--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত হিজাব বিতৰ্ক পুনৰ আৰম্ভ হৈছে। এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে হিজাব পিন্ধা এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধাৰ প্ৰতিবাদ স্বৰূপে একাশ ছাত্ৰীয়ে  গেৰুৱা স্কার্ফ  পিন্ধি মহাবিদ্যালয়লৈ আহে। ঘটনাটোৱে দুবছৰ পূৰ্বে  কৰ্ণাটকত সংঘটিত  হিজাব বিতৰ্কৰ  স্মৃতি পুনৰ জগাই তুলিছে। 

২০২২ চনত  তদানীন্তন বিজেপি চৰকাৰে কৰ্ণাটকৰ সকলো শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিছিল। কিন্তু কেইদিনমানৰ ভিতৰতে  কেইগৰাকীমান  মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই নিষেধাজ্ঞা অস্বীকাৰ কৰি হিজাব পিন্ধিবলৈ আৰম্ভ কৰে। তাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। । শেহতীয়াকৈ ৰাজ্য খনৰ  হাছানৰ বিদ্যা সৌধ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়েও হিজাব পিন্ধি আহিছিল। অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে  যে ছাত্ৰীগৰাকীয়ে হিজাব নহয়, মূৰত  কাপোৰ মেৰিয়াই মহাবিদ্যালয়লৈ আহিছিল। কিয়নো তেওঁৰ কাণত সমস্যা হৈছিল, তেওঁ কাণ ঢাকিবলগীয়া হৈছিল।
 
অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে এই বিষয়ত  কথা পাতিছে।ছাত্ৰীগৰাকীয়ে  আশ্বাস দিছে  যে তেওঁ  অনাগত দিনত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ নাহিব। কিন্তু তেতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ এটা দলে মহাবিদ্যালয়খনত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। একাংশ ছাত্ৰীয়ে  মূৰত গেৰুৱা ৰঙৰ স্কাৰ্ফ  মেৰিয়াই কলেজলৈ আহিবলৈ আৰম্ভ কৰিলে। 

দুবছৰ আগতে, কৰ্ণাটকত  বিজেপি চৰকাৰ থকাৰ  সময়ত  মুখ্যমন্ত্ৰী বি এছ বোম্মাইয়ে  শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিছিল। ইয়াকে লৈ বহু হুলস্থুল হৈছিল।  বিতৰ্কটো সমগ্ৰ দেশতে বিয়পি পৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ত চৰকাৰৰ  নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰা হৈছিল। গোচৰটো পিছলৈ  উচ্চতম ন্যায়ালয় গৈ পাইছিল।  উচ্চ ন্যায়ালয়ৰ আদেশটো বাহাল ৰাখি উচ্চতম ন্যায়ালয়েও শিক্ষানুষ্ঠানত হিজাব নিপিন্ধিবলৈ কৈছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু