--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া ৰাজ্য খনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদাৰৰ হুমনাবাদত  আয়োজিত বিজেপিৰ এক ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ শেহতীয়া মন্তব্য সন্দৰ্ভত মোদীয়ে  কয়, "কংগ্ৰেছৰ নেতাসকলে মোৰ বিৰুদ্ধে ৯১ বাৰ ব্যক্তিগত আক্ৰমণ কৰিছে। '' 

মোদীয়ে লগতে কয়  "কংগ্ৰেছে কেৱল মোকেই  লক্ষ্য কৰি লোৱা নাই, কংগ্ৰেছৰ নেতাসকলে বীৰ ছাভাৰকাৰ আৰু বাবাচাহেব আম্বেদকাৰৰ বিষয়েও অপমানজনক মন্তব্য কৰিছে। ’’ উল্লেখ্য  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে কালাবুৰাগীৰ এখন নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক  বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। খাৰ্গেই পিছত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অৱশ্যে কৰ্ণাটকৰ প্ৰভাৱশালী বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভাচানগোদা পাটিল য়াটমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ কৰা অপমানজনক মন্তব্যৰ বিষয়ে একো নক’লে।


পাটিলে ছোনিয়াক "বিষকন্যা " আৰু "পাকিস্তান তথা  চীনৰ বাবে গুপ্তচৰ" বুলি অভিহিত কৰিছিল। উল্লেখ্য ২২৪ জনীয়া কৰ্ণাটক বিধানসভাত ১০ মে'ত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা ১৩ মে’ত অনুষ্ঠিত হ’ব। বহু কেইটা  এক্সিট প'লে ভৱিষ্যতবাণী কৰিছে যে এইবাৰ দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাসিত ৰাজ্যখনত কংগ্ৰেছ "সৰ্ববৃহৎ দল" হ'বলৈ সাজু হৈছে। 

মোদীয়ে শনিবাৰৰ পৰা তাত প্ৰচাৰ আৰম্ভ কৰিছে। তেওঁ তেওঁৰ দুদিনীয়া ভ্ৰমণকালত আঠটা কাৰ্যসূচীত (ছয়খন ৰাজহুৱা সভা আৰু দুটা ৰোড শ্ব') অংশগ্ৰহণ কৰাৰ কথা আছে।  শনিবাৰে তেওঁ তিনিখন সভাত অংশ গ্ৰহণ কৰিব।  বিদাৰৰ পিছত,তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰিবলৈ বিজয়পুৰলৈ যায়।  প্ৰধানমন্ত্ৰীয়ে আবেলি বাংগালুৰুত এটা ৰোড শ্ব'ত অংশ লোৱাৰ কথা। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে