--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণীয়ে শৰীৰৰ ভিতৰৰ বিভিন্ন শাৰীৰিক জটিলতা বোৰ দ্ৰুততাৰে সমাধান কৰে। যিসকলে কণী খাবলৈ ভাল পায়, তেওঁলোকে এদিনত ৩-৪ টা কণীও খায়। এদিনত কিমানটা কণী খোৱাটো স্বাস্থ্যকৰ? 

পুষ্টিবিদসকলৰ মতে, কণীৰ প্ৰতি বহু মানুহৰ প্ৰেমৰ কাৰণ কেৱল সোৱাদ নহয়, লগতে কণীটোৰ পুষ্টিগত মূল্যও ইয়াৰ আঁৰত লুকাই আছে। ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰালৈকে - কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰ'টিনৰ উপৰি কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। 

যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন  জটিলতা দূৰ কৰাত সহায় কৰিব পাৰে।
কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ। কিন্তু বহুত বেছি  কণী সঁচাকৈয়ে এদিনত খাব পাৰিনে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে।

পুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা  'এভিডিন' নামৰ গ্লাইকোপ্ৰ'টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও প্ৰভাৱাম্বিত কৰিব পাৰে।

 বায়োটিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে  কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল।
যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ’ব পাৰে  'সিজোৱা কণী'। পুষ্টিবিদসকলৰ মতে  যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি  কণী খোৱাটো উচিত নহয়।

কিমানটা কণী স্বাস্থ্যৰ বাবে সুৰক্ষিত?
স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক এটাতকৈ অধিক কণী  খাব নালাগে। পাৰিলে সপ্তাহত চাৰিটা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ-মাংস আৰু পাচলিৰ পৰাও  প্ৰ'টিনৰ যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰ’টিন পাব পাৰে।অৱশ্যে হিচাবতকৈ বেছি কণী খোৱাটোও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা