--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অশোক গেহলট হ’ব পাৰে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷ এই গ্ৰীণ ছিগনেল আহিছে গান্ধী পৰিয়ালৰ পৰা৷ কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছে গেহলট৷ আনকি, ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ প্ৰস্তুতি চলাইছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ 

পিছে, অশোক গেহলট কংগ্ৰেছৰ সভাপতি হ’লে কোন হ'ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

ভাৰত জড়ো যাত্ৰাক লৈ উৎসাহী কংগ্ৰেছী৷ ভাৰত জোড়ো  যাত্ৰা এতিয়া কেৰেলাৰ থ্ৰিছুৰত উপস্থিত হৈছে। অৱশ্যে আজি এই যাত্ৰাত জিৰণিৰ দিন আৰু ইয়াৰ মাজতে দিল্লীলৈ আহিছে ৰাহুল গান্ধী। সূত্ৰ অনুসৰি আজি ৰাহুল গান্ধীয়ে ছোনিয়া গান্ধী আৰু প্ৰিয়ংকাৰ সৈতে এখন বৈঠকত মিলিত হ’ব। সভাত উপস্থিত থাকিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটো৷
কোৱা হৈছে যে একেখন চাৰ্টাৰ প্লেনতে ৰাহুল গান্ধী আৰু অশোক গেহলট দিল্লীলৈ আহিছে।

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীক কোন হ’ব? 

ৰাহুল গান্ধীৰ ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু অশোক গেহলটৰ সৈতে হোৱা বৈঠকত ৰাজস্থানৰ দায়িত্ব কাক দিব লাগে সেই বিষয়ে আলোচনা হ’ব ৷ কাৰণ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ দৌৰত আছে অশোক গেহলট। সূত্ৰ অনুসৰি আজিৰ বৈঠকত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম অনুমোদিত হ’ব ৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ’বনে শচীন পাইলট?

ৰাজস্থানৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন্দ্ৰ গুড়াই ইংগিত দিছে যে যদিহে মুখ্যমন্ত্ৰী অশোক গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু শচীন পাইলট নতুন মুখ্যমন্ত্ৰী হয় তেতিয়াহলে তেওঁলোকৰ বিৰোধিতা নাথাকিব ৷বিএছপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা ৬জন বিধায়কৰ ভিতৰত গুড়া অন্যতম।

উল্লেখযোগ্য যে ৰাজেন্দ্ৰ গুড়াক মুখ্যমন্ত্ৰী অশোক গেহলোটৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত নিজৰ স্থিতি স্পষ্ট কৰি গুড়াই কাৰোৱেই পক্ষত নথকাৰ ইংগিত দিছে৷ গুড়াই কয় যে আমাৰ কংগ্ৰেছৰ নেতাসকলে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তই সকলোৱে গ্ৰহণ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ