--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাবন্দী প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰে বৃহস্পতিবাৰে পুনৰ কয় যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব আৰু কেজৰিৱাল “তিহাৰ ক্লাব”ৰ অংশ হ’ব। এতিয়া বাতিল কৰা সুৰা নীতিৰ অভিযোগত অনিয়মৰ সৈতে কেন্দ্ৰীয় সংস্থাসমূহে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত কেজৰিৱালৰ কাউণ্টডাউন আৰম্ভ হৈছে।

২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত সুকেশক দিল্লীৰ পাটিয়ালা হাউছ আদালতলৈ অনাৰ সময়তে তেওঁ এই মন্তব্য কৰে। প্ৰবঞ্চকজনে আৰু কয় যে, তেওঁ অতি সোনকালে অহা সপ্তাহত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কথা এটা শ্বেয়াৰ কৰিব। 

১০ মাৰ্চত পাটিয়ালা হাউছ আদালতত হাজিৰ হোৱাৰ সময়ত চন্দ্ৰশেখৰে মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰাগাৰত থকা ব্যৱসায়ীজনে কৈছিল যে পৰৱৰ্তী গ্ৰেপ্তাৰ হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী।

২০১৫ চনৰ পৰা আপৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থকা আৰু দলৰ সকলো সদস্যকে উদঙাই দিব বুলিও সুকেশে দাবী কৰে৷

ইয়াৰ পূৰ্বে সুকেশ চন্দ্ৰশেখৰে দিল্লীৰ উপ ৰাজ্যপাললৈ পত্ৰযোগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। সুকেশে কেজৰিৱালক “মহাগুণ্ডা” আখ্যা দি কেজৰিৱালৰ সকলো অন্যায় আৰু শোষণ উদঙাই দিব বুলি কৈছিল। প্ৰবঞ্চকজনে দাবী কৰিছিল যে  চিছ’দিয়াৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰিছিল আৰু আগতে প্ৰতিটো বিভাগীয় কামত কেনেকৈ কমিচন পাইছিল সেই কথা জানিছিল।

ইফালে বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাত সময় ৫ এপ্ৰিললৈ বৃদ্ধি কৰে। কিন্তু ন্যায়িক জিম্মাত থকা সময়ছোৱাত কিছু ধৰ্মীয় আৰু আধ্যাত্মিক গ্ৰন্থ কঢ়িয়াই নিয়াৰ অনুমতি দিবলৈ চিছ’দিয়াই আদালতক আহ্বান জনায়।

আদালতে চিছ’দিয়াক এই সন্দৰ্ভত আবেদন দাখিল কৰিবলৈ কয় আৰু তাৰ পিছতহে চিছ’দিয়াক অনুমতি প্ৰদান কৰিব। জিএনচিটিডিৰ আবকাৰী নীতিৰ ফ্ৰেমৱৰ্ক আৰু ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত চিছ’ডিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

স্মৰ্তব্য যে, চিবিআইয়ে তদন্ত কৰি থকা গোচৰটোৰ সৈতে জড়িত চিছ’দিয়াক তিহাৰ কাৰাগাৰত ইডিয়ে ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement