--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুশাসন নাই নেকি অসমত? অসমত সুশাসন প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ? এক সমীক্ষাত প্ৰকাশ পোৱা তথ্যই এই প্ৰশ্ন জগাইছে সকলোৰে মনত। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, “ভাৰত ৰত্ন” অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসটি ধেমাজি “সুশাসন দিৱস” হিচাবে পালন কৰে বিজেপিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে সুশাসন দিৱস উপলক্ষে সুশাসন সূচক (জিজিআই)-২০২১ মুকলি কৰে। কোন কোন ৰাজ্যত সুশাসন চলি আছে সেই উত্তৰ পোৱা যায় এই সমীক্ষাৰ জৰিয়তে। সুশাসন সমীক্ষাত গুজৰাট শীৰ্ষস্থানত আছে। আনহাতে মহাৰাষ্ট্ৰ আৰু গোৱা ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। উত্তৰ প্ৰদেশৰ সূচকসমূহে ৮.৯ শতাংশ বৃদ্ধিৰে নিজৰ স্থান উন্নত কৰিছে। সূচী অনুসৰি ২০ খন ৰাজ্যই ২০২১ বৰ্ষৰ বাবে সামগ্ৰিক জিজিআই পইণ্ট উন্নত কৰিছে।

গুজৰাটে ৫৮ সূচকেৰে সামগ্ৰিক ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে শনিবাৰে সুশাসন দিৱস উপলক্ষে দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত জিজিআই সূচক ২০২১ মুকলি কৰে। সূচীটো কেন্দ্ৰীয় প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে প্ৰস্তুত কৰে।  অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় কৰ্মচাৰী ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে জিজিআইয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শাসনৰ অৱস্থা মূল্যায়নত সহায় কৰিব। ইয়াৰ উদ্দেশ্য হৈছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শাসনৰ অৱস্থা তুলনা কৰিবলৈ তথ্য প্ৰদান কৰা। ই ৰাজ্যসমূহক শাসন ব্যৱস্থা উন্নত কৰাৰ বাবে এক উপযুক্ত ৰণনীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰাত সহায় কৰিব। 

গুজৰাটে অৰ্থনৈতিক প্ৰশাসন, মানৱ সম্পদ উন্নয়ন, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, সমাজ কল্যাণ আৰু উন্নয়ন, ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাত ভাল প্ৰদৰ্শন কৰে আনহাতে মহাৰাষ্ট্ৰই কৃষি আৰু আনুষঙ্গিক খণ্ড, মানৱ সম্পদ, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, সমাজ কল্যাণ আৰু উন্নয়নত উন্নত প্ৰদৰ্শন কৰে।গোৱাই কৃষি আৰু আনুষঙ্গিক খণ্ড, বাণিজ্য আৰু উদ্যোগ, ৰাজহুৱা আন্তঃগাঁথনি আৰু সুবিধা, অৰ্থনৈতিক প্ৰশাসন, সমাজ কল্যাণ আৰু উন্নয়ন আৰু পৰিৱেশত ভাল কাম কৰিছে। সেই অনুসৰি এই তিনিখন ৰাজ্যই প্ৰথম তিনিটা স্থান দখল কৰিবলৈ সক্ষম হয়। এই তালিকাত দূৰ দূৰলৈকে স্থান নাই অসমৰ।

আৰু পঢ়কঃ প্ৰেমৰ পৃথিৱীক বিদায় জনাই নিয়তিৰ কোলাত শুই পৰিল কিশোৰী ছাত্ৰী জিঞ্জিৰী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম