--°C
Loading...
Listen to Article
2 min read
80%

ব্ৰাজিলঃ কৰ’না নামৰ এই মাৰণ ভাইৰাছবিধে বিগত ডেৰটা বছৰে নাজল-নাথল অৱস্থাৰ সৃষ্টি কৰা প্ৰলয়ংকাৰী ছবিখন সকলোৱে দেখিছে। কৰ’নাৰ দ্বিতীয় ঢৌৰ শংকা মাৰ নাযাওতেও উদ্বিগ্ন কৰি তুলিছে তৃতীয় ঢৌৰ আগজাননীয়ে। দেশৰ বিভিন্ন প্ৰান্তত এই মাৰন ভাইৰাছবিধক ৰুধিবলৈ বিজ্ঞানী-গৱেষকসকলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইবাপ্ৰকাৰৰ ক’ভিড প্ৰতিষেধক বজাৰত ইতিমধ্যে সুলভ হৈছে যদিও কৰ’নাৰ আতংক মাৰ যোৱা নাই বা ভাইৰাছবিধক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই।

এনে সময়তে আহিছে এক চাঞ্চল্যকৰ খবৰ। কৰ’নাক প্ৰতিৰোধ কৰিবলৈ বিষাক্ত সৰ্পৰ বিষৰ পৰা দৰব প্ৰস্তুত কৰাত নামিছে এদল গৱেষকে। আনকি বিষাক্ত সাপৰ বিষেৰে জটিল ৰোগৰ চিকিৎসা সম্ভৱ বুলিও প্ৰমাণ কৰিছে ব্ৰাজিলে। ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কৰ’না চিকিৎসাত সাপৰ বিষৰ প্ৰয়োগৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি প্ৰকাশ পাইছে। সাপৰ বিষৰ এটা বিশেষ পদাৰ্থই জোনোচিছত কৰ’না সংক্ৰমণ প্ৰতিহত কৰা বুলি তেওঁলোকৰ পৰীক্ষাই সদৰী কৰিছে। গৱেষকসকলে ব্ৰাজিলৰ নিৰ্দিষ্ট প্ৰজাতিৰ বিষাক্ত সাপৰ বিষৰ জৰিয়তে পৰীক্ষাটো চলোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, প্ৰাথমিক পৰীক্ষাত এই বিষাক্ত উপাদানখিনি পৰীক্ষামূলকভাৱে বান্দৰৰ কোষত প্ৰয়োগ কৰিছিল গৱেষকৰ দলটোৱে। পৰৱৰ্তী সময়ত এই প্ৰয়োগে প্ৰাণীকোষত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰৱণতা যথেষ্ট হ্ৰাস কৰে বুলি মতপোষণ গৱেষকৰ। উল্লেখ্য যে, কৰ’না ভাইৰাছে সাধাৰণতে প্ৰাণীৰ কোষত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ সংখ্যা বৃদ্ধি কৰি সংক্ৰমণ বিয়পায়। কিন্তু এই বিষাক্ত সাপৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা উপাদানবিধৰ প্ৰয়োগে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে ভাইৰাছৰ সংখ্যাবৃদ্ধিৰ বিকাশৰ হাৰ ৭৫ শতাংশ লৈকে হ্ৰাস কৰা বুলি জনাইছে গৱেষকে। জানিবলৈ পোৱা মতে, ব্ৰাজিলিয়ান সৰ্পবিধৰ নাম ভাইপাৰ ভেনম। প্ৰকৃতিগতভাৱে বিষাক্ত এই প্ৰজাতিৰ সাপবিধ। সাপবিধৰ বিষৰ ক্ষুদ্ৰ অণুই কৰ’না ভাইৰাছক প্ৰতিৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ স্পাইকে প্ৰ'টিন অকেজো গঢ়ি তুলিবলৈ সক্ষম বুলি চাও পাওলোৰ গৱেষকসকলে দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান