--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত হিজাব বিতৰ্ক পুনৰ আৰম্ভ হৈছে। এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে হিজাব পিন্ধা এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধাৰ প্ৰতিবাদ স্বৰূপে একাশ ছাত্ৰীয়ে  গেৰুৱা স্কার্ফ  পিন্ধি মহাবিদ্যালয়লৈ আহে। ঘটনাটোৱে দুবছৰ পূৰ্বে  কৰ্ণাটকত সংঘটিত  হিজাব বিতৰ্কৰ  স্মৃতি পুনৰ জগাই তুলিছে। 

২০২২ চনত  তদানীন্তন বিজেপি চৰকাৰে কৰ্ণাটকৰ সকলো শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিছিল। কিন্তু কেইদিনমানৰ ভিতৰতে  কেইগৰাকীমান  মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই নিষেধাজ্ঞা অস্বীকাৰ কৰি হিজাব পিন্ধিবলৈ আৰম্ভ কৰে। তাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। । শেহতীয়াকৈ ৰাজ্য খনৰ  হাছানৰ বিদ্যা সৌধ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়েও হিজাব পিন্ধি আহিছিল। অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে  যে ছাত্ৰীগৰাকীয়ে হিজাব নহয়, মূৰত  কাপোৰ মেৰিয়াই মহাবিদ্যালয়লৈ আহিছিল। কিয়নো তেওঁৰ কাণত সমস্যা হৈছিল, তেওঁ কাণ ঢাকিবলগীয়া হৈছিল।
 
অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে এই বিষয়ত  কথা পাতিছে।ছাত্ৰীগৰাকীয়ে  আশ্বাস দিছে  যে তেওঁ  অনাগত দিনত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ নাহিব। কিন্তু তেতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ এটা দলে মহাবিদ্যালয়খনত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। একাংশ ছাত্ৰীয়ে  মূৰত গেৰুৱা ৰঙৰ স্কাৰ্ফ  মেৰিয়াই কলেজলৈ আহিবলৈ আৰম্ভ কৰিলে। 

দুবছৰ আগতে, কৰ্ণাটকত  বিজেপি চৰকাৰ থকাৰ  সময়ত  মুখ্যমন্ত্ৰী বি এছ বোম্মাইয়ে  শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিছিল। ইয়াকে লৈ বহু হুলস্থুল হৈছিল।  বিতৰ্কটো সমগ্ৰ দেশতে বিয়পি পৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ত চৰকাৰৰ  নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰা হৈছিল। গোচৰটো পিছলৈ  উচ্চতম ন্যায়ালয় গৈ পাইছিল।  উচ্চ ন্যায়ালয়ৰ আদেশটো বাহাল ৰাখি উচ্চতম ন্যায়ালয়েও শিক্ষানুষ্ঠানত হিজাব নিপিন্ধিবলৈ কৈছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ