--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহেই ছালৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগি থাকে। ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কিছুমানে তথাপিও কোনো সুফল নাপায়। আপুনি জানেনে ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ নিম পানী অতি উপকাৰী। সেইবাবেই নিম পানীৰে দৈনিক মুখ ধুব লাগে। আজি আমি ইয়াত ক’ম নিম পানীৰে মুখ ধুলে কি কি উপকাৰিতা আছে?  

নিম পানীৰে মুখ ধোৱাৰ উপকাৰিতাসমূহ

১)ছালৰ এলাৰ্জীৰ পৰা মুক্তি পাবঃ নিমৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ছালত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ইয়াৰ দ্বাৰা দৈনিক মুখ ধোৱে তেন্তে ছালৰ এলাৰ্জী, ফোহা, খজুৱতি আদি সমস্যাৰ পৰা মুক্তি পোৱাত ই সহায়ক হব।

২)ব্ৰণ নিৰাময় কৰেঃ নিম পানীৰে মুখ ধুলে ব্ৰণৰ পৰা মুক্তি পায়। কাৰণ ই ছালত থকা মলি আৰু তেল পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে ব্ৰণৰ প্ৰদাহ কমায়। যদি আপুনি ব্ৰণৰ সমস্যাত ভুগি আছে তেন্তে নিম পানীৰে দৈনিক মুখ ধুব পাৰে।

৩)তেলীয়া আৰু শুকান দুয়োটা ছালৰ চিকিৎসা কৰেঃ নিমত থকা এন্টিঅক্সিডেন্ট আৰু এন্টিচেপ্টিক গুণে ক্ষতিকাৰক বেক্টেৰিয়াক নাশ কৰাত সহায় কৰে। ই ছালত থকা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰি ছালখন কোমল কৰি তোলে। শুকান ছালকো সজীৱ কৰি তুলে।

৪)দাগবোৰ পৰিষ্কাৰ হৈ যায়ঃ নিম পানীৰে মুখ ধুলে ছালৰ ৰং উন্নত হয়। লগতে মুখৰ দাগ, গুটি আৰু ছাল ক’লা হোৱা আদিৰ পৰা মুক্তি পায়। 

গতিকে নিম পানীৰে মুখ ধোৱক আৰু আপোনাৰ ছালৰ চমৎকাৰ দেখক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য