--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী আলিয়া ভাট! কন্যা ৰহাৰ বয়স মাত্ৰ তিনিমাহ। ইয়াৰ মাজতে মায়ানগৰীত নতুন নতুন জল্পনা-কল্পনাৰ চৰ্চালৈ আহিছে। শুনা যায় যে আলিয়া আকৌ গৰ্ভৱতী হৈছে। শেহতীয়াকৈ আলিয়াক স্বামী ৰণবীৰ কাপুৰৰ সৈতে মুম্বাইৰ এক অনুষ্ঠানত দেখা গৈছিল। আলিয়াই মাতৃ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এক অনুষ্ঠানত অংশ লৈছিল। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্ৰেণ্ডৰ কাপোৰৰ বাবে ফটো শ্বুটো কৰিছিল। তেতিয়াৰ পৰাই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আলিয়াই দ্বিতীয়বাৰৰ বাবে ভাল খবৰ দিবলৈ ওলাইছে।

বিগত বৰ্ষৰ ১৪ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছত জুন মাহত গম পোৱা গৈছিল যে আলিয়া মাতৃ হ’বলৈ ওলাইছে। নৱেম্বৰৰ প্ৰথম সপ্তাহত আলিয়াই জন্ম দিলে এটি কন্যা সন্তান। শেহতীয়াকৈ কাপুৰ দম্পতীহালে কন্যা ৰাহাৰ সৈতে ফুৰিবলৈ ওলাই যায়। যদিও তেওঁলোকে এতিয়াও ছোৱালীজনীৰ মুখখন ৰাজহুৱা কৰা নাই। ফটোগ্ৰাফাৰসকলক অনুৰোধ জনাইছে যে ৰাহাৰ দুবছৰ বয়স নোহোৱালৈকে ফটো নল’ব। ইফালে কাপুৰৰ একাংশ ঘনিষ্ঠ বন্ধুৱে কয় যে আলিয়াৰ গৰ্ভৱতী হোৱাৰ উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন। অৱশ্যে এতিয়াও এই সন্দৰ্ভত আলিয়া আৰু ৰণবীৰে মুকলিকৈ একো প্ৰকাশ কৰা নাই।

গৰ্ভাৱস্থাত বিৰতি লোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে। বৰঞ্চ ইটোৰ পিছত সিটো কামহে কৰিছে। তেওঁ হলিউডত ‘হাৰ্ট অৱ ষ্টোন’ ছবিখনৰ শ্বুটিং কৰিছিল, ‘ব্ৰহ্মাস্ত্ৰ' ছবিখনৰ প্ৰচাৰ কৰিছিল। অৱশ্যে ৰাহাৰ আগমনৰ পাছত বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বাস্থ্যক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। শীঘ্ৰে মুক্তি পাব তেওঁৰ নতুন ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে