--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ সময়তে বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনাঢ্য ব্যক্তিৰ সম্পত্তি দুগুণ গৈছেগৈ। কৰ’নাৰ দৰে মাৰন ভাইৰাছবিধে উপদ্ৰৱ চলোৱা সময়ত সমগ্ৰ বিশ্বতে দেখা দিয়া চৰম অস্থিৰতা, দৰিদ্ৰতা, জলবায়ুৰ পৰিবৰ্তনৰ মাজতে ধনাঢ্য ব্যক্তিৰ সম্পত্তিৰ তালিকাই সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ, আন্তৰ্জাতিক দাতব্য সংস্থা অক্সফামৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰত ফ’ৰ্বছ আলোচনীয়ে তালিকাভুক্ত কৰা ধনাঢ্য লোকৰ তালিকাত আছে টেছলা আৰু স্পেকছেক্সৰ প্ৰতিষ্ঠাপক এলন মাস্ক, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ, গুগুলৰ প্ৰতিষ্ঠাতা লেৰী পেজ আৰু ছেগ্ৰে ব্ৰিন, ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ, মাইক্ৰ’ছ’ফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ, মাইক্ৰ’ছ’ফ্টৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ষ্টিভ বলমাৰ, অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী লেৰী এলিচন, ফৰাচী ফেশ্বন জায়াণ্ট এলভিএমএইচৰ মুৰব্বী বার্নার্ড আর্নল্ট, আমেৰিকান ব্যৱসায়ী ৱাৰেন বাফেট। অক্সফামৰ সংবাদমেলত এইসকল ধনাঢ্য ব্যক্তিৰ সম্পদ ৭০হাজাৰ কোটি আমেৰিকান ডলাৰৰ পৰা বৃদ্ধি হৈ ১.৫ ট্ৰিলিয়ন ডলাৰ হৈছেগৈ বুলি সদৰী কৰিছে। প্ৰতিদিনে তেওঁলোকৰ সম্পদ বৃদ্ধি পাইছে ১৩০কোটি মাৰ্কিন ডলাৰ। এলন মাস্কৰ সম্পদ ১০০ শতাংশ আৰু বিল গেটছৰ ৩০ শতাংশলৈ বৃদ্ধি পাইছে। কৰ’না মহামাৰীৰ সময়ত ধনাঢ্য ব্যক্তিসকলৰ সম্পদ যিদৰে বৃদ্ধি পাইছে বিগত ১৪ বছৰত তেনেদৰে বৃদ্ধি হোৱা নাছিল বুলিও জানিবলৈ পোৱা গৈছে। বিশ্বৰ গোলকীয় অৰ্থনীতি বিপদাপন্ন হোৱা সময়তে ধনাঢ্য ব্যক্তিৰ সম্পদ দুগুণ বৃদ্ধি হোৱা বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ