--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ সময়তে বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনাঢ্য ব্যক্তিৰ সম্পত্তি দুগুণ গৈছেগৈ। কৰ’নাৰ দৰে মাৰন ভাইৰাছবিধে উপদ্ৰৱ চলোৱা সময়ত সমগ্ৰ বিশ্বতে দেখা দিয়া চৰম অস্থিৰতা, দৰিদ্ৰতা, জলবায়ুৰ পৰিবৰ্তনৰ মাজতে ধনাঢ্য ব্যক্তিৰ সম্পত্তিৰ তালিকাই সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ, আন্তৰ্জাতিক দাতব্য সংস্থা অক্সফামৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰত ফ’ৰ্বছ আলোচনীয়ে তালিকাভুক্ত কৰা ধনাঢ্য লোকৰ তালিকাত আছে টেছলা আৰু স্পেকছেক্সৰ প্ৰতিষ্ঠাপক এলন মাস্ক, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ, গুগুলৰ প্ৰতিষ্ঠাতা লেৰী পেজ আৰু ছেগ্ৰে ব্ৰিন, ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰ’ছ’ফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ, মাইক্ৰ’ছ’ফ্টৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ষ্টিভ বলমাৰ, অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী লেৰী এলিচন, ফৰাচী ফেশ্বন জায়াণ্ট এলভিএমএইচৰ মুৰব্বী বার্নার্ড আর্নল্ট, আমেৰিকান ব্যৱসায়ী ৱাৰেন বাফেট। অক্সফামৰ সংবাদমেলত এইসকল ধনাঢ্য ব্যক্তিৰ সম্পদ ৭০হাজাৰ কোটি আমেৰিকান ডলাৰৰ পৰা বৃদ্ধি হৈ ১.৫ ট্ৰিলিয়ন ডলাৰ হৈছেগৈ বুলি সদৰী কৰিছে। প্ৰতিদিনে তেওঁলোকৰ সম্পদ বৃদ্ধি পাইছে ১৩০কোটি মাৰ্কিন ডলাৰ। এলন মাস্কৰ সম্পদ ১০০ শতাংশ আৰু বিল গেটছৰ ৩০ শতাংশলৈ বৃদ্ধি পাইছে। কৰ’না মহামাৰীৰ সময়ত ধনাঢ্য ব্যক্তিসকলৰ সম্পদ যিদৰে বৃদ্ধি পাইছে বিগত ১৪ বছৰত তেনেদৰে বৃদ্ধি হোৱা নাছিল বুলিও জানিবলৈ পোৱা গৈছে। বিশ্বৰ গোলকীয় অৰ্থনীতি বিপদাপন্ন হোৱা সময়তে ধনাঢ্য ব্যক্তিৰ সম্পদ দুগুণ বৃদ্ধি হোৱা বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু