--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী অস্থিৰতাৰ মাজতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েডুৰাপ্পাই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে হিজাব আৰু হালালৰ সৈতে জড়িত বিতৰ্ক অপ্ৰয়োজনীয়। নিৰ্বাচন ঘোষণাৰ পূৰ্বে এই দুয়োটা বিষয়তে ৰাজ্যত ব্যাপক বিতৰ্ক চলিছিল। য়েডিয়ুৰাপ্পাই কয় যে হিন্দু আৰু মুছলমানে মিলাপ্ৰীতিৰে জীয়াই থাকিব লাগে।হিজাব আৰু হালালৰ বিষয়টো দলে কেনেদৰে চম্ভালিলে সেই প্ৰশ্নত য়েডুৰাপ্পাই  দ্য ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত কয় যে, ‘মই এনেবোৰ কথা সমৰ্থন কৰিবলৈ যোৱা নাই। এই স্থিতি মই আৰম্ভণিৰে পৰাই লৈছো। এইবোৰ আছিল এনেকুৱা বিষয় যিবোৰৰ প্ৰয়োজন নাছিল। এনেবোৰ কথা মই সমৰ্থন নকৰো।"

যি সময়ত ১০ মে’ত কৰ্ণাটকত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, সেই সময়তে য়েডুৰাপ্পাই  এই মন্তব্য কৰিছে। দৰাচলতে কৰ্ণাটকৰ কলেজ চৌহদত হিজাব পৰিধান কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বিজেপি বিধায়ক যশপাল সুৱৰ্ণই মাত মাতিছিল আৰু বিষয়টো উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল।যোৱা বছৰ সোঁপন্থী গোটসমূহেও কৰ্ণাটকৰ নৱবৰ্ষ উগাদী উৎসৱৰ পিছত মুছলমান দোকানীসকলক মন্দিৰৰ উৎসৱত অংশগ্ৰহণ আৰু হিন্দু হালাল মাংস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। তেতিয়াৰ বিজেপিৰ সাধাৰণ সম্পাদক চিটি ৰবিকে ধৰি দল আৰু বিষয়ববীয়াই “অৰ্থনৈতিক জেহাদ” প্ৰতিহত কৰাৰ ব্যৱস্থাক সমৰ্থন কৰে। ইয়াৰ পিছত বিৰোধীয়ে কয় যে ভোটাৰক মেৰুকৰণৰ বাবে বিভাজনমূলক ৰাজনীতি ব্যৱহাৰ কৰাৰ এয়া বিজেপিৰ আন এক প্ৰয়াস।

মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইয়ে নিমন্ত্ৰণৰ পিছতো গীৰ্জাৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সন্দৰ্ভত য়েডুৰাপ্পাই কয়, ‘মই আগতে খ্ৰীষ্টান আৰু মুছলমানৰ অনুষ্ঠানত উপস্থিত আছিলো। আনকি অন্যান্য সামূহিক অনুষ্ঠানো। বোমাইও আগতে গৈছিল। যদি তেওঁ তেওঁলোকক নিমন্ত্ৰণ কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ বাবে যোৱা উচিত আছিল। আমি এনেধৰণৰ কাৰ্যসূচীক অধিক গুৰুত্ব দিয়া উচিত। এনেধৰণৰ অনুষ্ঠানলৈ যাব লাগে।বিজেপি সংসদীয় ব’ৰ্ডৰ সদস্য য়েডিউৰাপ্পা (৮০) নিৰ্বাচনী ৰাজনীতিৰ বাহিৰত। ৰাজ্যিক ইউনিটত চলি থকা বিদ্ৰোহক তেওঁ কম গুৰুত্ব দিছিল। তেওঁ কয়, "বিদ্ৰোহৰ কোনো প্ৰভাৱ বিজেপিত হ'ব নোৱাৰে। কিছুমান সমষ্টিত তেওঁলোকৰ (বিদ্ৰোহী) প্ৰস্থানে কোনো পাৰ্থক্য আনিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা দলত কোনো প্ৰভাৱ নপৰে।"

বিজেপিৰ প্ৰবীণ নেতা তথা ৰাজ্যৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ নিশ্চিতভাৱে বিচাৰে যে তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰ বিজেপিৰ প্ৰাৰ্থী আৰু শিকাৰিপুৰাত তেওঁৰ উত্তৰাধিকাৰী হওক। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা, তেওঁৰ নিজৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি আৰু সমাজ কল্যাণমূলক পদক্ষেপৰ লগতে বোমাই চৰকাৰৰ ব্যৱস্থাই বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ