--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সমগ্ৰ দেশ জুৰি কেন্দ্ৰৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীয়ে পৰিৱেশ উত্তাৱল কৰি তুলিছে৷ সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰে পৰাই বিৰোধী কংগ্ৰেছ দলে শাসকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ অহা পৰিলক্ষিত হৈছে৷সদনৰ মজিয়াত শাসকপক্ষই আদানি গোচৰ, কৃষক সকলৰ বিষয়ত মৌনতা অৱলম্বন কৰা, মণিপুৰৰ সমস্যা, অসমৰ স্মাৰ্ট মিটাৰ প্ৰসংগ আৰু এতিয়া এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱকেধৰি কেন্দ্ৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ দল৷

কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ১৮ ডিচিম্বেৰত সমগ্ৰ ভাৰতজুৰি ‘ৰাজভৱন চলো’ কাৰ্যসূচী হাতত লৈছিল৷

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত, কংগ্ৰেছ কৰ্মীয়ে বিধানসভা ঘেৰাও কৰাৰ প্ৰচেষ্টা কৰিছে, মূল্যবৃদ্ধি, নিবনুৱাসমস্যা আৰু আইন শৃংখলা পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ৰাজ্য চৰকাৰে আৰক্ষীয়ে বাধা প্ৰদানকৰাত প্ৰতিবাদকাৰীসকল বিধানসভালৈ যাব পৰা নাছিল।

মধ্য প্ৰদেশত কংগ্ৰেছ বিধায়কসকলে নিবনুৱাসমস্যা আৰু বিজেপি চৰকাৰে প্রতিশ্রুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপনেৰে বিধানসভাৰ চৌহদলৈ চাহৰ কেটলি লৈ প্ৰতিবাদত বহা দেখা গ’ল৷

দিল্লীতো সংসদৰ বাহিৰত, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰসহ কংগ্ৰেছ নেতাসকলে ডাঃ বি.আৰ. আম্বেদকাৰৰ পোষ্টাৰ ধৰি প্ৰতিবাদ কৰে। 

একেদৰে অসমোতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমস্যাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজভৱন চলো প্ৰতিবাদী সমদল উলিয়াই পৰিলক্ষিত আছাম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই প্ৰতিবাদী সমদলক বাধা দিবৰ বাবে পুলিচ প্ৰশাসনে কন্দুৱা গেছ নিক্ষেপ কৰে এই প্ৰতিবাদী সমদলত এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হোৱাৰ লগতে ভূপেন বৰাসহ কেইবাগৰাকীও কংগ্ৰেছী প্ৰতিবাদীক আটক কৰিছিল অৱশ্যে ভূপেন বৰাক ইতিমধ্যে মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement