--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় হোৱা বুলি উঠা অভিযোগে এতিয়া বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে  বিতৰ্কৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপাল  ভি কে ছাক্সেনাই সংশ্লিষ্ট বিষয়াসকলক ব্যয়ৰ তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ  নিৰ্দেশ দিছে ।  

উপ-ৰাজ্যপাল ছাক্সেনাই ১৫ দিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। বিজেপিয়ে কেজৰিৱাল আৰু আপক আক্ৰমণ কৰি এইবুলি  দাবী কৰিছে যে ২০২০-২২ বৰ্ষত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ৬, ফ্লেগষ্টাফ ৰোডৰ বাসগৃহ মেৰামতি আৰু পুনৰ সৌন্দৰ্যবৰ্ধনৰ  বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। আপে বিজেপিৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দি  কৈছে  যে বিজেপিয়ে এই বিষয়টো উত্থাপন কৰি প্ৰকৃত বিষয়বোৰৰ পৰা জনতাৰ মনোযোগ আঁতৰাই নিবলৈ  চেষ্টা কৰিছে। 

পিডব্লিউডিয়ে  বাসগৃহৰ নৱীকৰণত "ব্যাপক অনিয়ম" কৰা বুলি ৰাজভৱনৰ প্ৰতিবেদনতো  উল্লেখ কৰা হৈছে। উপ ৰাজ্যপালে এই সম্পৰ্কীয়  সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰৰ প্ৰতি  লক্ষ্য কৰি আৰু বিষয়টোৰ সংবেদনশীলতা উপলব্ধি কৰি   ঘৰ মেৰামতিৰ  সকলো প্ৰাসঙ্গিক ৰেকৰ্ড তৎক্ষণাৎ সুৰক্ষিত কৰিবলৈ  নিৰ্দেশ দিছে।  পৰৱৰ্তী সময়ত, ৰেকৰ্ডবোৰ পৰীক্ষা কৰি ১৫  দিনৰ ভিতৰত প্ৰতিবেদন  দাখিল কৰিব লাগিব বুলি দিল্লী চৰকাৰৰ মুখ্য সচিবলৈ জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে। 

সঞ্জয় সিং আৰু ৰাঘৱ চাধাকে ধৰি আপ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বাসগৃহৰ বাবে কৰি অহা ব্যয়ৰ কথা উল্লেখ কৰি কেজৰিৱালক সমৰ্থন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ "সংযোজন/পৰিৱৰ্তনত ৪৩.৭০ কোটি টকাৰ অনুমোদিত ধনৰ  মুঠ ৪৪.৭৮ কোটি টকা ব্যয় কৰা হৈছিল। এই পৰিমাণটো ছেপ্টেম্বৰ ২০২০  ৰ পৰা জুন ২০২২-ৰ ভিতৰত ছয়টা স্তৰত ব্যয় কৰা হৈছিল বুলি প্ৰাপ্ত  নথিত উল্লেখ কৰা হৈছে। 

তথ্য অনুসৰি অনুসৰি মুঠ ব্যয়ৰ ভিতৰত আছিল আভ্যন্তৰীণ সজ্জাৰ বাবে ১১.৩০  কোটি টকা, শিল আৰু মাৰ্বল ফ্লোৰিংত ৬,০২  কোটি টকা, আভ্যন্তৰীণ সজ্জাৰ  পৰামৰ্শৰ বাবে  ১ কোটি টকা, বৈদ্যুতিক ফিটিং আৰু সঁজুলিৰ বাবে ২.৫৮  কোটি টকা, অগ্নি নিৰ্বাপক প্ৰণালীৰ বাবে ২.৮৫  কোটি টকা, ৱাৰ্ডৰোব আৰু আনুষঙ্গিক সামগ্ৰী ফিটিঙৰ বাবে ১.৪১ কোটি টকা,  পাকঘৰৰ সঁজুলিৰ বাবে ১.১ কোটি টকা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত