--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত নেটিজেনে জল্পনা-কল্পনা কৰিছে যে আলিয়া ভাটৰ পাছত দীপিকা পাডুকনেও এই ভাল খবৰটো শ্বেয়াৰ কৰিবলৈ ওলাইছে। ইফালে দীপিকাৰ এক সাক্ষাৎকাৰো ওলাইছে য’ত ‘পাঠান’ অভিনেত্ৰীগৰাকীয়ে গৰ্ভাৱস্থাৰ কথা কোৱা দেখা গৈছে।

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ যুটিক বলীউডৰ অন্যতম দম্পতী হিচাপে বিবেচিত হৈছে। দীপিকা আৰু ৰণবীৰৰ বিবাহৰ চাৰি বছৰ হ’ল যদিও এতিয়ালৈকে দম্পতীহালে বেবী প্লেনিং কৰা নাই। কিন্তু এতিয়া এনে খবৰ ওলাইছে যে এইবাৰ দীপিকা পাডুকনেও দিব ভাল খবৰ। আমি নহয়, কিন্তু দীপিকাই নিজেই এটা সাক্ষাৎকাৰত এই কথা কৈছে।

পিছে ভাইৰেল হোৱা ভিডিঅ'টো পুৰণি। পুৰণি সাক্ষাৎকাৰত দীপিকা পাডুকনে নিজৰ ১০ বছৰীয়া পৰিকল্পনাৰ কথা কওঁতে কৈছিল, ‘১০ বছৰৰ পাছত তেওঁ এনে এটা ঠাইত উপস্থিত হ’ব য’ত তেওঁৰ চাৰিওফালে ৩টা ল’ৰা-ছোৱালীয়ে খেলিব, যাক তেওঁ শ্বুটিংলৈ লৈ যাব। তেওঁলোকৰ এটা সৰু, হাঁহিমুখীয়া পৰিয়াল হ’ব। দীপিকাই লগতে কয় যে ‘তেওঁ লগতে অভিনয়ৰ কামো কৰি যাব’।

উল্লেখযোগ্য যে ২০১৩ চনত ৰাজীৱ মাছান্দৰ ৰাউণ্ড টেবুল শ্ব’ত দীপিকা পাডুকনে নিজৰ ১০ বছৰৰ পৰিকল্পনাৰ কথা কৈছিল। তাৰ পাছত ‘পাঠান’ অভিনেত্ৰী  দীপিকাই ৩টা সন্তানৰ ইচ্ছা আৰু গৰ্ভধাৰণৰ বিষয়ে নিজৰ চিন্তা-চৰ্চাৰ বিষয়ে অৱগত কৰে। একে সময়তে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰো ৪ বছৰ সম্পূৰ্ণ হৈছে। ২০১৮ চনত দীপিকা-ৰণবীৰৰ বিয়া হৈছিল, আনহাতে আলিয়া-ৰনবীৰ পিতৃ-মাতৃ হোৱাৰ পাছৰে পৰা দীপিকাৰ অনুৰাগীসকলেও এটা ভাল খবৰৰ ওপৰত জল্পনা-কল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু