--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই আজি কংগ্ৰেছৰ এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰে। কংগ্ৰেছৰ কাৰ্যকৰী সমিতি খনত এইবাৰ বহু কেইগৰাকী বিদ্ৰোহী নেতাৰ লগতে নতুন মুখে স্থান লাভ কৰিছে।  ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰা কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতি খনে বিভিন্ন ৰাজ্যত দলটোক অধিক শক্তিশালী কৰি তুলিব পাৰিব বুলি আশা কৰা হৈছে।  

  ৩৯ জনীয়া কংগ্ৰেছ ৱৰ্কিং কমিটি (চিডব্লিউচি)ত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ গৌৰৱ গগৈকো। সমিতি খনত ২১ জন আমন্ত্ৰিত  সদস্যও আছে। আমন্ত্ৰণ জনোৱা সদস্যসকলৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেইবাখনো  চিনাকি মুখ আছে।
তাৎপৰ্যপূৰ্ণভাৱে, ৩৯ জনীয়া সমিতিখনত দলটোৰ  বিদ্ৰোহী কেইবাজনো  নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে ৰাজস্থানত অশোক গেহলটৰ বিৰোধী বুলি জনাজাত শচীন পাইলটক স্থান দিয়া হৈছে।  

মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা শশী থাৰুৰকো সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছে। জি-২৩ গোটৰ এজন সদস্য আনন্দ শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে।প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ আৰু কে পেটেল হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত হোৱা  যুৱ মুখবোৰৰ ভিতৰৰে কেইখনমান মুখ। উদয়পুৰত চিন্তন বৈঠকতে  সিদ্ধান্ত লোৱা হৈছিল যে কংগ্ৰেছৰ নতুন সমিতি খনৰ ৫০  শতাংশ সদস্যৰ বয়স ৫০ বছৰৰ তলৰ হ'ব লাগিব।

 কিন্তু সেই চৰ্তটো এইবেলি সম্পূৰ্ণ ৰূপে পূৰণ কৰা হোৱা নাই । তথাপি  কেইবাজনো যুৱ নেতাই কংগ্ৰেছৰ  নতুন সমিতিত স্থান লাভ কৰিছে। সমিতি খনত  মাত্ৰ তিনিজন ৫০  বছৰৰ তলৰ। জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মনমোহন সিং, এ কে এণ্টনী, বিৰাপ্পা মৈলী  আদি। 

বংগৰ পৰা কংগ্ৰেছ ৱৰ্কিং কমিটিত দুজনক অন্তৰ্ভুক্ত কৰা হৈছে।তেওঁলোক হ’ল  অধীৰ ৰঞ্জন চৌধুৰী আৰু দীপা দাসমুন্সি। উত্তৰ পূবৰ মিজোৰামৰ পৰা লালথানহাওলা আৰু মণিপুৰৰ গাইখাংগামেও কংগ্ৰেছৰ কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে।


 নতুন চিডব্লিউচি সমিতিৰ সম্পূৰ্ণ তালিকা:
১ মল্লিকাৰ্জুন খাৰ্গে
২ ছোনিয়া গান্ধী 
৩ মনমোহন সিং
৪ ৰাহুল গান্ধী 
৫ অধীৰ ৰঞ্জন চৌধুৰী
৬ এ কে এণ্টনি 
৭ অম্বিকা চোনি
৮ মীৰা কুমাৰ
৯ দিগ্বিজয় সিং
১০ পি চিদাম্বৰম
১১ তাৰিক আনৱাৰ
১২ লাল থানহাৱালা
১৩ মুকুল ৱাচনিক
১৪ আনন্দ শৰ্মা
১৫ অশোকৰাও চৱন 
১৬ অজয় মাকেন 
১৭ চৰঞ্জিত সিং চান্নী
১৮ প্ৰিয়ংকা গান্ধী ভাদ্ৰা
১৯ কুমাৰী চেলজা
২০ গাইখাংগাম
২১ এন ৰঘুবীৰা ৰেড্ডী
২২ শশী থাৰুৰ
২৩ তাম্ৰধ্বজ চাহু
২৪ অভিষেক মনু সিংভি
২৫ চলমান খুৰ্ছিদ
২৬ জয়ৰাম ৰমেশ
২৭ জীতেন্দ্ৰ সিং
২৮ ৰণদীপ সিং সুৰজেৱালা
২৯ শচীন পাইলট
৩০ দীপক বাবাৰিয়া
৩১ জগদীশ ঠাকোৰ 
৩২ জি এ মীৰ
৩৩ অবিনাশ পাণ্ডে
৩৪ দীপা দাস মুন্সি
৩৫ মহেন্দ্ৰজিৎ সিং মালৱীয়
৩৬ গৌৰৱ গগৈ
৩৭ চয়দ নাছিৰ হুছেইন
৩৮ কমলেশ্বৰ পেটেল
৩৯ কে চি বেণুগোপাল

চিডব্লিউচিৰ স্থায়ী আমন্ত্ৰিত সদস্য
১ বীৰাপ্পা মৈলী
২ হৰিশ ৰাৱট
৩ পৱন কুমাৰ বনচাল
৪ মোহন প্ৰকাশ

৫ ৰমেশ চেন্নিথালা
৬ বি কে হৰিপ্ৰসাদ
৭ প্ৰতিভা সিং
৮ মনীষ তিৱাৰী
৯ তাৰিক হামিদ কাৰা
১০ দীপেন্দৰ সিং হুডা
১১ গিৰীশ ৰায়া চোদংকাৰ
১২ টি চুব্বাৰামী ৰেড্ডী
১৩ কে ৰাজু
১৪ চন্দ্ৰকান্ত হান্দোৰ
১৫ মীনাক্ষী নটৰাজন
১৬ ফুলো দেৱী নেতাম
১৭ দামোদৰ ৰাজা নৰসিংহ
১৮ সুদীপ ৰয় বৰ্মন
১৯ এ চেল্লাকুমাৰ (ভাৰপ্ৰাপ্ত)
২০ ভক্ত চৰণ দাস (ভাৰপ্ৰাপ্ত)
২১ অজয় কুমাৰ (ভাৰপ্ৰাপ্ত)
২২ হৰিশ চৌধুৰী (ভাৰপ্ৰাপ্ত)
২৩ ৰাজীৱ শুক্লা (ভাৰপ্ৰাপ্ত)
২৪ মণিক্কাম ঠাকুৰ (ভাৰপ্ৰাপ্ত)
২৫ সুখবিন্দৰ ৰন্ধাৱা (ভাৰপ্ৰাপ্ত)
২৬ মণিকৰাও ঠাকৰে (ভাৰপ্ৰাপ্ত)
২৭ ৰজনী পেটেল (ভাৰপ্ৰাপ্ত)
২৮ কানহাইয়া কুমাৰ (ভাৰপ্ৰাপ্ত)
২৯ গুৰদীপ চাপ্পাল (ভাৰপ্ৰাপ্ত)
৩০ শচীন ৰাও (ভাৰপ্ৰাপ্ত)
৩১ দেৱেন্দ্ৰ যাদৱ (ভাৰপ্ৰাপ্ত)
৩২ মনীষ চত্ৰথ (ভাৰপ্ৰাপ্ত)
চিডব্লিউচিৰ বিশেষ আমন্ত্ৰিত সদস্য
১ পল্লম ৰাজু
২ পৱন খেৰা
৩ গণেশ গোদিয়াল 
৪ কোডিকুনিল সুৰেশ

৫ যশোমতী ঠাকুৰ
৬ সুপ্ৰিয়া শ্ৰীনেট
৭ প্ৰিনিটি চিন্দে
৮ অলকা লাম্বা
৯ বমশী চান্দ ৰেড্ডী

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'