--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। কালি নিশা ৰাজ্যখনৰ বাৰাবাংকী জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হয় ১৮জনকৈ শ্ৰমিকৰ। নিয়ন্ত্ৰণ হেৰুওৱা এখন ট্ৰাকে এই শ্ৰমিককেইজনক মহতীয়াই নিয়াৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। এই শ্ৰমিককেইজনে পথৰ ওপৰতে এখন বাছৰ সন্মুখত নিশা শুই আছিল। এই বাছখনতে তেওঁলোকে ভ্ৰমণ কৰি আছিল আৰু নিশা বাৰাবাংকীত বাছখন বেয়া হোৱাত তাৰ সন্মুখতে তেওঁলোক শুই পৰে।

সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে বাছখনত খুন্দা মাৰে আৰু ট্ৰাকৰ খুন্দাত বাছখন শুই থকা শ্ৰমিককেইজনৰ ওপৰেৰে পাৰ হৈ যায়। শ্ৰমিককেইজন বিহাৰৰ বুলি জানিব পৰা গৈছে। তেওঁলোক পঞ্জাব, হাৰিয়ানাৰ পৰা গৃহাভিমুখে বাছখনেৰে যাত্ৰা কৰিছিল। ৰাজ্যখনৰ ৰাজধানী লক্ষৌৰ পৰা ২৮ কিলোমিটাৰ আঁতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাছখনৰ বিজুতি ঘটি বন্ধ হৈ পৰে। এই শোকাৱহ দুৰ্ঘটনাত আহত শ্ৰমিকসকলক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথেৰে ফোনত কথা পাতি আহতসকলৰ চিকিৎসাৰ সঠিক ব্যৱস্থা কৰাৰ বাবে আহ্বান জনোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে, বাছখনত প্ৰায় ১৩০জন আৰোহী আছিল। নিশা আঠমান বজাত যান্ত্ৰিক বিজুতিৰ বাবে বাছখন বন্ধ হৈ পৰে। নিশালৈ একাংশ বাছ আৰোহীয়ে পথতে শুই পৰাৰ লগতে একাংশই খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে নিশা প্ৰায় ১১বজাত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু