--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। কালি নিশা ৰাজ্যখনৰ বাৰাবাংকী জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হয় ১৮জনকৈ শ্ৰমিকৰ। নিয়ন্ত্ৰণ হেৰুওৱা এখন ট্ৰাকে এই শ্ৰমিককেইজনক মহতীয়াই নিয়াৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। এই শ্ৰমিককেইজনে পথৰ ওপৰতে এখন বাছৰ সন্মুখত নিশা শুই আছিল। এই বাছখনতে তেওঁলোকে ভ্ৰমণ কৰি আছিল আৰু নিশা বাৰাবাংকীত বাছখন বেয়া হোৱাত তাৰ সন্মুখতে তেওঁলোক শুই পৰে।

সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে বাছখনত খুন্দা মাৰে আৰু ট্ৰাকৰ খুন্দাত বাছখন শুই থকা শ্ৰমিককেইজনৰ ওপৰেৰে পাৰ হৈ যায়। শ্ৰমিককেইজন বিহাৰৰ বুলি জানিব পৰা গৈছে। তেওঁলোক পঞ্জাব, হাৰিয়ানাৰ পৰা গৃহাভিমুখে বাছখনেৰে যাত্ৰা কৰিছিল। ৰাজ্যখনৰ ৰাজধানী লক্ষৌৰ পৰা ২৮ কিলোমিটাৰ আঁতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাছখনৰ বিজুতি ঘটি বন্ধ হৈ পৰে। এই শোকাৱহ দুৰ্ঘটনাত আহত শ্ৰমিকসকলক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথেৰে ফোনত কথা পাতি আহতসকলৰ চিকিৎসাৰ সঠিক ব্যৱস্থা কৰাৰ বাবে আহ্বান জনোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে, বাছখনত প্ৰায় ১৩০জন আৰোহী আছিল। নিশা আঠমান বজাত যান্ত্ৰিক বিজুতিৰ বাবে বাছখন বন্ধ হৈ পৰে। নিশালৈ একাংশ বাছ আৰোহীয়ে পথতে শুই পৰাৰ লগতে একাংশই খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে নিশা প্ৰায় ১১বজাত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ