--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
পূৰ্বৰ মিচিং জাতিৰ কলনিয়েল ৰাজনৈতিক নেতা সকলৰ প্ৰতি আমাৰ প্ৰজন্মৰ দৃষ্টিভংগী খুবেই সংঘাত পূৰ্ণ আৰু বিদ্ৰোহাত্মক আছিল। ভাল লগা কথাটো হ'ল এনে নতুন দৃষ্টিভংগীৰ সিংহভাগ মতাদৰ্শৰ গুৰিতে আছিল সেই সময়ৰ গৰ্জন পুৰুষ ৰণোজ পেগুহঁতৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰভাৱ। এটা কথা স্বীকাৰ কৰিবই লাগিব যে আজি পৰ্যন্ত কংগ্ৰেছী ঘৰত জন্ম হৈও কংগ্ৰেছী নোহোৱাৰ গুৰিতে আছিল আমাৰ প্ৰজন্মক আলোড়িত কৰি ৰখা ৰণোজ পেগুৰ বলিষ্ঠ প্ৰভাৱ। সেই সময়ৰ দেৱাল লিখন , শদিয়াৰ পৰা ধুবুৰীৰ ঐতিহাসিক পদযাত্ৰাৰ মাজেদি এক প্ৰগতিশীল সমাজ চেতনা জাগ্ৰত কৰা সজাগতা সমূহ। বন্দুকৰ বিপৰীতে ধনুকাঁড়ৰ প্ৰেমত পৰা আমিবোৰ অপৈণত চিন্তা বহনকাৰী প্ৰজন্ম বুলি আজিও কাকো ক'বলৈ সুযোগ নিদিয়াকে হেঁচা-ঠেলাৰ মাজেদি কটাই থকা আমিবোৰ সেই সময়ৰ ৰণোজ পেগুৰ উত্তৰসূৰী বুলি দাবী কৰাৰ অনেক সমল আজিও গোপন কৰি ৰাখিছোঁ। প্ৰয়োজন হ'লে ৰাজহুৱা বিতৰ্ক কৰিব পৰাকৈ তৃণমূল সংগ্ৰামৰ ইতিহাসৰ সাক্ষী হৈ আছোঁ।


ৰণোজ পেগুৱে এটা গৰ্জনেৰে যি স্বাভিমানী আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰাব পাৰে , কিন্তু আজি তেওঁৰ অতি কৌশলী স্থিতিয়ে অতি পৰিতাপেৰে জাতিটোক আনৰ হাতত মেলা চিকাৰলৈ ৰূপান্তৰ কৰিছে । জাতিটোক আকৌ এবাৰ এক নতুন মাত্ৰাত পুতৌ পাত্ৰ হ'বলৈ এৰি দিছে। ধিক্কাৰ এই বাবেই দিম ,যি দুগৰাকী মিচিং জাতিৰ নেতা চৰকাৰৰ অন্তৰ্ভাগত আছে, তেওঁলোক সাধাৰণ পালি নেতা হৈ যোৱা নেতা নাছিল। যাক গৰ্জন পুৰুষ বুলি লʼৰালিৰে পৰা শ্ৰদ্ধা কৰি আহিছিলোঁ, আজি বেয়া লাগে সেই নেতা জনৰ আজিৰ অৱস্থানে  চৰকাৰৰ অভ্যন্তৰত তেওঁৰ সাম্প্ৰতিক নিশকতীয়া অৱস্থানকে প্ৰতিফলিত কৰিছে। এই কথা তেওঁ বুজি পোৱা উচিত। তেওঁৰ দাপোনত নিজক এবাৰ ঘূৰি চোৱা উচিত। 


অসমৰ ২য় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ বাবে একো চৰ্তই থাকিব নোৱাৰে। চৰকাৰৰ হৈ ওকালতি কৰিবলৈ যিবোৰ পাতল  যুক্তিৰে খণ্ডন কৰাৰ চেষ্টা কৰিছে, ৰণোজ পেগুৰ ভাবমূৰ্তি তেওঁৰ যুক্তিৰ দৰেই খণ্ড বিখণ্ড হৈছে। সেই কথা তেওঁৰ স্তাৱক সকলে বুজি বুজাই দিয়া উচিত। 





আজিকালি এটা ট্ৰেণ্ড দেখা গৈছে, ৰণোজ পেগু আৰু ভূৱন পেগুক সমালোচনা কৰা সকলক অন্ধভক্তৰ দৰে কেইজনমান স্তাৱকে ট্ৰল ভাবুকি দিয়া এক কাৰ্যকলাপ সংঘটিত হৈছে।সেই সকলে এটা কথা বুজা উচিত যে ৰণোজ পেগু আৰু ভূৱন পেগুৰ স্থান সদায়ে সুকীয়া। সুকীয়া এই ক্ষেত্ৰত পূৰ্বজ কোনো মিচিং ৰাজনৈতিক নেতাৰ দৰে কলনিয়েল নেতা নাছিল। তেওঁলোক একো গৰাকী গণসংগ্ৰামৰ মাজেদি যোৱা অন্যতম কমিটেড নেতা আছিল। সেই বাবেই জনগণই বাকী নেতাবোৰতকৈ দুগুণ ক্ষুৰধাৰ সমালোচনা কৰাৰ হক আছে আৰু থাকিব। মই বা আমাৰ প্ৰজন্মই সমালোচনা কৰি শোধন কৰাৰ অধিকাৰ আছে আৰু থাকিব। সেই কথা সময় থাকোঁতেই যদি বুজি নাপাই তেতিয়া হ'লে আজি যি কণ অস্তিত্ব ৰণোজ পেগু আৰু ভূৱন পেগু বুলি আছে সেই কণো আপোনালোকে ঢুকি নাপাবগৈ। আৰু এই কথাও কয় থ’লোঁ এনে ট্ৰল ভাবুকিক ভয় কৰি ৰণোজ -ভূৱন বিতৰ্ক নকৰিম তেনে বেয়া সপোন ছোৱা বন্ধ কৰিবলৈও সকীয়াই থ’লোঁ।


যিহেতুকে তেওঁলোকে জাতীয় সংগ্ৰামৰ পৰৱৰ্তী কালছোৱাক 'আপোচ' বুলি নকৈ এক নতুন কৌশলী নীতি বুলি জনপ্ৰিয় কৰি ব্যাখ্যা কৰে “চৰকাৰৰ মাজত সোমাই জাতিটোৰ বাবে সুবিধা আদায় কৰিব লাগিব ”। 


এই তত্ত্বকে সত্য বুলিও যদি মনা যায় তেতিয়া হ'লেও আৰু অধিক সমালোচনা আৰু দাবী কৰাৰ হক আছে। চৰকাৰৰ মাজত থাকিও আজি পৰ্যন্ত কিয় স্বাভিমানী আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰাব পৰা নাই। কিয় জাতিটোক হাঁহিয়াতৰ পাত্ৰ হ'বলৈ এৰি দি অপ্ৰাসংগিক যুক্তিৰে আভুৱা ভাৰিবলৈ যত্ন কৰিছে। অতি সাধাৰণ কথাতে,অথবা আপোনাৰ মন্ত্ৰীত্বাধীন সকলো বিভাগীয় বিবৃতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ফিতাহী মাৰিব পাৰে, গতিকে সেইজনা মিচিং ভোট বিচৰা মুখ্যমন্ত্ৰীৰ মুখেৰে কিয় বিবৃতি বাহিৰ কৰাব পৰা নাই।


আপুনি মিচিং কাৰণে মিচিঙৰ কথাত মুখপাতি ধৰিছে ।যদি সেইটোৱেই হয় এইটো আৰু মাৰাত্মক আৰু জাতীয় ট্ৰেজেডী। নে নিজৰ ভাৱমূৰ্তি বেয়া কৰি হ'লেও তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। আপোনালোকৰ অৰিজিনেল ৰাজনৈতিক আদৰ্শ জলাঞ্জলি দিলে বুলিয়েই ইমান বেকা হ'লে আমাৰ ক'ৰবাত ভাল নালাগে। বাকী ৰাজনৈতিক বিতৰ্ক পাছলৈ ৰাখিও কওঁ আলি আঃয়ে লৃগাঙক মুখৰোচক বিতৰ্কৰ পৰা আঁতৰাই বিনা চৰ্তে বন্ধ ঘোষণা কৰাওক। এই প্ৰসংগত কোনো ক্ষমা কৰা নহ'ব। আজিৰ বিক্ষিপ্ত প্ৰতিবাদ এক সংগঠিত প্ৰতিবাদলৈ বেছি পৰ নাই। হিমন্তই এই জ্বলা জুইকুৰাৰ কাষত ৰণোজ -ভূৱনৰ শুকান মুখকেইখনক উদঙাবলৈও হয়তো বেছি পৰ নৰব যদিহে সময়ত সেই গুজৰণি মৰা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement