--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণী অতি পুষ্টিকৰ আহাৰ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে যে সপ্তাহত কমেও চাৰিটা কণী খালে ভাল। কণীয়ে দেহত নানান ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰাৰ লগতে নানান ৰোগৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে৷ কণী হৈছে প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু  ই কলেষ্টৰেল মুক্ত। কণীৰ বগা অংশটোত থাকে এলবুমিন৷ ই আমাৰ লিভাৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷

কণীৰ বগা অংশ খালে মানুহে এনেবোৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈ থাকিব পাৰিব৷ জানো আহকচোন কণীৰ বগা অংশৰ গুণ কিমান

কণীৰ বগা অংশত প্ৰচুৰ  কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে৷ ই  হৃৎপিণ্ডক সুস্থ ৰখাটো   সহায় কৰে।

*উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমানে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ প্ৰয়োজনো পূৰণ হয়। মূৰ ঘুৰোৱা বা ক্লান্তি অনুভৱ কৰিলে  দিনে এটাকৈ কণী খাবলৈ খাদ্য বিশেষজ্ঞসকলে পৰমাৰ্শ দি আহিছে। কণীত থকা মেগনাছিয়াম আৰু মেংগানিজে ক্লান্তি দূৰ কৰাত সহায় কৰে৷

কণীৰ বগা অংশই শৰীৰৰ পেশীসমূহ মজবুত কৰি তোলাত সহায়  কৰে। 

কণীৰ বগা অংশই ছাল কোঁচ খাই পৰা, ছালৰ তেলেতীয়া ভাব দূৰ কৰাৰ লগতে  শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে৷ কণীৰ ইমানবোৰ গুণ থাকিও পিছে এদিনত বহু কেইটা কণী খোৱাটো ভাল নহয় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি