--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ঈশা দেউলে প্ৰকাশ কৰিছে যে তেওঁৰ পিতৃ তথা প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই প্ৰথম অৱস্থাত তেওঁক ছবি জগতত যোগদান কৰাটো নিবিচাৰিছিল। ই-টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এসাই ধৰ্মেন্দ্ৰক তেওঁলোকৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰতি অত্যধিক সুৰক্ষা প্ৰদান কৰাৰ বাবে “গতানুগতিক পাঞ্জাবী পুৰুষ” বুলি অভিহিত কৰে।

ই-টাইমছক ঈশাই কয়, "তেওঁ এজন গতানুগতিক পাঞ্জাবী পুৰুষ বাবেই এই কাম কৰিছিল; তেওঁলোকে নিজৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰতি অতি সুৰক্ষামূলক বুলি জনা যায়। সময়ে নিজৰ গতি লয়, আৰু সকলোবোৰ শেষত ঠিক হৈ যায়।’’

"মই বহুত মহিলা শক্তিৰে ভৰা ঘৰ এখনত ডাঙৰ হৈছো — মোৰ আইতা, পেহী, খুলশালীয়েকৰ পৰা মোৰ মালৈকে সকলো শক্তিশালী মহিলা। গতিকে, স্বয়ংক্ৰিয়ভাৱে এইটো সত্য যে ১৮ বছৰ বয়সত মই কাম বিচৰা আৰম্ভ কৰিলো আৰু আৰ্থিকভাৱে স্বাধীন হ’বলৈ মন গ’ল।’’

উল্লেখ্য যে শেহতীয়াকৈ ঈশাই অজয় ​​দেৱগনৰ স’তে 'ৰুদ্ৰা: দ্য এজ অৱ ডাৰ্কনেছ’ৰ ছবিৰে অ’টিটিত অভিষেক ঘটায়। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ৱেব ছিৰিজ 'হাণ্টাৰ: টুটেগা নাহি টোডেগা’ত সুনীল শ্বেট্টীৰ সৈতে দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক