--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চৰ এখন বেঞ্চত উদ্ধাৰ এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ। মৃতদেহটোৰ ওচৰত চিৰিঞ্জ পৰি থকা দেখি আৰক্ষীয়ে আত্মহত্যা কৰি চিকিৎসকগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

চিকিৎসকগৰাকীৰ নাম বৈশালী যোশী।

আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল বৈশালী। তেওঁৰ বেগত ১৫ পৃষ্ঠাৰ এখন ছুইচাইড নোটো উদ্ধাৰ হৈছে।

ভি কে খাছাৰ নামৰ অপৰাধ শাখাৰ এজন আৰক্ষী পৰিদৰ্শকৰ নাম উল্লেখ আছে ছুইচাইড নোটত।  তেওঁৰ বাবেই হতাশাত ভুগি আত্মহত্যা কৰা বুলি লিখি থৈ গৈছে বৈশালীয়ে।

তদন্তকাৰী বিষয়া এচিপি হীৰেন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, বিগত চাৰি-পাঁচ বছৰ ধৰি অৰ্থনৈতিক অপৰাধ বিৰোধী শাখাত কৰ্মৰত ভি কে খাছাৰৰ সৈতে বৈশালীৰ প্ৰেমৰ সম্পৰ্ক আছিল। 

যোৱা কেইমাহমানৰ পৰা তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিছিল আৰু বৈশালী হতাশগ্ৰস্ত হৈ পৰিছিল।

ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ ই অ’ ডব্লিউৰ কাৰ্যালয়ৰ বাহিৰৰ বেঞ্চত উদ্ধাৰ হয় বৈশালী যোশীৰ মৃতদেহ।

গাইকৱাদ হাভেলী আৰক্ষীয়ে চিকিৎসকগৰাকীৰ মৃত্যুৰ সৈতে জড়িত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ