--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ডমৰ ব্যৱহাৰ কমিছে পুৰুষৰ মাজত। ফলস্বৰূপে বাঢ়িছে গন’ৰিয়া আৰু চিফিলিছৰ দৰে ব্যাধিৰ। বিনা কণ্ডমেৰে যৌনসম্ভোগত লিপ্ত হোৱাৰ ফলতে এই ব্যাধি বৃদ্ধি পাইছে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় সংবাদ পত্ৰ ৱাশ্চিংটন প’ষ্টৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে। প্ৰতিবেদনখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱ পৰিসেৱা দপ্তৰৰ এটা সমীক্ষা উল্লেখ কৰা হৈছে।

সমীক্ষাটোত কোৱা হৈছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে পুৰুষৰ মাজত কণ্ডমৰ ব্যৱহাৰৰ হাৰ ৩৩ শতাংশ কমিছে। ২০১১ চনত ৭৫ শতাংশ পুৰুষে কণ্ডম ব্যৱহাৰ কৰিছিল। সমীক্ষা অনুযায়ী, ২০২১ চনত মাত্ৰ ৪২ শতাংশ পুৰুষেহে কণ্ডম ব্যৱহাৰ কৰিছিল।

চিকিৎসকসকলৰ মতে, বিনা কণ্ডমেৰে যৌনসম্ভোগ কৰাৰ ফলত চিফিলিছ, গন’ৰিয়া, বন্ধ্যাত্ব, অংগক্ষতি আনকি মৃত্যু পৰ্যান্ত হ’ব পাৰে। ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এইসমূহ ৰোগত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ২৫ লাখ। আনকি ২০২১ চনত ২,৬১১ টি শিশুৱে মাতৃগৰ্ভতে চিফিলিছ ৰোগত আক্ৰান্ত হৈছে। ২০২০ চনত প্ৰায় ১৩৯টি শিশুৰ মৃত্যুও হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক