--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষিত হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ফলাফল৷ ৫৮টা ৱাৰ্ডত জয়লাভেৰে পৌৰনিগম গঠনৰ বাবে সাজু হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট৷ ৬০টা ৱাৰ্ডৰ ৫৮টা ৱাৰ্ডত জয়লাভ কৰা বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ৬০টা ৱাৰ্ডতেই জয়লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰি আহিছিল৷ বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়কে বিৰোধীৰ ভূমিকাক নস্যাৎ কৰি এশ শতাংশ বিজয়েৰে ৬০টা ৱাৰ্ডেই নিজৰ দখললৈ নিব বুলি দাবী কৰি আহিছিল৷ কিন্তু, বিজেপিৰ দাবীক ভুল প্ৰমাণিত কৰি বিজেপিবিৰোধী দুই প্ৰাৰ্থীক জয়ী কৰোৱালে ১নং ৱাৰ্ড আৰু ৪২নং ৱাৰ্ডৰ ভোটাৰে৷

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান আলী বক্সীয়ে ৪,৬০০টা ভোট লাভ কৰি তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী অগপ প্ৰাৰ্থীগৰাকীক  ২৬৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ একেদৰে, দিশপুৰ সমষ্টিৰ অন্তৰ্গত ৪২নং ৱাৰ্ডত আম আদমী পাৰ্টীৰ মাচুমা বেগমে ৩,২০২টা ভোট লাভ কৰি তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থীগৰাকীক ৪৬৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷

নিৰ্বাচন বুলিলেই ‘ছিৰিয়াচ’ হৈ পৰা ভাৰতীয় জনতা পাৰ্টীৰ বাবে সদ্যসমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনটোও আছিল সমানেই গুৰুত্বপূৰ্ণ৷ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে অসম প্ৰদেশ বিজেপি৷ অভিনৱ প্ৰচাৰশৈলী আৰু নিৰ্বাচনী সভাৰে পৌৰনিগমৰ নিৰ্বাচনটোক উৎসৱমুখৰ কৰি তুলিছিল অসম প্ৰদেশ বিজেপিয়ে৷ পৌৰ নিগমৰ নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰ বাবে দলটোৱে গঠন কৰিছিল মন্ত্ৰী-বিধায়ক-সাংসদেৰে গঠিত ৬০জনীয়া এখন গুৱাহাটী পৌৰনিগম নিৰ্বাচন প্ৰস্তুতি সমিতি৷ জয়ন্ত মল্ল বৰুৱাক আহ্বায়ক হিচাপে লৈ গঠন কৰা এই সমিতিৰ অন্তৰ্ভুক্ত আছিল কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী তথা ৰাজ্যৰ কেইবাগৰাকীও বিজেপি বিধায়ক৷ মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীৰ ৮টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছিল ছগৰাকী বিধায়কক৷ তেওঁলোক হ’ল: বৰাকৰ বিধায়ক কৃষ্ণেন্দু পাল, কৌশিক ৰয়, বিজয় মালাকৰ, দ্বিপায়ন চক্ৰৱৰ্তী, দিগন্ত কলিতা আৰু জিতু গোস্বামী৷ মন্ত্ৰী বিমল বৰা, পীযূষ হাজৰিকা আৰু যোগন মহনকো দিয়া হৈছিল কেইবাটাও ৱাৰ্ডৰ দায়িত্ব৷

আজি বিজেপিয়ে পৰাজয়বৰণ কৰা ৱাৰ্ড দুটা পশ্চিম গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ অন্তৰ্গত৷ অজাপ প্ৰাৰ্থী বিজয়ী হোৱা ১নং ৱাৰ্ডৰ দায়িত্বত আছিল শান্তিয়াছ কুজুৰ আৰু আপ প্ৰাৰ্থী বিজয়ী হোৱা ৪২নং ৱাৰ্ডৰ দায়িত্বত আছিল হবিব মহম্মদ চৌধুৰী৷ বিজেপিৰ এশ শতাংশ বিজয়ৰ লক্ষ্যত বাধা হৈ পৰা এই দুটা সমষ্টিৰ পৰাজয়ৰ বাবে দায়িত্বত থকা এই দুই নেতা এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি হ’ব লাগিব বুলি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ ৱাৰ্ড দুটাত পৰাজয়ৰ কাৰণ আৰু মিত্ৰজোঁটৰ সাংগঠনিক দুৰ্বলতা সম্পৰ্কে জানিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট নেতাদুগৰাকীক জবাবদিহি কৰিব বুলি খবৰ ওলাইছে৷ এতিয়া পৰৱৰ্তী সময়ত বিজেপিয়ে ৱাৰ্ড দুটাত সাংগঠনিক ৰাজনীতি কেনেকৈ আগুৱাই নিয়ে, সেয়াও হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement