--°C
Loading...
Listen to Article
2 min read
80%

ব্ৰাজিলঃ কৰ’না নামৰ এই মাৰণ ভাইৰাছবিধে বিগত ডেৰটা বছৰে নাজল-নাথল অৱস্থাৰ সৃষ্টি কৰা প্ৰলয়ংকাৰী ছবিখন সকলোৱে দেখিছে। কৰ’নাৰ দ্বিতীয় ঢৌৰ শংকা মাৰ নাযাওতেও উদ্বিগ্ন কৰি তুলিছে তৃতীয় ঢৌৰ আগজাননীয়ে। দেশৰ বিভিন্ন প্ৰান্তত এই মাৰন ভাইৰাছবিধক ৰুধিবলৈ বিজ্ঞানী-গৱেষকসকলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইবাপ্ৰকাৰৰ ক’ভিড প্ৰতিষেধক বজাৰত ইতিমধ্যে সুলভ হৈছে যদিও কৰ’নাৰ আতংক মাৰ যোৱা নাই বা ভাইৰাছবিধক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই।

এনে সময়তে আহিছে এক চাঞ্চল্যকৰ খবৰ। কৰ’নাক প্ৰতিৰোধ কৰিবলৈ বিষাক্ত সৰ্পৰ বিষৰ পৰা দৰব প্ৰস্তুত কৰাত নামিছে এদল গৱেষকে। আনকি বিষাক্ত সাপৰ বিষেৰে জটিল ৰোগৰ চিকিৎসা সম্ভৱ বুলিও প্ৰমাণ কৰিছে ব্ৰাজিলে। ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কৰ’না চিকিৎসাত সাপৰ বিষৰ প্ৰয়োগৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি প্ৰকাশ পাইছে। সাপৰ বিষৰ এটা বিশেষ পদাৰ্থই জোনোচিছত কৰ’না সংক্ৰমণ প্ৰতিহত কৰা বুলি তেওঁলোকৰ পৰীক্ষাই সদৰী কৰিছে। গৱেষকসকলে ব্ৰাজিলৰ নিৰ্দিষ্ট প্ৰজাতিৰ বিষাক্ত সাপৰ বিষৰ জৰিয়তে পৰীক্ষাটো চলোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, প্ৰাথমিক পৰীক্ষাত এই বিষাক্ত উপাদানখিনি পৰীক্ষামূলকভাৱে বান্দৰৰ কোষত প্ৰয়োগ কৰিছিল গৱেষকৰ দলটোৱে। পৰৱৰ্তী সময়ত এই প্ৰয়োগে প্ৰাণীকোষত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰৱণতা যথেষ্ট হ্ৰাস কৰে বুলি মতপোষণ গৱেষকৰ। উল্লেখ্য যে, কৰ’না ভাইৰাছে সাধাৰণতে প্ৰাণীৰ কোষত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ সংখ্যা বৃদ্ধি কৰি সংক্ৰমণ বিয়পায়। কিন্তু এই বিষাক্ত সাপৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা উপাদানবিধৰ প্ৰয়োগে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে ভাইৰাছৰ সংখ্যাবৃদ্ধিৰ বিকাশৰ হাৰ ৭৫ শতাংশ লৈকে হ্ৰাস কৰা বুলি জনাইছে গৱেষকে। জানিবলৈ পোৱা মতে, ব্ৰাজিলিয়ান সৰ্পবিধৰ নাম ভাইপাৰ ভেনম। প্ৰকৃতিগতভাৱে বিষাক্ত এই প্ৰজাতিৰ সাপবিধ। সাপবিধৰ বিষৰ ক্ষুদ্ৰ অণুই কৰ’না ভাইৰাছক প্ৰতিৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ স্পাইকে প্ৰ'টিন অকেজো গঢ়ি তুলিবলৈ সক্ষম বুলি চাও পাওলোৰ গৱেষকসকলে দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক