--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "ইউনিফৰ্ম চিভিল কোড সাংবিধানিক কাৰ্যসূচী আছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজেই ইয়াত স্বাক্ষৰ কৰিছিল। অৱশ্যে, কংগ্ৰেছে পিছত ইয়াৰ তোষণৰ ৰাজনীতিৰ বাবে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা নাছিল। '  

এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লোকসভা নিৰ্বাচনৰ দিন  ওচৰ চাপি অহাৰ লগে লগে, বিজেপিয়ে নানান বিষয়কলৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।   শ্বাহে ইউনিফৰ্ম চিভিল কোডৰ বিষয়টোক লৈ কংগ্ৰেছক  আক্ৰমণ কৰি কয় যে কংগ্ৰেছে নেহৰুৰ নীতিক অবহেলা কৰিছিল।  আজি ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আয়োজিত এক সন্মিলনত  ভাষণ দি শ্বাহে কয়,  "উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা ৰূপায়ণ এক সামাজিক পৰিৱৰ্তন। এয়া  সকলো মঞ্চত আলোচনা কৰা হ'ব আৰু বিষয়টো আইনী পৰীক্ষাৰ সন্মুখীন হ'ব। ধৰ্মনিৰপেক্ষ দেশ এখনত ধৰ্মৰ ওপৰত আধাৰিত নাগৰিক বিধি থাকিব নোৱাৰে’’। অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত পলম হোৱাৰ বাবেও কংগ্ৰেছক দোষাৰোপ কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে তোষণৰ বাবে ৰাম মন্দিৰ নিৰ্মাণৰ  পথত বাধা হৈ থিয় দিছিল। 

শ্বাহে লগতে কয় "ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ কোনো অধিকাৰ নাই। কাৰণ ১৯৪৭ চনত দেশ বিভাজনৰ বাবে কংগ্ৰেছ  দলেই  দায়বদ্ধ আছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব। নাগৰিকত্ব সংশোধনী আইনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দুকে ধৰি ছয়টা সংখ্যালঘু সম্প্ৰদায়ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এই আইনখন ২০১৯ চনত সংসদৰ অনুমোদনত প্ৰণয়ন কৰা হৈছিল। অৱশ্যে, এই আইনৰ নিয়ম এতিয়ালৈকে প্ৰস্তুত কৰা হোৱা নাই।  

লোকসভা নিৰ্বাচনৰ  পূৰ্বে কা কাৰ্যকৰী কৰা হ'ব বুলি আজি শ্বাহে পুনৰবাৰ কয়। ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰতো অমিত শ্বাহে কলকাতাত কৈছিল যে কা  কাৰ্যকৰী কৰা হ'বই। কোনো শক্তিয়ে কা বন্ধ কৰিব নোৱাৰে। শেহতীয়াকৈকেইবাখনো ৰাজহুৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰেও  দাবী কৰিছে  যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা  কাৰ্যকৰী কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement