--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বাওফালে কাটি হৈ শোৱে নেকি? যদি তেনেদৰে শোৱে তেন্তে এয়া অতি ভাল কথা।  বহুতেই সোঁফালে অথবা বাওঁফালে কাটি হৈ শুৱে। আনহাতে বহুতে বুকু পেলাই তলমুৱা কৰি শুৱে। এয়া  অতি বিপজ্জনক কথা । তেনেদৰে শুলে আমাৰ হৃদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ফলত  বিপদ ঘটিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বাওঁফালে কাটি হৈ শোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বাঁওফালে কাটি  হৈ শোৱাটো হৈছে স্বাস্থ্যসন্মত শোৱাৰ এক ভংগী।আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে আৰু মাধ্যাকৰ্ষণিক বলে হৃদপিণ্ডত ৰক্ত সঞ্চালনত সহায় কৰে । স্বাস্থ্য বিজ্ঞানীসকলৰ মতে যিহেতু সেয়ে বাওঁফালে কাটি হৈ শুলে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ ভালে খিনি কমকৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডত তেজৰ চলাচল সুচল হৈ থাকে।

বাওঁফালে কাটি হৈ শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভ বা আইচিভিৰ মাজেৰে সহজে পাৰ হৈ যোৱাত সহায় হয়। ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা আমি ভালে খিনি হাত সাৰি থাকিব পাৰি।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গৰ্ভৱতী মহিলাসকলে পৰাপক্ষত বাঁওফালে কাটি হৈ শোৱাটো ভাল। এনে কৰিলে গৰ্ভৱতী মহিলাৰ ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্তৰ সঞ্চালন সুন্দৰ ভাবে হৈ থাকিব পাৰে। বাওঁফালে কাটি কৰি শোৱাটো অধিক আৰামদায়ক কৰি তোলাৰ বাবে আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰুও ল'ব পাৰি।

প্লীহাই আমাৰ শৰীৰৰ তেজ শোধন কৰাত  ভূমিকা গ্ৰহণ কৰে। বাঁওফালে কাটি কৰি শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালন সূচল কৰি ৰখাত সহায় কৰে।

বাঁওফালে কাটি হৈ শোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰটো হ'ল ডিঙি আৰু পিঠিৰ বিষৰ পৰা সকাহ পোৱা। আপুনি যদি ডিঙি আৰু পিঠিৰ বিষত ভুগি আছে তেন্তে বাওঁফালে কাটি কৰি শুই চাওঁকচোন। এনে কৰিলে বিষৰ পৰা কিমান আৰাম পোৱা যায় সেয়া নিজেই অনুভৱ কৰিব পাৰিব। স্বাস্থ্য বিজ্ঞানৰ মতে বাওঁফালে কাটি হৈ শোৱাটো বৃক্ক আৰু যকৃতৰ বাবে উপকাৰী। পিত্তৰোগ, বুকু জ্বলা-পোৰা কৰা মগজুক শান্ত কৰি ৰখা আদি ভাল ফল বোৰতো আছেই।

বাওঁফালে কাটি কৰি শোৱা লোকসকল পাৰ্কিনছন’ছ আৰু আলঝাইমাৰ আদি ৰোগত সহজে আক্ৰান্ত নহয় বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব