--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এতিয়া সকলো ঠাইতে উভৈনদী হৈ পৰিছে বতৰৰ ফল কঁঠাল। কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশত কঁঠাল বেছি পৰিমাণে উৎপাদন হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত কঁঠাল অন্যতম। 

কেৱল ফল বিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। ফল-মূলৰ নামত আমি বেছি সময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি। কঁঠালকে ধৰি স্থানীয়ভাবে পোৱা ফল-মূলক আমাৰ মাজৰে বহুতেই গুৰুত্ব নিদিয়াও পৰিলক্ষিত হয়। কিন্তু বাহিৰৰ পৰা অহা ফলত কৈ কঁঠালত থকা পুষ্টিগুণ বহু বেছি।

কঁঠালগুটি বহুতৰে বাবে অৱহেলিত  যদিও কঁঠালগুটিৰ আছে বহু গুণ।এক কথা  কঁঠালগুটিক ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক পৰিমাণে থকা)বুলিও ক'ব পাৰি । স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুত বাস কৰা জীৱ-অনুকূল হয়।

গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠাল গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত সহায় কৰে। 

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সমতা ৰক্ষাত ৰক্ষাত সহায় কৰে। ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু  ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) সমৃদ্ধ  কঁঠালগুটিয়ে  ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ ৰখাৰ লগতে পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই  কলেষ্টেৰল কমোৱাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি