--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যকে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ টেষ্ট-ট্ৰেক-ট্ৰিট-টিকাকৰণ আৰু ক’ভিড উপযুক্ত আচৰণৰ ৫গুণ কৌশলত মনোনিৱেশ কৰি যাবলৈ পৰামৰ্শ দিছে৷

কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰদান কৰৰ অধিসূচনাত কোৱা হৈছে যে, "ক'ভিড-১৯ৰ প্ৰস্তুতি চাবলৈ আমি আৰু এটা মক ড্ৰিল কৰিম। শীঘ্ৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মক ড্ৰিল কৰা হ'ব।" উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি দেশত মুঠ ২২০.৬৫ কোটিৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে।

ভাৰতত ক’ভিড ১৯: কৰ'ণাৰ পৰিস্থিতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিবৃতিটোত কোৱা হৈছে যে, "চিকিৎসালয়ত ভৰ্তি হোৱাৰ কোনো প্ৰমাণ পোৱা নাই। সাৱধানতাৰ মাত্ৰা বৃদ্ধি কৰিব লাগে। সকলো গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী) ৰোগীৰ লেবৰ চোৱাচিতা আৰু পৰীক্ষা বৃদ্ধি কৰাটো প্ৰয়োজন।"

কেৰালাত ক’ভিড-১৯ঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ অধ্যক্ষতাত কৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম কৰাৰ লগে লগে বৈঠক অনুষ্ঠিত কৰি মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয় কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্যসমূহক স্বাস্থ্য সুবিধাসমূহৰ সকলো ঠাইতে ইনফ্লুৱেঞ্জা আৰু ক’ভিড ১৯ৰ বাবে প্ৰয়োজনীয় ঔষধ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ অনুৰোধ জনাই৷ ইয়াৰ উপৰিও ৰাজ্যসমূহক পৰ্যাপ্ত নিৰ্দিষ্ট বিচনা আৰু স্বাস্থ্যকৰ্মীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কথা কোৱা হৈছে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত