--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গৰম দিন চমু চাপি আহিছে যদিও বিভিন্ন সংক্ৰমণৰ বাবে চৰ্দি, কাহ, জ্বৰ আদিয়ে আমাক এৰি যোৱা নাই। ঘৰত যেতিয়া এজন ব্যক্তি সুস্থ হৈ থাকে, তেতিয়া আন এজন ব্যক্তি বেমাৰত আক্ৰান্ত হৈ থাকে। ডিঙিত কফ, বুকুত ধপধপাই। সেই কফটো যেতিয়া বাহিৰ কৰা হয় তেতিয়া তাৰ ৰং বেলেগ হয়। চিকিৎসকে কয় যে কফেৰেহে শৰীৰৰ অৱস্থা জানিব পৰা যায়।কফৰ ৰঙে কব পাৰে যে সংক্ৰমণ কিমান ভয়াৱহ।

 কিন্তু কেৱল খেকাৰ ক্ষতিকাৰক নহয়। খেকাৰে হাওঁফাওঁৰ ভিতৰৰ অংশ আৰ্দ্ৰ কৰি ৰাখে। খেকাৰে যিকোনো ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। খেকাৰৰ ৰং স্পষ্ট হ’লে চিন্তাৰ কোনো কাৰণ নাই যদিও কফৰ ৰং সলনি হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷

আহক আমি বিভিন্ন ৰঙৰ খেকাৰে কি কি ৰোগ সূচায় সেইয়া আলোচনা কৰোঁ৷

হালধীয়া: শৰীৰত ডাঙৰ সংক্ৰমণ হ’লে সাধাৰণতে কফৰ ৰং গাঢ় হালধীয়া হয়। বিশেষকৈ যেতিয়া চাইনাছৰ সমস্যা বৃদ্ধি পায় তেতিয়া হালধীয়া ৰঙৰ খেকাৰ দেখা যায়। গতিকে কফৰ ৰং হালধীয়া হ’লে সাৱধান হওক। আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

 ক’লা: যদি আপোনাৰ কফৰ ৰং পাতল ক’লা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি অতি প্ৰদূষিত পৰিৱেশত বাস কৰি আছে। লগতে ম্যুক’ৰমাইক’ছিছৰ ফলত কফ ক’লা হৈ পৰে। ম্যুক’ৰমাইক’ছিছ হৈছে অতি বিৰল ধৰণৰ ভেঁকুৰৰ সংক্ৰমণ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ প্ৰায় ৫০ শতাংশ।

 গোলাপী বা ৰঙা: কেতিয়াবা হাওঁফাওঁত এক প্ৰকাৰৰ তৰল পদাৰ্থ জমা হয়। চিকিৎসাৰ ক্ষেত্ৰত নামটো হ’ল ‘এডিমা’। বহু সময় বুকুত কফ বহি থকাৰ বাবে সংক্ৰমণ হয়। আৰু এই সংক্ৰমণৰ ফলত হাওঁফাওঁত এক প্ৰকাৰৰ তৰল পদাৰ্থ জমা হয়। তাৰ বাবেই শ্লেষ্মাৰ ৰং সলনি হয়। লগতে কেতিয়াবা নাকৰ কলা ফাটি তেজ ওলায়। তাৰ বাবেই কফৰ ৰং ৰঙা হ’ব পাৰে।

 বাদামী: আপুনি অত্যধিক ধূম্ৰপান কৰে নেকি? তেনে ক্ষেত্ৰত কফৰ ৰং বাদামী হ’ব পাৰে। মূলতঃ দীৰ্ঘদিন ধৰি ধূমপান কৰিলে হাওঁফাওঁ সলনি হয়। ব্ৰংকাইটিছৰ আশংকাও থাকে। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়। কফ জমা হয়। কেতিয়াবা তেজৰ কফো ওলায় আহে।

 বগা: ডাঠ, সামান্য বগা, ডাঠ খেকাৰ হ’লেও কিন্তু সাৱধান হোৱা প্ৰয়োজন। এনে হ’লে আপুনি গম পাব যে সংক্ৰমণৰ বাবে আপোনাৰ নাকৰ কোষবোৰ ফুলি উঠিছে। ফলত শ্লেষ্মা স্বাভাৱিকভাৱে ওলাই আহিব নোৱাৰে। পৰ্যাপ্ত আৰ্দ্ৰতা নথকাৰ বাবে শ্লেষ্মাৰ এই স্বভাৱ। ব্ৰংকাইটিছ বা চাইনাছৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু