰ্গল কৰি তাৰপাছত পান কৰক। নিয়মিতভাৱে এনে কৰিলে ৰাতি ভাল টোপনি আহিব।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবঃ কমলাৰ বাকলিত এণ্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে, ক’ৰ’না ভাইৰাছৰ যুগত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কথা সদায় চৰ্চা হয়, তেতিয়া এই ফলৰ বাকলি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। ইয়াৰ বাবে কমলাৰ বাকলি গৰম পানীত ধুই খাব পাৰে। কিছুমানে চেনি আৰু নেমুৰ লগত খাবলৈ ভাল পায়।

৪) হেয়াৰ কণ্ডিচনাৰঃ আমি প্ৰায়ে বজাৰৰ পৰা অহা দামী আৰু ৰাসায়নিক সমৃদ্ধ কণ্ডিচনাৰ ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ বাবে কমলাৰ বাকলিও অতি ফলপ্ৰসূ। এই বাকলিৰ পৰিষ্কাৰক গুণ আছে যিবোৰ চুলিৰ বাবে উপকাৰী। ইয়াৰ বাবে কমলাৰ বাকলি শুকুৱাই গুড়ি (Orange Peel Powder) বনাওক, তাৰ পাছত মৌৰ মিহলাই মূৰত লগাওক। কিছু সময় ৰাখি ধোৱাৰ পাছত চুলিবোৰ চিকচিকিয়া হৈ পৰিব।

৫) উফিৰ পৰা মুক্তিঃ যেতিয়া চুলিত উফি ওলাবলৈ আৰম্ভ কৰে, তেতিয়া বহুত লাজৰ সন্মুখীন হ’বলগীয়া হয়, এনে পৰিস্থিতিত আপুনি কমলাৰ বাকলি শুকুৱাই গুড়ি প্ৰস্তুত কৰক আৰু তাৰপাছত তাত নাৰিকল তেল মিহলাই দিয়ক। এই মিশ্ৰণটো চুলিত লগালে উফি আঁতৰি যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ