--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰ কংগ্ৰেছৰ অংশ নোহোৱাটো এতিয়া নিশ্চিত হ’ল। তেওঁক দলৰ এখন শীৰ্ষস্তৰীয় কমিটীত যোগদানৰ বাবে দিয়া প্ৰস্তাৱক তেওঁ অস্বীকাৰ কৰে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই এই সম্পৰ্কত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছত প্রশান্ত কিশোৰেও তেওঁৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

প্ৰশান্ত কিশোৰে তেওঁৰ এটা টুইটত প্ৰকাশ কৰিছে যে, ‘ই এ জি (এমপাৱাৰ্ড একচন গ্ৰুপ) যোগদান আৰু নিৰ্বাচনৰ দায়িত্ব ল’বৰ বাবে কংগ্ৰেছে দিয়া এটা উদাৰ প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিছোঁ। মোৰ বিনয়পূৰ্বক পৰামৰ্শ এয়াই যে, কংগ্ৰেছক মোতকৈও নেতৃত্ব তথা সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজন যাতে দলটোৰ গভীৰলৈ শিপোৱা গাঁঠনিগত সমস্যাক তেওঁলোকে পৰিৱৰ্তনমুখী সংস্কাৰৰ জৰিয়তে সমাধান কৰিব পাৰে।’

বহু জল্পনা-কল্পনা তথা কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ সৈতে ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হোৱালৈ চাই প্ৰশান্ত কিশোৰে দলটোত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি ধাৰণা কৰা হৈছিল যদিও অৱশেষত সেয়া হৈ নুঠিল। এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আলোচনাৰ মেজত এখন আসন দিয়াৰ সলনি প্ৰশান্ত কিশোৰে সাংগঠনিক দিশত পৰিৱৰ্তন সাধনৰ বাবে ‘ফ্ৰীহেণ্ড’ বিচাৰিছিল। যিটো দিবলৈ সন্মত নহ’ল কংগ্ৰেছৰ শীৰ্ষ মহল।

প্ৰশান্ত কিশোৰৰ সৈতে দলৰ আলোচনা ব্যৰ্থ হোৱাৰ তথ্য প্ৰকাশ কৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই প্ৰকাশ কৰে যে, ‘প্রশান্ত কিশোৰৰ সৈতে হোৱা আলোচনা আৰু তেওঁ দলৰ নেতৃত্বৰ ওচৰত দাঙি ধৰা প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে ২০২৪ৰ নিৰ্বাচনৰ বাবে এখন এমপাৱাৰ্ড একচন গ্ৰুপ গঠন কৰিছিল। এই কমিটীত প্ৰশান্ত কিশোৰকো যোগদানৰ বাবে আহ্বান জনোৱা হৈছিল। তেওঁ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে। তেওঁ দলক দিয়া পৰামৰ্শ আৰু তেওঁ প্ৰচেষ্টাক আমি প্ৰশংসা কৰিছোঁ।’

মন কৰিবলগীয়া যে, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ গাঁঠনি তৃণমূল পৰ্যায়ৰ পৰাই সোলোক ঢোলোক হৈ পৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। নেতৃত্বহীন অৱস্থা তথা দলৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা বিসম্বাদে কংগ্ৰেছক কৰি তুলিছে থৰক বৰক। এনে পৰিপ্ৰেক্ষিতত প্ৰশান্ত কিশোৰত সন্মুখত লৈ ২০২৪ৰ নিৰ্বাচনলৈ কংগ্ৰেছে নিজৰ স্থিতি পুনৰুদ্ধাৰৰ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও অৱশেষত সেয়া সম্ভৱ হৈ নুঠিল। প্ৰশান্ত কিশোৰৰ এনে সিদ্ধান্তৰ পাছত দলটোৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া অতি লক্ষণীয় বিষয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ