--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাবন্দী প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰে বৃহস্পতিবাৰে পুনৰ কয় যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব আৰু কেজৰিৱাল “তিহাৰ ক্লাব”ৰ অংশ হ’ব। এতিয়া বাতিল কৰা সুৰা নীতিৰ অভিযোগত অনিয়মৰ সৈতে কেন্দ্ৰীয় সংস্থাসমূহে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত কেজৰিৱালৰ কাউণ্টডাউন আৰম্ভ হৈছে।

২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত সুকেশক দিল্লীৰ পাটিয়ালা হাউছ আদালতলৈ অনাৰ সময়তে তেওঁ এই মন্তব্য কৰে। প্ৰবঞ্চকজনে আৰু কয় যে, তেওঁ অতি সোনকালে অহা সপ্তাহত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কথা এটা শ্বেয়াৰ কৰিব। 

১০ মাৰ্চত পাটিয়ালা হাউছ আদালতত হাজিৰ হোৱাৰ সময়ত চন্দ্ৰশেখৰে মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰাগাৰত থকা ব্যৱসায়ীজনে কৈছিল যে পৰৱৰ্তী গ্ৰেপ্তাৰ হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী।

২০১৫ চনৰ পৰা আপৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থকা আৰু দলৰ সকলো সদস্যকে উদঙাই দিব বুলিও সুকেশে দাবী কৰে৷

ইয়াৰ পূৰ্বে সুকেশ চন্দ্ৰশেখৰে দিল্লীৰ উপ ৰাজ্যপাললৈ পত্ৰযোগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। সুকেশে কেজৰিৱালক “মহাগুণ্ডা” আখ্যা দি কেজৰিৱালৰ সকলো অন্যায় আৰু শোষণ উদঙাই দিব বুলি কৈছিল। প্ৰবঞ্চকজনে দাবী কৰিছিল যে  চিছ’দিয়াৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰিছিল আৰু আগতে প্ৰতিটো বিভাগীয় কামত কেনেকৈ কমিচন পাইছিল সেই কথা জানিছিল।

ইফালে বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাত সময় ৫ এপ্ৰিললৈ বৃদ্ধি কৰে। কিন্তু ন্যায়িক জিম্মাত থকা সময়ছোৱাত কিছু ধৰ্মীয় আৰু আধ্যাত্মিক গ্ৰন্থ কঢ়িয়াই নিয়াৰ অনুমতি দিবলৈ চিছ’দিয়াই আদালতক আহ্বান জনায়।

আদালতে চিছ’দিয়াক এই সন্দৰ্ভত আবেদন দাখিল কৰিবলৈ কয় আৰু তাৰ পিছতহে চিছ’দিয়াক অনুমতি প্ৰদান কৰিব। জিএনচিটিডিৰ আবকাৰী নীতিৰ ফ্ৰেমৱৰ্ক আৰু ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত চিছ’ডিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

স্মৰ্তব্য যে, চিবিআইয়ে তদন্ত কৰি থকা গোচৰটোৰ সৈতে জড়িত চিছ’দিয়াক তিহাৰ কাৰাগাৰত ইডিয়ে ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত