--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী কৰ্ণাটকত আজি এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম ঘটিছিল যদিও সৌভাগ্যবশতঃ হেলিকপ্টাৰ খনে জৰুৰী অৱতৰণ কৰিবলৈ সক্ষম হয়৷ কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ সময়তে এটা চৰায়ে হেলিকপ্টাৰ খনত খুন্দা মাৰে৷  ফলত  হেলিকপ্টাৰ খনৰ উইণ্ডশ্বিল্ড ভাগি যায়। 

এনে অঘটনৰ পিছতে পাইলটজনে হেলিকপ্টাৰ খন  জৰুৰীভাবে  অৱতৰণ কৰিবলৈ বাধ্য হয়৷ 
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি  মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত হেলিকপ্টাৰখনে জাক্কুৰৰ পৰা উৰা মাৰিছিল। কিন্তু মাজ আকাশতে হেলিকপ্টাৰ খনে  এটা চৰাইৰ সৈতেখুন্দা খায়। ঘটনাটো কোলাৰৰ ওচৰৰ মুলবাগিলুত সংঘটিত হয়। 

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, হেলিকপ্টাৰখনত এটা  ঈগলে খুন্দা মাৰিছিল৷ কিন্তু সৌভাগ্যক্ৰমে  কংগ্ৰেছ নেতা শিৱকুমাৰ আৰু হেলিকপ্টাৰৰ পাইলট জনৰ কথমপি প্ৰাণৰক্ষা পৰে৷ 
হেলিকপ্টাৰ খনে জৰুৰী অৱতৰণ কৰাৰ পিছতে শিৱকুমাৰে নিৰ্বাচনী জনসভালৈ ৰাওনা হয়। ৰাজ্যিক কংগ্ৰেছৰ সূত্ৰই কৈছে  যে শিৱকুমাৰ আৰু হেলিকপ্টাৰত থকা সকলো লোক সুৰক্ষিত হৈ আছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ