--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুশাসন নাই নেকি অসমত? অসমত সুশাসন প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ? এক সমীক্ষাত প্ৰকাশ পোৱা তথ্যই এই প্ৰশ্ন জগাইছে সকলোৰে মনত। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, “ভাৰত ৰত্ন” অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসটি ধেমাজি “সুশাসন দিৱস” হিচাবে পালন কৰে বিজেপিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে সুশাসন দিৱস উপলক্ষে সুশাসন সূচক (জিজিআই)-২০২১ মুকলি কৰে। কোন কোন ৰাজ্যত সুশাসন চলি আছে সেই উত্তৰ পোৱা যায় এই সমীক্ষাৰ জৰিয়তে। সুশাসন সমীক্ষাত গুজৰাট শীৰ্ষস্থানত আছে। আনহাতে মহাৰাষ্ট্ৰ আৰু গোৱা ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। উত্তৰ প্ৰদেশৰ সূচকসমূহে ৮.৯ শতাংশ বৃদ্ধিৰে নিজৰ স্থান উন্নত কৰিছে। সূচী অনুসৰি ২০ খন ৰাজ্যই ২০২১ বৰ্ষৰ বাবে সামগ্ৰিক জিজিআই পইণ্ট উন্নত কৰিছে।

গুজৰাটে ৫৮ সূচকেৰে সামগ্ৰিক ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে শনিবাৰে সুশাসন দিৱস উপলক্ষে দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত জিজিআই সূচক ২০২১ মুকলি কৰে। সূচীটো কেন্দ্ৰীয় প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে প্ৰস্তুত কৰে।  অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় কৰ্মচাৰী ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে জিজিআইয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শাসনৰ অৱস্থা মূল্যায়নত সহায় কৰিব। ইয়াৰ উদ্দেশ্য হৈছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শাসনৰ অৱস্থা তুলনা কৰিবলৈ তথ্য প্ৰদান কৰা। ই ৰাজ্যসমূহক শাসন ব্যৱস্থা উন্নত কৰাৰ বাবে এক উপযুক্ত ৰণনীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰাত সহায় কৰিব। 

গুজৰাটে অৰ্থনৈতিক প্ৰশাসন, মানৱ সম্পদ উন্নয়ন, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, সমাজ কল্যাণ আৰু উন্নয়ন, ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাত ভাল প্ৰদৰ্শন কৰে আনহাতে মহাৰাষ্ট্ৰই কৃষি আৰু আনুষঙ্গিক খণ্ড, মানৱ সম্পদ, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, সমাজ কল্যাণ আৰু উন্নয়নত উন্নত প্ৰদৰ্শন কৰে।গোৱাই কৃষি আৰু আনুষঙ্গিক খণ্ড, বাণিজ্য আৰু উদ্যোগ, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, অৰ্থনৈতিক প্ৰশাসন, সমাজ কল্যাণ আৰু উন্নয়ন আৰু পৰিৱেশত ভাল কাম কৰিছে। সেই অনুসৰি এই তিনিখন ৰাজ্যই প্ৰথম তিনিটা স্থান দখল কৰিবলৈ সক্ষম হয়। এই তালিকাত দূৰ দূৰলৈকে স্থান নাই অসমৰ।

আৰু পঢ়কঃ প্ৰেমৰ পৃথিৱীক বিদায় জনাই নিয়তিৰ কোলাত শুই পৰিল কিশোৰী ছাত্ৰী জিঞ্জিৰী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা