--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজনীতিয়ে নিত্য নতুন পাক গ্ৰহণ কৰি আছে। বিশেষকৈ নীতিশ কুমাৰে এনডিএত যোগদান কৰাৰ পিছতে ৰাজ্য খনৰ ৰাজনীতি ভিতৰি গৰম হৈ আছে। কোনে কেতিয়া দল সলনি কৰে তাৰো যেন নিশ্চয়তা নোহোৱা হৈ পৰিছে। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত   হ’বলগীয়া বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰক আস্থা ভোটত লালু পুত্ৰ তেজস্বী যাদৱে চৰকাৰক  পৰাজিত কৰিব বুলি প্ৰত্যাহ্বান জনাইছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছিল, 'খেল এতিয়াও বাকী হে'। কিন্তু আস্থা ভোটৰ পূৰ্বে তেজস্বীৰ ঘৰত যেন ভাঙোন আৰম্ভ হৈছে।  শেহতীয়া ঘটনাৱলীৰ পৰা তেনে অনুমানেই কৰিছে বহুতে। 

সূত্ৰ অনুসৰি আৰজেডিৰ ১২ জন বিধায়ক আস্থা ভোটৰ মাত্ৰ দুদিন পূৰ্বৰে পৰা  হঠাতে 'নিৰুদ্দেশ' হৈছে। তালিকাখনত কেইবাজনো হেভিৱেট বিধায়কো আছে। অৱশ্যে আৰজেডিৰ পৰা এই বিষয়ত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

২৪৩ খন  আসন থকা  বিহাৰ বিধানসভাত চৰকাৰ ধৰি ৰখাৰ  সংখ্যা  হৈছে ১২২। বিজেপি-জেডি(ইউ) আস্থা ভোটত সহজ বিজয়ৰ বিষয়কলৈ  আত্মবিশ্বাসী। বিজেপিৰ ৭৮ খন আসন আছে আৰু জেডি(ইউ)ৰ ৪৫ খন আসন আছে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ হামৰ ৪ খন আসন আছে। অৰ্থাৎ, মিত্ৰজোঁটত  ১২৭  জন বিধায়কৰ সমৰ্থন আছে। যিটো প্ৰয়োজনতকৈ ৫ খন  অধিক।

আনহাতে, বিহাৰৰ সৰ্ববৃহৎ দল আৰজেডিয়ে ৭৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ১৯ খন আসন লাভ কৰিছিল। চিপিএম আৰু চিপিআইয়ে দুখনকৈ আসন লাভ কৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ মুঠ আসন  ১০২  খন ।  আৰজেডিৰ ওপৰত আস্থা ভোট জিকাৰ বিষয়কলৈ বহু খিনি  চাপ আছে। তেনে সময়তে  তেওঁলোকৰ গোটৰ ১২ জন বিধায়ক সন্ধানহীন হোৱাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ