--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকণী বহুতৰে প্ৰিয় খাদ্য৷ বহুতে দৈনিক ৪-৫ টা পৰ্যন্ত কণী খায়৷ কিন্তু বেছিকৈ কণী খোৱাটো ভালনে? এদিনত কিমানটা কণী খোৱাটো স্বাস্থ্যকৰ? পুষ্টিবিদসকলৰ মতে, কণীৰ প্ৰতি বহু মানুহৰ প্ৰেমৰ কাৰণ কেৱল সোৱাদ নহয়, লগতে কণীটোৰ পুষ্টিগত মূল্যও ইয়াৰ আঁৰত লুকাই আছে। ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰালৈকে - কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰ'টিনৰ উপৰি কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। 

যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন  জটিলতা দূৰ কৰাত সহায় কৰিব পাৰে।
কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ। কিন্তু বহুত বেছি  কণী সঁচাকৈয়ে এদিনত খাব পাৰিনে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে।

পুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা  'এভিডিন' নামৰ গ্লাইকোপ্ৰ'টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও প্ৰভাৱাম্বিত কৰিব পাৰে।

 বায়োটিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে  কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল।
যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ’ব পাৰে  'সিজোৱা কণী'। পুষ্টিবিদসকলৰ মতে  যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি  কণী খোৱাটো উচিত নহয়।

কিমানটা কণী স্বাস্থ্যৰ বাবে সুৰক্ষিত?
স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক এটাতকৈ অধিক কণী  খাব নালাগে। পাৰিলে সপ্তাহত চাৰিটা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ-মাংস আৰু পাচলিৰ পৰাও  প্ৰ'টিনৰ যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰ’টিন পাব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement