--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণী অতি পুষ্টিকৰ আহাৰ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে যে সপ্তাহত কমেও চাৰিটা কণী খালে ভাল। কণীয়ে দেহত নানান ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰাৰ লগতে নানান ৰোগৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে৷ কণী হৈছে প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু  ই কলেষ্টৰেল মুক্ত। কণীৰ বগা অংশটোত থাকে এলবুমিন৷ ই আমাৰ লিভাৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷

কণীৰ বগা অংশ খালে মানুহে এনেবোৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈ থাকিব পাৰিব৷ জানো আহকচোন কণীৰ বগা অংশৰ গুণ কিমান

কণীৰ বগা অংশত প্ৰচুৰ  কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে৷ ই  হৃৎপিণ্ডক সুস্থ ৰখাটো   সহায় কৰে।

*উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমানে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ প্ৰয়োজনো পূৰণ হয়। মূৰ ঘুৰোৱা বা ক্লান্তি অনুভৱ কৰিলে  দিনে এটাকৈ কণী খাবলৈ খাদ্য বিশেষজ্ঞসকলে পৰমাৰ্শ দি আহিছে। কণীত থকা মেগনাছিয়াম আৰু মেংগানিজে ক্লান্তি দূৰ কৰাত সহায় কৰে৷

কণীৰ বগা অংশই শৰীৰৰ পেশীসমূহ মজবুত কৰি তোলাত সহায়  কৰে। 

কণীৰ বগা অংশই ছাল কোঁচ খাই পৰা, ছালৰ তেলেতীয়া ভাব দূৰ কৰাৰ লগতে  শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে৷ কণীৰ ইমানবোৰ গুণ থাকিও পিছে এদিনত বহু কেইটা কণী খোৱাটো ভাল নহয় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ