--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে হঠাৎ বিজেপিৰ প্ৰতি মোহভংগ হৈছে দলটোৰ নেতা-কৰ্মীৰ৷ দল আৰু চৰকাৰৰ কাম-কাজত অসন্তুষ্ট নেতা-কৰ্মীয়ে বিজেপি এৰি যোগদান কৰিছে কংগ্ৰেছত৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ আঢ়ৈ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত বিজেপি মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা বিষয়টোৱে অসমৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে৷ 

শেহতীয়াকৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ জোৱাৰ উঠিছে উত্তৰ অসমত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিশেষ তৎপৰতাত তেজপুৰৰ পৰা ধেমাজিলৈ কংগ্ৰেছত যোগদান কৰিছে কেইবাসহস্ৰাধিক অগপ-বিজেপিৰ নেতা-কৰ্মীয়ে৷ 

যিসময়ত জনকল্যাণমুখী আঁচনিৰে চৰকাৰখনে ৰাইজৰ ওচৰ চপাৰ প্ৰয়াস কৰিছে, যিসময়ত হিতাধিকাৰী আঁচনিৰে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকক তুষ্টিকৰণত ব্যস্ত হৈ পৰিছে চৰকাৰ, তেনেসময়তে বিজেপিৰেই নেতা-কৰ্মীয়ে কিয় দলত্যাগ কৰিবলগীয়া হৈছে— সেয়া বিচাৰ্যৰ বিষয়৷

বিশেষকৈ লখিমপুৰ জিলাত শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে যুৱপ্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিকো৷ বুধবাৰে নাওবৈচা সমষ্টিত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিলে হৰেন শৰ্মাকে ধৰি প্ৰায় দুই শতাধিক বিজেপি আৰু অগপ কৰ্মীয়ে। বুধবাৰে লখিমপুৰত শাসক-বিৰোধীয়ে কৰিলে শক্তি প্ৰদৰ্শন৷ দলত যোগদান কাৰ্যসূচী লৈ দল দুটাই লখিমপুৰত শক্তি প্ৰদৰ্শন কৰে৷ 

নাওবৈচাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিজেপিক তীক্ষ্ণ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ধৃতৰাষ্টৰ দৰে বিজেপিয়ে সংবাদ মাধ্যমক হত্যা কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে সভাপতি ভূপেন বৰাই। আনকি, ৩ ডিচেম্বৰৰ দুপৰীয়া মুখ্যমন্ত্ৰীৰ মুখখন দেখুৱাবলৈ সংবাদ মাধ্যমক আহ্বান জনায় বৰাই। 

ইপিনে, বুধবাৰৰ দিনটোতে চিলাপথাৰত সন্মিলিত গণশক্তি, বিজেপি আদি বিভিন্ন দলৰ কৰ্মীৰ লগতে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা, অৱৰসৰপ্ৰাপ্ত শিক্ষকৰ লগতে শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে৷ বুধবাৰে চিলাপথাৰ অঞ্চলটোৰ কুলাজান, উজনি আৰু মধ্য চিচি টঙানি মণ্ডলৰ এখন যৌথ জনাকীৰ্ণ কৰ্মী সভা অনুষ্ঠিত হয়। 

উক্ত সভাতেই মধ্য চিচি টঙানিৰ ক্ৰমে মণিকান্ত দলে, হিৰঞ্জিত পেগু, ডিস্ক কুটুম, কৃষ্ণ পেগু, চিত্ৰ মিলি, বুধিনাথ নৰহ, ভূঞা নৰহ, ৰতি কান্ত দলে, নাৰায়ণ নৰহ, দিলীপ পেগু, ঘনশ্যাম মৰাং, লখেশ্বৰ পাইত, লখিন্দৰ টায়ে আদি বহু লোকে কংগ্ৰেছত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক