--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰ কংগ্ৰেছৰ অংশ নোহোৱাটো এতিয়া নিশ্চিত হ’ল। তেওঁক দলৰ এখন শীৰ্ষস্তৰীয় কমিটীত যোগদানৰ বাবে দিয়া প্ৰস্তাৱক তেওঁ অস্বীকাৰ কৰে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই এই সম্পৰ্কত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছত প্রশান্ত কিশোৰেও তেওঁৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

প্ৰশান্ত কিশোৰে তেওঁৰ এটা টুইটত প্ৰকাশ কৰিছে যে, ‘ই এ জি (এমপাৱাৰ্ড একচন গ্ৰুপ) যোগদান আৰু নিৰ্বাচনৰ দায়িত্ব ল’বৰ বাবে কংগ্ৰেছে দিয়া এটা উদাৰ প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিছোঁ। মোৰ বিনয়পূৰ্বক পৰামৰ্শ এয়াই যে, কংগ্ৰেছক মোতকৈও নেতৃত্ব তথা সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজন যাতে দলটোৰ গভীৰলৈ শিপোৱা গাঁঠনিগত সমস্যাক তেওঁলোকে পৰিৱৰ্তনমুখী সংস্কাৰৰ জৰিয়তে সমাধান কৰিব পাৰে।’

বহু জল্পনা-কল্পনা তথা কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ সৈতে ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হোৱালৈ চাই প্ৰশান্ত কিশোৰে দলটোত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি ধাৰণা কৰা হৈছিল যদিও অৱশেষত সেয়া হৈ নুঠিল। এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আলোচনাৰ মেজত এখন আসন দিয়াৰ সলনি প্ৰশান্ত কিশোৰে সাংগঠনিক দিশত পৰিৱৰ্তন সাধনৰ বাবে ‘ফ্ৰীহেণ্ড’ বিচাৰিছিল। যিটো দিবলৈ সন্মত নহ’ল কংগ্ৰেছৰ শীৰ্ষ মহল।

প্ৰশান্ত কিশোৰৰ সৈতে দলৰ আলোচনা ব্যৰ্থ হোৱাৰ তথ্য প্ৰকাশ কৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই প্ৰকাশ কৰে যে, ‘প্রশান্ত কিশোৰৰ সৈতে হোৱা আলোচনা আৰু তেওঁ দলৰ নেতৃত্বৰ ওচৰত দাঙি ধৰা প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে ২০২৪ৰ নিৰ্বাচনৰ বাবে এখন এমপাৱাৰ্ড একচন গ্ৰুপ গঠন কৰিছিল। এই কমিটীত প্ৰশান্ত কিশোৰকো যোগদানৰ বাবে আহ্বান জনোৱা হৈছিল। তেওঁ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে। তেওঁ দলক দিয়া পৰামৰ্শ আৰু তেওঁ প্ৰচেষ্টাক আমি প্ৰশংসা কৰিছোঁ।’

মন কৰিবলগীয়া যে, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ গাঁঠনি তৃণমূল পৰ্যায়ৰ পৰাই সোলোক ঢোলোক হৈ পৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। নেতৃত্বহীন অৱস্থা তথা দলৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা বিসম্বাদে কংগ্ৰেছক কৰি তুলিছে থৰক বৰক। এনে পৰিপ্ৰেক্ষিতত প্ৰশান্ত কিশোৰত সন্মুখত লৈ ২০২৪ৰ নিৰ্বাচনলৈ কংগ্ৰেছে নিজৰ স্থিতি পুনৰুদ্ধাৰৰ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও অৱশেষত সেয়া সম্ভৱ হৈ নুঠিল। প্ৰশান্ত কিশোৰৰ এনে সিদ্ধান্তৰ পাছত দলটোৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া অতি লক্ষণীয় বিষয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু