--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা হঠাতে মানুহৰ কঁকালৰ( Waist) আকাৰ বৃদ্ধি হয়। কঁকালৰ আকাৰ বৃদ্ধি হলে শাৰীৰিক গঠনক লৈ মানুহ চিন্তাত পৰে। পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবে সচৰাচৰ মানুহৰ কঁকালৰ আকাৰ বৃদ্ধি হয়। ভুল জীৱনশৈলী, ভুল আহাৰ, অস্বাস্থ্যকৰ আহাৰে কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি কোনোবাই এইবোৰৰ প্ৰতি মনোযোগ নিদিয়ে তেনেহ'লে তেওঁৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু শৰীৰত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে। শেহতীয়া এক অধ্যয়ন অনুসৰি যিসকল লোকৰ কঁকালৰ আকাৰ চাৰি ইঞ্চি বৃদ্ধি হয় তেনে লোকৰ কৰ্কট ৰোগৰ আশংকা অধিক হয়।  

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি কঁকালৰ চাৰি ইঞ্চি বৃদ্ধি হলে প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে আৰু মৃত্যুৰ আশংকা ৭ শতাংশলৈকে বৃদ্ধি হ'ব পাৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়য়ে ২.৫ নিযুত পুৰুষৰ ওপৰত গৱেষণা চলাইছিল, য'ত এই কথা ধৰা পৰিছে। 

পৰ্যালোচনাত দেখা গৈছে যে বিয়েৰ খোৱাটোৱে প্ৰষ্টেট কৰ্কট ৰোগৰ বিকাশো বৃদ্ধি কৰে। প্ৰষ্টেট কৰ্কট হৈছে পুৰুষৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ। বয়স হোৱাৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি হয়। সঘনাই প্ৰস্ৰাৱ লগা, দ্ৰুতগতিত প্ৰস্ৰাৱ কৰিব লগা অনুভৱ, প্ৰস্ৰাৱ কৰাত অসুবিধা, প্ৰস্ৰাৱ কৰোঁতে অধিক সময় লগা, মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী নোহোৱা, প্ৰস্ৰাৱ বা বীৰ্যত ৰক্তক্ষৰণ ইত্যাদি প্ৰষ্টেট কৰ্কটৰোগৰ লক্ষণ হ'ব পাৰে। সেয়েহে বিয়েৰ খোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে এই অধ্যয়নত। মহিলাৰ ক্ষেত্ৰতো হ'ব পাৰে এনে ৰোগ। 

কঁকালৰ আকাৰ কেনেদৰে হ্ৰাস কৰিব লাগে

কঁকালৰ আকাৰ হ্ৰাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল আহাৰৰ প্ৰতি মনোযোগ দিয়া। আপোনাৰ আহাৰত সেউজীয়া পাচলি, ফল, বাদাম, সম্পূৰ্ণ শস্য আদি অন্তৰ্ভুক্ত কৰিব। লগতে ভজা খাদ্য, জাংক ফুড আদি সম্পূৰ্ণৰূপে খোৱা বন্ধ কৰক। শাৰীৰিক ব্যায়াম কৰিব কিয়নো ই শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি দহন কৰাত সহায় কৰে। যদি আপোনাৰ ওজন অধিক এজন উপযুক্ত প্ৰশিক্ষক বা পুষ্টিবিদৰ সহায় লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ