--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সৌ সিদিনালৈ ৰাজ্যৰ ৰাজনীতিৰ চৰ্চিত ৰাজনীতিকগৰাকী আছিল তেওঁ৷ তেওঁ পৰিচালনা কৰিছিল অসমৰ প্ৰশাসন ব্যৱস্থাক৷ আগে-পাছে আছিল জেড+ কেটেগৰীৰ নিৰাপত্তাৰ অভেদ্য বেহু৷ তেওঁ য’লৈকে গৈছিল, তাতেই ব্যস্ত হৈ পৰিছিল প্ৰশাসন যন্ত্ৰ৷ তেওঁ ক’লৈকে যাব, ক’ত থাকিব- তাকে লৈ হৈছিল চৰ্চা, ব্যস্ততা৷ তেওঁ সৰ্বানন্দ সোণোৱাল৷ ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে ৰাজনৈতিক জীৱনৰ পাতনি মেলা সোণোৱালে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ মোদী কেবিনেটত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ সোণোৱালে মুখ্যমন্ত্ৰী পদত্যাগ কৰি উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে৷

পৰৱৰ্তী সময়ত ২০২১ চনৰ ৭ জুলাইত তেওঁক ৰাজ্যসভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰা হয়৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ইতিমধ্যে একাধিকবাৰ সৰ্বানন্দ সোণোৱালে অসমলৈ আহিছে৷ নতুন বছৰত কালি অসমত সৰ্বানন্দ সোণোৱালে সাংবাদিকসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰে৷ এই মত-বিনিময় অনুষ্ঠানৰ পাছতেই সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ৰমশ: অসমৰ ৰাজনীতিত নিষ্প্ৰভ হৈ আহিছে নেকি? অসমৰ ৰাজনৈতিক পৰিক্ৰমাত অপ্ৰাসংগিক হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল৷ সোণোৱালক ভাল অথবা বেয়া পোৱা সকলোৰে মনত দোলা দিছে এই প্ৰশ্নই৷


অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সোণোৱালক লৈ এতিয়া ৰাজ্যিক বিজেপিতো কোনো ব্যস্ততা দেখিবলৈ পোৱা নাযায়৷ আনকি, পূৰ্বৰ সতীৰ্থ মন্ত্ৰী তথা বৰ্তমানৰ মন্ত্ৰীৰ মাজতো সোণোৱালৰ বাবে কোনো আগ্ৰহ পৰিলক্ষিত নহয়৷ সৰ্বানন্দ সোণোৱাল অসমলৈ অহা-নহা বা কি অনুষ্ঠান আয়োজন কৰে, তাক লৈ ব্যস্ত নহয় বিজেপি নেতা অথবা অসমৰ সংবাদ মাধ্যম৷ আনকি, সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰিবলৈও নতুন বছৰৰ প্ৰথম নটা দিনত সুবিধাই মিলাব নোৱাৰিলে সোণোৱালে৷ জানিব পৰা মতে, ৰাজ্যিক বিজেপিৰ মাজতো সৰ্বানন্দ সোণোৱালক লৈ বিশেষ আগ্ৰহ নাই আগৰ দৰে‍৷ আনকি, নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতো সুৰক্ষিত হৈ থকা নাই বুলি বহুতে মন্তব্য কৰিছে৷ কিয়নো, ২০২৪ৰ লোকসভাত পুনৰ বিজেপি চৰকাৰ গঠন হ’বনে নহয়, এতিয়াই ক’ব পৰা নাযায়৷ আনকি, বিজেপিৰ ভিতৰচ’ৰাতে প্ৰধানমন্ত্ৰী পদৰ পৰা মোদীক আঁতৰাই অমিত শ্বাহ অথবা যোগী আদিত্যনাথক প্ৰক্ষেপ কৰাৰ যো-জা চলিছে৷

আৰু, সেয়াই হ’বলৈ হ’লে দিল্লীৰ ৰাজনীতিতো অপ্ৰাসংগিক হৈ পৰিব পাৰে সৰ্বানন্দ সোণোৱাল৷ আনহাতে, মাজুলীৰ পৰা গুচি যোৱাৰ পাছত সমষ্টিটো ইতিমধ্যে সোণোৱাৰ হাতৰ পৰা গুচি গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতৰ মুঠিত ল’বলৈ সক্ষম হৈছে মাজুলী সমষ্টি৷ আনকি, মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব কাক দিয়া হ’ব, তাতো সোণোৱালৰ কথা নৰজিব বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে৷ আনহাতে, সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটাও লোকসভা সমষ্টি খালী হৈ থকা নাই সোণোৱালৰ বাবে৷ প্ৰতিগৰাকী সাংসদে সমষ্টিসমূহ নিজৰ হাতত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব৷ কোনোৱেই সোণোৱালক সমষ্টি এৰি দিব বুলি আশা কৰিব নোৱাৰি৷ আৰু, এইসমূহ পৰিঘটনালৈ চাই সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷


সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানত ভাষণ প্ৰসংগত কালি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীোয়ে কংগ্ৰেছ দলক সমালোচনা কৰিছিল৷ সোণোৱালৰ সমালোচনাৰ উত্তৰ দি প্ৰদেশ কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰি সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ ৰাজনীতিত আউটডেটেড বুলি মন্তব্য কৰিছিল৷ ২০২১ৰ পাছত অসমত সৰ্বানন্দ সোণোৱালৰ পাছপৰ্ট ফটো এটিও পাবলৈ নোপোৱা হ’ল বুলি কটাক্ষ কৰিছিল কংগ্ৰেছে৷ এতিয়া সময়ে ক’ব, ৰাজ্যৰ ৰাজনীতিত নিষ্প্ৰভ হৈ পৰা সৰ্বানন্দ সোণোৱালে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক