--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "ইউনিফৰ্ম চিভিল কোড সাংবিধানিক কাৰ্যসূচী আছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজেই ইয়াত স্বাক্ষৰ কৰিছিল। অৱশ্যে, কংগ্ৰেছে পিছত ইয়াৰ তোষণৰ ৰাজনীতিৰ বাবে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা নাছিল। '  

এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লোকসভা নিৰ্বাচনৰ দিন  ওচৰ চাপি অহাৰ লগে লগে, বিজেপিয়ে নানান বিষয়কলৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।   শ্বাহে ইউনিফৰ্ম চিভিল কোডৰ বিষয়টোক লৈ কংগ্ৰেছক  আক্ৰমণ কৰি কয় যে কংগ্ৰেছে নেহৰুৰ নীতিক অবহেলা কৰিছিল।  আজি ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আয়োজিত এক সন্মিলনত  ভাষণ দি শ্বাহে কয়,  "উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা ৰূপায়ণ এক সামাজিক পৰিৱৰ্তন। এয়া  সকলো মঞ্চত আলোচনা কৰা হ'ব আৰু বিষয়টো আইনী পৰীক্ষাৰ সন্মুখীন হ'ব। ধৰ্মনিৰপেক্ষ দেশ এখনত ধৰ্মৰ ওপৰত আধাৰিত নাগৰিক বিধি থাকিব নোৱাৰে’’। অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত পলম হোৱাৰ বাবেও কংগ্ৰেছক দোষাৰোপ কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে তোষণৰ বাবে ৰাম মন্দিৰ নিৰ্মাণৰ  পথত বাধা হৈ থিয় দিছিল। 

শ্বাহে লগতে কয় "ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ কোনো অধিকাৰ নাই। কাৰণ ১৯৪৭ চনত দেশ বিভাজনৰ বাবে কংগ্ৰেছ  দলেই  দায়বদ্ধ আছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব। নাগৰিকত্ব সংশোধনী আইনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দুকে ধৰি ছয়টা সংখ্যালঘু সম্প্ৰদায়ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এই আইনখন ২০১৯ চনত সংসদৰ অনুমোদনত প্ৰণয়ন কৰা হৈছিল। অৱশ্যে, এই আইনৰ নিয়ম এতিয়ালৈকে প্ৰস্তুত কৰা হোৱা নাই।  

লোকসভা নিৰ্বাচনৰ  পূৰ্বে কা কাৰ্যকৰী কৰা হ'ব বুলি আজি শ্বাহে পুনৰবাৰ কয়। ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰতো অমিত শ্বাহে কলকাতাত কৈছিল যে কা  কাৰ্যকৰী কৰা হ'বই। কোনো শক্তিয়ে কা বন্ধ কৰিব নোৱাৰে। শেহতীয়াকৈকেইবাখনো ৰাজহুৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰেও  দাবী কৰিছে  যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা  কাৰ্যকৰী কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু