--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী কৰ্ণাটকত আজি এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম ঘটিছিল যদিও সৌভাগ্যবশতঃ হেলিকপ্টাৰ খনে জৰুৰী অৱতৰণ কৰিবলৈ সক্ষম হয়৷ কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ সময়তে এটা চৰায়ে হেলিকপ্টাৰ খনত খুন্দা মাৰে৷  ফলত  হেলিকপ্টাৰ খনৰ উইণ্ডশ্বিল্ড ভাগি যায়। 

এনে অঘটনৰ পিছতে পাইলটজনে হেলিকপ্টাৰ খন  জৰুৰীভাবে  অৱতৰণ কৰিবলৈ বাধ্য হয়৷ 
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি  মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত হেলিকপ্টাৰখনে জাক্কুৰৰ পৰা উৰা মাৰিছিল। কিন্তু মাজ আকাশতে হেলিকপ্টাৰ খনে  এটা চৰাইৰ সৈতেখুন্দা খায়। ঘটনাটো কোলাৰৰ ওচৰৰ মুলবাগিলুত সংঘটিত হয়। 

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, হেলিকপ্টাৰখনত এটা  ঈগলে খুন্দা মাৰিছিল৷ কিন্তু সৌভাগ্যক্ৰমে  কংগ্ৰেছ নেতা শিৱকুমাৰ আৰু হেলিকপ্টাৰৰ পাইলট জনৰ কথমপি প্ৰাণৰক্ষা পৰে৷ 
হেলিকপ্টাৰ খনে জৰুৰী অৱতৰণ কৰাৰ পিছতে শিৱকুমাৰে নিৰ্বাচনী জনসভালৈ ৰাওনা হয়। ৰাজ্যিক কংগ্ৰেছৰ সূত্ৰই কৈছে  যে শিৱকুমাৰ আৰু হেলিকপ্টাৰত থকা সকলো লোক সুৰক্ষিত হৈ আছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে