--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত নেটিজেনে জল্পনা-কল্পনা কৰিছে যে আলিয়া ভাটৰ পাছত দীপিকা পাডুকনেও এই ভাল খবৰটো শ্বেয়াৰ কৰিবলৈ ওলাইছে। ইফালে দীপিকাৰ এক সাক্ষাৎকাৰো ওলাইছে য’ত ‘পাঠান’ অভিনেত্ৰীগৰাকীয়ে গৰ্ভাৱস্থাৰ কথা কোৱা দেখা গৈছে।

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ যুটিক বলীউডৰ অন্যতম দম্পতী হিচাপে বিবেচিত হৈছে। দীপিকা আৰু ৰণবীৰৰ বিবাহৰ চাৰি বছৰ হ’ল যদিও এতিয়ালৈকে দম্পতীহালে বেবী প্লেনিং কৰা নাই। কিন্তু এতিয়া এনে খবৰ ওলাইছে যে এইবাৰ দীপিকা পাডুকনেও দিব ভাল খবৰ। আমি নহয়, কিন্তু দীপিকাই নিজেই এটা সাক্ষাৎকাৰত এই কথা কৈছে।

পিছে ভাইৰেল হোৱা ভিডিঅ'টো পুৰণি। পুৰণি সাক্ষাৎকাৰত দীপিকা পাডুকনে নিজৰ ১০ বছৰীয়া পৰিকল্পনাৰ কথা কওঁতে কৈছিল, ‘১০ বছৰৰ পাছত তেওঁ এনে এটা ঠাইত উপস্থিত হ’ব য’ত তেওঁৰ চাৰিওফালে ৩টা ল’ৰা-ছোৱালীয়ে খেলিব, যাক তেওঁ শ্বুটিংলৈ লৈ যাব। তেওঁলোকৰ এটা সৰু, হাঁহিমুখীয়া পৰিয়াল হ’ব। দীপিকাই লগতে কয় যে ‘তেওঁ লগতে অভিনয়ৰ কামো কৰি যাব’।

উল্লেখযোগ্য যে ২০১৩ চনত ৰাজীৱ মাছান্দৰ ৰাউণ্ড টেবুল শ্ব’ত দীপিকা পাডুকনে নিজৰ ১০ বছৰৰ পৰিকল্পনাৰ কথা কৈছিল। তাৰ পাছত ‘পাঠান’ অভিনেত্ৰী  দীপিকাই ৩টা সন্তানৰ ইচ্ছা আৰু গৰ্ভধাৰণৰ বিষয়ে নিজৰ চিন্তা-চৰ্চাৰ বিষয়ে অৱগত কৰে। একে সময়তে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰো ৪ বছৰ সম্পূৰ্ণ হৈছে। ২০১৮ চনত দীপিকা-ৰণবীৰৰ বিয়া হৈছিল, আনহাতে আলিয়া-ৰনবীৰ পিতৃ-মাতৃ হোৱাৰ পাছৰে পৰা দীপিকাৰ অনুৰাগীসকলেও এটা ভাল খবৰৰ ওপৰত জল্পনা-কল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক