ডিজিটেল ডেস্ক: ভাৰতত পুনৰ দেখা গৈছে কৰ’নাৰ আতংক৷ দৈনিক বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷
দেশত চৌবিশ ঘণ্টাত ৪,৪৩৫গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে৷ দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে ৪২৪গৰাকী ক’ভিড ৰোগী৷
বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাত মৃত্যু হোৱা ৰোগীৰ সংখ্যাও৷ মহাৰাষ্ট্র, দিল্লীত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰণালয়৷ উত্তৰাখণ্ডতো বৃদ্ধি পাইছে কৰ’না সংক্ৰমিতৰ সংখ্যা৷ কৰ’নাৰ শেহতীয়া ঢৌৰ কবলত পৰিছে পঞ্জাবো৷ বৰ্তমানলৈকে দেশত ২৩ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত৷