--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্বজুৰি আকৌ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ যাৰবাবে কঠোৰ প্ৰতিবন্ধকতা লগোৱাৰ সময় আহি আছে। জানিব পৰা মতে, তৃতীয় ঢৌ দ্বিতীয় ঢৌতকৈ ভাৰত বেছি সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে। দক্ষিণ আফ্ৰিকাত অ’মিক্ৰনৰ প্ৰথমজন ৰোগীক চিনাক্ত কৰা হৈছিল। আনহাতে ভাৰততো সংক্ৰমিত হৈছে অ’মিক্ৰন। ইতিমধ্যে ১৭০০জনৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছবিধ৷ চিকিৎসাবিজ্ঞানৰ মতে, অ’মিক্ৰনৰ প্ৰভাৱ সামান্য৷ যদিও ইয়াক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিব নোৱাৰি৷

অ’মিক্ৰন লাহে লাহে সমগ্ৰ বিশ্বতেই সংক্ৰমিত হৈ আছে৷ দ্ৰুতগতিত অ’মিক্ৰন বাঢ়িলে আকৌ লকডাউনৰ কৱলত পৰিব সমগ্ৰ বিশ্ব। সেয়েহে ক’ভিডৰ টিকাকৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷ গতিকে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব আৰু ছেনিটাইজেশ্যন পদ্ধতি অনুসৰণ কৰিব লাগিব। নতুন বৰ্ষটো এইসমূহ ক’ভিড প্ৰট’ক’ল মানি চলিলেহে কৰ’না সংক্ৰমণ হ্ৰাস হ’ব৷

অ’মিক্ৰনৰ লক্ষণসমূহ এনেধৰণৰ-

  • মৃদু জ্বৰ
  • ডিঙিৰ বিষ
  • ঠাণ্ডা ভাব
  • হাঁচি
  • শৰীৰত অসহনীয় বিষ
  • ভাগৰ লগা
  • ৰাতি শুই থাকোঁতে ঘাম ওলোৱা
  • বমি আৰু ওকালি অহা
  • খোৱাৰ মন নোহোৱা
  • ছালৰ সংক্ৰমণ ইত্যাদি

অৱশ্যে, যদি সংক্ৰমণকে ধৰি বাকী লক্ষণসমূহ ছালত দেখা দিয়ে, ই ক’ভিড ১৯ৰ লক্ষণ নহ’বও পাৰে। অৱশ্যে সন্দেহ থাকিলে প্ৰথমে ক’ভিড পৰীক্ষা কৰা উচিত। যদি ক’ভিড পৰীক্ষা কৰোতে পজিটিভ বুলি ধৰা পৰে, তেন্তে নিজকে আনৰ পৰা পৃথককৈ ৰাখক। আৰু পজিটিভ বুলি ধৰা পৰিলে অত্যধিক মাত্ৰাত টোপনি যাবলৈ চেষ্টা কৰক৷ লগতে খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰক৷ আৰু অধিক প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰক৷ যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক