--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ৰাজ্য খনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদাৰৰ হুমনাবাদত  আয়োজিত বিজেপিৰ এক ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ শেহতীয়া মন্তব্য সন্দৰ্ভত মোদীয়ে  কয়, "কংগ্ৰেছৰ নেতাসকলে মোৰ বিৰুদ্ধে ৯১ বাৰ ব্যক্তিগত আক্ৰমণ কৰিছে। '' 

মোদীয়ে লগতে কয়  "কংগ্ৰেছে কেৱল মোকেই  লক্ষ্য কৰি লোৱা নাই, কংগ্ৰেছৰ নেতাসকলে বীৰ ছাভাৰকাৰ আৰু বাবাচাহেব আম্বেদকাৰৰ বিষয়েও অপমানজনক মন্তব্য কৰিছে। ’’ উল্লেখ্য  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে কালাবুৰাগীৰ এখন নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক  বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। খাৰ্গেই পিছত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অৱশ্যে কৰ্ণাটকৰ প্ৰভাৱশালী বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভাচানগোদা পাটিল য়াটমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ কৰা অপমানজনক মন্তব্যৰ বিষয়ে একো নক’লে।


পাটিলে ছোনিয়াক "বিষকন্যা " আৰু "পাকিস্তান তথা  চীনৰ বাবে গুপ্তচৰ" বুলি অভিহিত কৰিছিল। উল্লেখ্য ২২৪ জনীয়া কৰ্ণাটক বিধানসভাত ১০ মে'ত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা ১৩ মে’ত অনুষ্ঠিত হ’ব। বহু কেইটা  এক্সিট প'লে ভৱিষ্যতবাণী কৰিছে যে এইবাৰ দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাসিত ৰাজ্যখনত কংগ্ৰেছ "সৰ্ববৃহৎ দল" হ'বলৈ সাজু হৈছে। 

মোদীয়ে শনিবাৰৰ পৰা তাত প্ৰচাৰ আৰম্ভ কৰিছে। তেওঁ তেওঁৰ দুদিনীয়া ভ্ৰমণকালত আঠটা কাৰ্যসূচীত (ছয়খন ৰাজহুৱা সভা আৰু দুটা ৰোড শ্ব') অংশগ্ৰহণ কৰাৰ কথা আছে।  শনিবাৰে তেওঁ তিনিখন সভাত অংশ গ্ৰহণ কৰিব।  বিদাৰৰ পিছত,তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰিবলৈ বিজয়পুৰলৈ যায়।  প্ৰধানমন্ত্ৰীয়ে আবেলি বাংগালুৰুত এটা ৰোড শ্ব'ত অংশ লোৱাৰ কথা। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন