--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী আলিয়া ভাট! কন্যা ৰহাৰ বয়স মাত্ৰ তিনিমাহ। ইয়াৰ মাজতে মায়ানগৰীত নতুন নতুন জল্পনা-কল্পনাৰ চৰ্চালৈ আহিছে। শুনা যায় যে আলিয়া আকৌ গৰ্ভৱতী হৈছে। শেহতীয়াকৈ আলিয়াক স্বামী ৰণবীৰ কাপুৰৰ সৈতে মুম্বাইৰ এক অনুষ্ঠানত দেখা গৈছিল। আলিয়াই মাতৃ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এক অনুষ্ঠানত অংশ লৈছিল। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্ৰেণ্ডৰ কাপোৰৰ বাবে ফটো শ্বুটো কৰিছিল। তেতিয়াৰ পৰাই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আলিয়াই দ্বিতীয়বাৰৰ বাবে ভাল খবৰ দিবলৈ ওলাইছে।

বিগত বৰ্ষৰ ১৪ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছত জুন মাহত গম পোৱা গৈছিল যে আলিয়া মাতৃ হ’বলৈ ওলাইছে। নৱেম্বৰৰ প্ৰথম সপ্তাহত আলিয়াই জন্ম দিলে এটি কন্যা সন্তান। শেহতীয়াকৈ কাপুৰ দম্পতীহালে কন্যা ৰাহাৰ সৈতে ফুৰিবলৈ ওলাই যায়। যদিও তেওঁলোকে এতিয়াও ছোৱালীজনীৰ মুখখন ৰাজহুৱা কৰা নাই। ফটোগ্ৰাফাৰসকলক অনুৰোধ জনাইছে যে ৰাহাৰ দুবছৰ বয়স নোহোৱালৈকে ফটো নল’ব। ইফালে কাপুৰৰ একাংশ ঘনিষ্ঠ বন্ধুৱে কয় যে আলিয়াৰ গৰ্ভৱতী হোৱাৰ উৰাবাতৰি সম্পূৰ্ণ ভিত্তিহীন। অৱশ্যে এতিয়াও এই সন্দৰ্ভত আলিয়া আৰু ৰণবীৰে মুকলিকৈ একো প্ৰকাশ কৰা নাই।

গৰ্ভাৱস্থাত বিৰতি লোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে। বৰঞ্চ ইটোৰ পিছত সিটো কামহে কৰিছে। তেওঁ হলিউডত ‘হাৰ্ট অৱ ষ্টোন’ ছবিখনৰ শ্বুটিং কৰিছিল, ‘ব্ৰহ্মাস্ত্ৰ' ছবিখনৰ প্ৰচাৰ কৰিছিল। অৱশ্যে ৰাহাৰ আগমনৰ পাছত বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বাস্থ্যক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। শীঘ্ৰে মুক্তি পাব তেওঁৰ নতুন ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক