--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চৰ এখন বেঞ্চত উদ্ধাৰ এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ। মৃতদেহটোৰ ওচৰত চিৰিঞ্জ পৰি থকা দেখি আৰক্ষীয়ে আত্মহত্যা কৰি চিকিৎসকগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

চিকিৎসকগৰাকীৰ নাম বৈশালী যোশী।

আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল বৈশালী। তেওঁৰ বেগত ১৫ পৃষ্ঠাৰ এখন ছুইচাইড নোটো উদ্ধাৰ হৈছে।

ভি কে খাছাৰ নামৰ অপৰাধ শাখাৰ এজন আৰক্ষী পৰিদৰ্শকৰ নাম উল্লেখ আছে ছুইচাইড নোটত।  তেওঁৰ বাবেই হতাশাত ভুগি আত্মহত্যা কৰা বুলি লিখি থৈ গৈছে বৈশালীয়ে।

তদন্তকাৰী বিষয়া এচিপি হীৰেন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, বিগত চাৰি-পাঁচ বছৰ ধৰি অৰ্থনৈতিক অপৰাধ বিৰোধী শাখাত কৰ্মৰত ভি কে খাছাৰৰ সৈতে বৈশালীৰ প্ৰেমৰ সম্পৰ্ক আছিল। 

যোৱা কেইমাহমানৰ পৰা তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিছিল আৰু বৈশালী হতাশগ্ৰস্ত হৈ পৰিছিল।

ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ ই অ’ ডব্লিউৰ কাৰ্যালয়ৰ বাহিৰৰ বেঞ্চত উদ্ধাৰ হয় বৈশালী যোশীৰ মৃতদেহ।

গাইকৱাদ হাভেলী আৰক্ষীয়ে চিকিৎসকগৰাকীৰ মৃত্যুৰ সৈতে জড়িত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু