--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালৰ উজ্জ্বলতাৰ পৰা কৰ্কট প্ৰতিৰোধলৈকে অমিতাৰ আছে নানা গুণ৷ অমিতা অসমৰ লগতে দেশৰ  সকলো ঠাইতে সহজে পোৱা এবিধ ফল। ইয়াক মূলতঃ পাচলি হিচাবেই  খোৱা হয়। অমিতাত আছে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নানান উপাদান। এক কথাত ক’বলৈ গ’লে ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে।

কেঁচা অমিতা খালে মানুহৰ ছালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। অমিতাৰ জুচে বদহজম,কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাতসহায় কৰে।

পকা অমিতাৰ ৰস  খালে দেহৰ সতেজতাও বৃদ্ধি পায়।কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল। অমিতা খালে পাচনক্ৰিয়া সঠিকমতে হয়।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ ছাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে। অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অটুট  ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো  সহায়ক হয়। ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।

অমিতাই অম্লপিত্তৰ পৰা মানুহক সকাহ দিব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা এণ্টি অক্সিডেণ্টো ইয়াত প্ৰচুৰ পৰিমাণে থাকে।অমিতা পকাই হওঁক বা কেঁচাই হওঁক, যিকোনো অৱস্থাতে খালে সমানে সুফল লাভ কৰিব পৰা যায়। অমিতা পাতৰ ৰস ডেংগু ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন