--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱা আৰক্ষীয়ে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জাননী জাৰি কৰি ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজহুৱা সম্পত্তিত অবৈধভাৱে পোষ্টাৰ লগোৱা সম্পৰ্কীয় গোচৰত ২৭ এপ্ৰিলত তেওঁক হাজিৰ হ’বলৈ কয়।

পেৰনেম থানাৰ পৰিদৰ্শক দিলীপকুমাৰ হালাৰ্ণকাৰে আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ফৌজদাৰী বিধি আইনৰ ৪১ (এ) ধাৰাত জাৰি কৰিছে এই জাননী।এই ধাৰাটোৰ অধীনত আৰক্ষীয়ে কোনো ব্যক্তিক তদন্তৰ বাবে মাতিব পাৰে যদিহে কোনো ব্যক্তিয়ে অপৰাধ সংঘটিত কৰাৰ "যুক্তিসংগত" অভিযোগ বা সন্দেহ থাকে।

জাননীখনত কোৱা হৈছে যে" সম্পত্তিৰ বিকৃতি সম্পৰ্কীয় গোচৰৰ তদন্তৰ সময়ত পোহৰলৈ আহিছে যে বৰ্তমানৰ তদন্তৰ সম্পৰ্কত আপোনাৰ পৰা তথ্য আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ আপোনাক প্ৰশ্ন কৰাৰ যুক্তিসংগত ভিত্তি আছে।"

২৭ এপ্ৰিলৰ পুৱা ১১ বজাত কেজৰিৱালে পাৰ্নেম আৰক্ষী থানাত হাজিৰ হ’ব লাগে বুলি জানিব পৰা গৈছে।আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, বিধানসভাৰ প্ৰচাৰৰ সময়ত ৰাজহুৱা দেৱালত নিৰ্বাচনী পোষ্টাৰ আঁকোৱালি লোৱাৰ অভিযোগত গোৱা প্ৰিভেনচন অৱ প্ৰপাৰ্টি ডিফেচমেণ্ট এক্টৰ অধীনত পঞ্জীয়ন কৰা আপৰ বিৰুদ্ধে পৰ্নেম আৰক্ষীয়ে এক গোচৰৰ তদন্ত চলাই আছে।

বিজেপি শাসিত ৰাজ্যখনত ২০২২ চনৰ নিৰ্বাচনত আপে দুখন আসন লাভ কৰিছিল।

পৰিদৰ্শক হালাৰ্ণকাৰে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত পাৰ্নেম আৰক্ষীয়ে আপ গোৱাৰ মুৰব্বী অমিত পালেকাৰক মাতি আনিছিল যদিও তেওঁ হাজিৰ হোৱাত ব্যৰ্থ হয়।যোগাযোগ কৰাত পালেকাৰে কোনো চমন পোৱা নাই বুলি দাবী কৰে। আজিৰ পৰা পাঁচ দিনৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰিম বুলিও তেওঁ লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু