--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সৌ সিদিনালৈ ৰাজ্যৰ ৰাজনীতিৰ চৰ্চিত ৰাজনীতিকগৰাকী আছিল তেওঁ৷ তেওঁ পৰিচালনা কৰিছিল অসমৰ প্ৰশাসন ব্যৱস্থাক৷ আগে-পাছে আছিল জেড+ কেটেগৰীৰ নিৰাপত্তাৰ অভেদ্য বেহু৷ তেওঁ য’লৈকে গৈছিল, তাতেই ব্যস্ত হৈ পৰিছিল প্ৰশাসন যন্ত্ৰ৷ তেওঁ ক’লৈকে যাব, ক’ত থাকিব- তাকে লৈ হৈছিল চৰ্চা, ব্যস্ততা৷ তেওঁ সৰ্বানন্দ সোণোৱাল৷ ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে ৰাজনৈতিক জীৱনৰ পাতনি মেলা সোণোৱালে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ মোদী কেবিনেটত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ সোণোৱালে মুখ্যমন্ত্ৰী পদত্যাগ কৰি উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে৷

পৰৱৰ্তী সময়ত ২০২১ চনৰ ৭ জুলাইত তেওঁক ৰাজ্যসভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰা হয়৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ইতিমধ্যে একাধিকবাৰ সৰ্বানন্দ সোণোৱালে অসমলৈ আহিছে৷ নতুন বছৰত কালি অসমত সৰ্বানন্দ সোণোৱালে সাংবাদিকসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰে৷ এই মত-বিনিময় অনুষ্ঠানৰ পাছতেই সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ৰমশ: অসমৰ ৰাজনীতিত নিষ্প্ৰভ হৈ আহিছে নেকি? অসমৰ ৰাজনৈতিক পৰিক্ৰমাত অপ্ৰাসংগিক হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল৷ সোণোৱালক ভাল অথবা বেয়া পোৱা সকলোৰে মনত দোলা দিছে এই প্ৰশ্নই৷


অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সোণোৱালক লৈ এতিয়া ৰাজ্যিক বিজেপিতো কোনো ব্যস্ততা দেখিবলৈ পোৱা নাযায়৷ আনকি, পূৰ্বৰ সতীৰ্থ মন্ত্ৰী তথা বৰ্তমানৰ মন্ত্ৰীৰ মাজতো সোণোৱালৰ বাবে কোনো আগ্ৰহ পৰিলক্ষিত নহয়৷ সৰ্বানন্দ সোণোৱাল অসমলৈ অহা-নহা বা কি অনুষ্ঠান আয়োজন কৰে, তাক লৈ ব্যস্ত নহয় বিজেপি নেতা অথবা অসমৰ সংবাদ মাধ্যম৷ আনকি, সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰিবলৈও নতুন বছৰৰ প্ৰথম নটা দিনত সুবিধাই মিলাব নোৱাৰিলে সোণোৱালে৷ জানিব পৰা মতে, ৰাজ্যিক বিজেপিৰ মাজতো সৰ্বানন্দ সোণোৱালক লৈ বিশেষ আগ্ৰহ নাই আগৰ দৰে‍৷ আনকি, নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতো সুৰক্ষিত হৈ থকা নাই বুলি বহুতে মন্তব্য কৰিছে৷ কিয়নো, ২০২৪ৰ লোকসভাত পুনৰ বিজেপি চৰকাৰ গঠন হ’বনে নহয়, এতিয়াই ক’ব পৰা নাযায়৷ আনকি, বিজেপিৰ ভিতৰচ’ৰাতে প্ৰধানমন্ত্ৰী পদৰ পৰা মোদীক আঁতৰাই অমিত শ্বাহ অথবা যোগী আদিত্যনাথক প্ৰক্ষেপ কৰাৰ যো-জা চলিছে৷

আৰু, সেয়াই হ’বলৈ হ’লে দিল্লীৰ ৰাজনীতিতো অপ্ৰাসংগিক হৈ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল৷ আনহাতে, মাজুলীৰ পৰা গুচি যোৱাৰ পাছত সমষ্টিটো ইতিমধ্যে সোণোৱাৰ হাতৰ পৰা গুচি গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতৰ মুঠিত ল’বলৈ সক্ষম হৈছে মাজুলী সমষ্টি৷ আনকি, মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব কাক দিয়া হ’ব, তাতো সোণোৱালৰ কথা নৰজিব বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে৷ আনহাতে, সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটাও লোকসভা সমষ্টি খালী হৈ থকা নাই সোণোৱালৰ বাবে৷ প্ৰতিগৰাকী সাংসদে সমষ্টিসমূহ নিজৰ হাতত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব৷ কোনোৱেই সোণোৱালক সমষ্টি এৰি দিব বুলি আশা কৰিব নোৱাৰি৷ আৰু, এইসমূহ পৰিঘটনালৈ চাই সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷


সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানত ভাষণ প্ৰসংগত কালি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীোয়ে কংগ্ৰেছ দলক সমালোচনা কৰিছিল৷ সোণোৱালৰ সমালোচনাৰ উত্তৰ দি প্ৰদেশ কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰি সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ ৰাজনীতিত আউটডেটেড বুলি মন্তব্য কৰিছিল৷ ২০২১ৰ পাছত অসমত সৰ্বানন্দ সোণোৱালৰ পাছপৰ্ট ফটো এটিও পাবলৈ নোপোৱা হ’ল বুলি কটাক্ষ কৰিছিল কংগ্ৰেছে৷ এতিয়া সময়ে ক’ব, ৰাজ্যৰ ৰাজনীতিত নিষ্প্ৰভ হৈ পৰা সৰ্বানন্দ সোণোৱালে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ