--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় হোৱা বুলি উঠা অভিযোগে এতিয়া বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে  বিতৰ্কৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপাল  ভি কে ছাক্সেনাই সংশ্লিষ্ট বিষয়াসকলক ব্যয়ৰ তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ  নিৰ্দেশ দিছে ।  

উপ-ৰাজ্যপাল ছাক্সেনাই ১৫ দিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। বিজেপিয়ে কেজৰিৱাল আৰু আপক আক্ৰমণ কৰি এইবুলি  দাবী কৰিছে যে ২০২০-২২ বৰ্ষত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ৬, ফ্লেগষ্টাফ ৰোডৰ বাসগৃহ মেৰামতি আৰু পুনৰ সৌন্দৰ্যবৰ্ধনৰ  বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। আপে বিজেপিৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দি  কৈছে  যে বিজেপিয়ে এই বিষয়টো উত্থাপন কৰি প্ৰকৃত বিষয়বোৰৰ পৰা জনতাৰ মনোযোগ আঁতৰাই নিবলৈ  চেষ্টা কৰিছে। 

পিডব্লিউডিয়ে  বাসগৃহৰ নৱীকৰণত "ব্যাপক অনিয়ম" কৰা বুলি ৰাজভৱনৰ প্ৰতিবেদনতো  উল্লেখ কৰা হৈছে। উপ ৰাজ্যপালে এই সম্পৰ্কীয়  সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰৰ প্ৰতি  লক্ষ্য কৰি আৰু বিষয়টোৰ সংবেদনশীলতা উপলব্ধি কৰি   ঘৰ মেৰামতিৰ  সকলো প্ৰাসঙ্গিক ৰেকৰ্ড তৎক্ষণাৎ সুৰক্ষিত কৰিবলৈ  নিৰ্দেশ দিছে।  পৰৱৰ্তী সময়ত, ৰেকৰ্ডবোৰ পৰীক্ষা কৰি ১৫  দিনৰ ভিতৰত প্ৰতিবেদন  দাখিল কৰিব লাগিব বুলি দিল্লী চৰকাৰৰ মুখ্য সচিবলৈ জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে। 

সঞ্জয় সিং আৰু ৰাঘৱ চাধাকে ধৰি আপ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বাসগৃহৰ বাবে কৰি অহা ব্যয়ৰ কথা উল্লেখ কৰি কেজৰিৱালক সমৰ্থন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ "সংযোজন/পৰিৱৰ্তনত ৪৩.৭০ কোটি টকাৰ অনুমোদিত ধনৰ  মুঠ ৪৪.৭৮ কোটি টকা ব্যয় কৰা হৈছিল। এই পৰিমাণটো ছেপ্টেম্বৰ ২০২০  ৰ পৰা জুন ২০২২-ৰ ভিতৰত ছয়টা স্তৰত ব্যয় কৰা হৈছিল বুলি প্ৰাপ্ত  নথিত উল্লেখ কৰা হৈছে। 

তথ্য অনুসৰি অনুসৰি মুঠ ব্যয়ৰ ভিতৰত আছিল আভ্যন্তৰীণ সজ্জাৰ বাবে ১১.৩০  কোটি টকা, শিল আৰু মাৰ্বল ফ্লোৰিংত ৬,০২  কোটি টকা, আভ্যন্তৰীণ সজ্জাৰ  পৰামৰ্শৰ বাবে  ১ কোটি টকা, বৈদ্যুতিক ফিটিং আৰু সঁজুলিৰ বাবে ২.৫৮  কোটি টকা, অগ্নি নিৰ্বাপক প্ৰণালীৰ বাবে ২.৮৫  কোটি টকা, ৱাৰ্ডৰোব আৰু আনুষঙ্গিক সামগ্ৰী ফিটিঙৰ বাবে ১.৪১ কোটি টকা,  পাকঘৰৰ সঁজুলিৰ বাবে ১.১ কোটি টকা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে