--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজনীতিয়ে নিত্য নতুন পাক গ্ৰহণ কৰি আছে। বিশেষকৈ নীতিশ কুমাৰে এনডিএত যোগদান কৰাৰ পিছতে ৰাজ্য খনৰ ৰাজনীতি ভিতৰি গৰম হৈ আছে। কোনে কেতিয়া দল সলনি কৰে তাৰো যেন নিশ্চয়তা নোহোৱা হৈ পৰিছে। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত   হ’বলগীয়া বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰক আস্থা ভোটত লালু পুত্ৰ তেজস্বী যাদৱে চৰকাৰক  পৰাজিত কৰিব বুলি প্ৰত্যাহ্বান জনাইছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছিল, 'খেল এতিয়াও বাকী হে'। কিন্তু আস্থা ভোটৰ পূৰ্বে তেজস্বীৰ ঘৰত যেন ভাঙোন আৰম্ভ হৈছে।  শেহতীয়া ঘটনাৱলীৰ পৰা তেনে অনুমানেই কৰিছে বহুতে। 

সূত্ৰ অনুসৰি আৰজেডিৰ ১২ জন বিধায়ক আস্থা ভোটৰ মাত্ৰ দুদিন পূৰ্বৰে পৰা  হঠাতে 'নিৰুদ্দেশ' হৈছে। তালিকাখনত কেইবাজনো হেভিৱেট বিধায়কো আছে। অৱশ্যে আৰজেডিৰ পৰা এই বিষয়ত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

২৪৩ খন  আসন থকা  বিহাৰ বিধানসভাত চৰকাৰ ধৰি ৰখাৰ  সংখ্যা  হৈছে ১২২। বিজেপি-জেডি(ইউ) আস্থা ভোটত সহজ বিজয়ৰ বিষয়কলৈ  আত্মবিশ্বাসী। বিজেপিৰ ৭৮ খন আসন আছে আৰু জেডি(ইউ)ৰ ৪৫ খন আসন আছে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ হামৰ ৪ খন আসন আছে। অৰ্থাৎ, মিত্ৰজোঁটত  ১২৭  জন বিধায়কৰ সমৰ্থন আছে। যিটো প্ৰয়োজনতকৈ ৫ খন  অধিক।

আনহাতে, বিহাৰৰ সৰ্ববৃহৎ দল আৰজেডিয়ে ৭৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ১৯ খন আসন লাভ কৰিছিল। চিপিএম আৰু চিপিআইয়ে দুখনকৈ আসন লাভ কৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ মুঠ আসন  ১০২  খন ।  আৰজেডিৰ ওপৰত আস্থা ভোট জিকাৰ বিষয়কলৈ বহু খিনি  চাপ আছে। তেনে সময়তে  তেওঁলোকৰ গোটৰ ১২ জন বিধায়ক সন্ধানহীন হোৱাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু