--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বাওফালে কাটি হৈ শোৱে নেকি? যদি তেনেদৰে শোৱে তেন্তে এয়া অতি ভাল কথা।  বহুতেই সোঁফালে অথবা বাওঁফালে কাটি হৈ শুৱে। আনহাতে বহুতে বুকু পেলাই তলমুৱা কৰি শুৱে। এয়া  অতি বিপজ্জনক কথা । তেনেদৰে শুলে আমাৰ হৃদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ফলত  বিপদ ঘটিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বাওঁফালে কাটি হৈ শোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বাঁওফালে কাটি  হৈ শোৱাটো হৈছে স্বাস্থ্যসন্মত শোৱাৰ এক ভংগী।আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে আৰু মাধ্যাকৰ্ষণিক বলে হৃদপিণ্ডত ৰক্ত সঞ্চালনত সহায় কৰে । স্বাস্থ্য বিজ্ঞানীসকলৰ মতে যিহেতু সেয়ে বাওঁফালে কাটি হৈ শুলে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ ভালে খিনি কমকৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডত তেজৰ চলাচল সুচল হৈ থাকে।

বাওঁফালে কাটি হৈ শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভ বা আইচিভিৰ মাজেৰে সহজে পাৰ হৈ যোৱাত সহায় হয়। ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা আমি ভালে খিনি হাত সাৰি থাকিব পাৰি।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গৰ্ভৱতী মহিলাসকলে পৰাপক্ষত বাঁওফালে কাটি হৈ শোৱাটো ভাল। এনে কৰিলে গৰ্ভৱতী মহিলাৰ ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্তৰ সঞ্চালন সুন্দৰ ভাবে হৈ থাকিব পাৰে। বাওঁফালে কাটি কৰি শোৱাটো অধিক আৰামদায়ক কৰি তোলাৰ বাবে আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰুও ল'ব পাৰি।

প্লীহাই আমাৰ শৰীৰৰ তেজ শোধন কৰাত  ভূমিকা গ্ৰহণ কৰে। বাঁওফালে কাটি কৰি শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালন সূচল কৰি ৰখাত সহায় কৰে।

বাঁওফালে কাটি হৈ শোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰটো হ'ল ডিঙি আৰু পিঠিৰ বিষৰ পৰা সকাহ পোৱা। আপুনি যদি ডিঙি আৰু পিঠিৰ বিষত ভুগি আছে তেন্তে বাওঁফালে কাটি কৰি শুই চাওঁকচোন। এনে কৰিলে বিষৰ পৰা কিমান আৰাম পোৱা যায় সেয়া নিজেই অনুভৱ কৰিব পাৰিব। স্বাস্থ্য বিজ্ঞানৰ মতে বাওঁফালে কাটি হৈ শোৱাটো বৃক্ক আৰু যকৃতৰ বাবে উপকাৰী। পিত্তৰোগ, বুকু জ্বলা-পোৰা কৰা মগজুক শান্ত কৰি ৰখা আদি ভাল ফল বোৰতো আছেই।

বাওঁফালে কাটি কৰি শোৱা লোকসকল পাৰ্কিনছন’ছ আৰু আলঝাইমাৰ আদি ৰোগত সহজে আক্ৰান্ত নহয় বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি