--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অশোক গেহলট হ’ব পাৰে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷ এই গ্ৰীণ ছিগনেল আহিছে গান্ধী পৰিয়ালৰ পৰা৷ কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছে গেহলট৷ আনকি, ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ প্ৰস্তুতি চলাইছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ 

পিছে, অশোক গেহলট কংগ্ৰেছৰ সভাপতি হ’লে কোন হ'ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

ভাৰত জড়ো যাত্ৰাক লৈ উৎসাহী কংগ্ৰেছী৷ ভাৰত জোড়ো  যাত্ৰা এতিয়া কেৰেলাৰ থ্ৰিছুৰত উপস্থিত হৈছে। অৱশ্যে আজি এই যাত্ৰাত জিৰণিৰ দিন আৰু ইয়াৰ মাজতে দিল্লীলৈ আহিছে ৰাহুল গান্ধী। সূত্ৰ অনুসৰি আজি ৰাহুল গান্ধীয়ে ছোনিয়া গান্ধী আৰু প্ৰিয়ংকাৰ সৈতে এখন বৈঠকত মিলিত হ’ব। সভাত উপস্থিত থাকিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটো৷
কোৱা হৈছে যে একেখন চাৰ্টাৰ প্লেনতে ৰাহুল গান্ধী আৰু অশোক গেহলট দিল্লীলৈ আহিছে।

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীক কোন হ’ব? 

ৰাহুল গান্ধীৰ ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু অশোক গেহলটৰ সৈতে হোৱা বৈঠকত ৰাজস্থানৰ দায়িত্ব কাক দিব লাগে সেই বিষয়ে আলোচনা হ’ব ৷ কাৰণ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ দৌৰত আছে অশোক গেহলট। সূত্ৰ অনুসৰি আজিৰ বৈঠকত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম অনুমোদিত হ’ব ৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ’বনে শচীন পাইলট?

ৰাজস্থানৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন্দ্ৰ গুড়াই ইংগিত দিছে যে যদিহে মুখ্যমন্ত্ৰী অশোক গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু শচীন পাইলট নতুন মুখ্যমন্ত্ৰী হয় তেতিয়াহলে তেওঁলোকৰ বিৰোধিতা নাথাকিব ৷বিএছপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা ৬জন বিধায়কৰ ভিতৰত গুড়া অন্যতম।

উল্লেখযোগ্য যে ৰাজেন্দ্ৰ গুড়াক মুখ্যমন্ত্ৰী অশোক গেহলোটৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত নিজৰ স্থিতি স্পষ্ট কৰি গুড়াই কাৰোৱেই পক্ষত নথকাৰ ইংগিত দিছে৷ গুড়াই কয় যে আমাৰ কংগ্ৰেছৰ নেতাসকলে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তই সকলোৱে গ্ৰহণ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু