--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ঈশা দেউলে প্ৰকাশ কৰিছে যে তেওঁৰ পিতৃ তথা প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই প্ৰথম অৱস্থাত তেওঁক ছবি জগতত যোগদান কৰাটো নিবিচাৰিছিল। ই-টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এসাই ধৰ্মেন্দ্ৰক তেওঁলোকৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰতি অত্যধিক সুৰক্ষা প্ৰদান কৰাৰ বাবে “গতানুগতিক পাঞ্জাবী পুৰুষ” বুলি অভিহিত কৰে।

ই-টাইমছক ঈশাই কয়, "তেওঁ এজন গতানুগতিক পাঞ্জাবী পুৰুষ বাবেই এই কাম কৰিছিল; তেওঁলোকে নিজৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰতি অতি সুৰক্ষামূলক বুলি জনা যায়। সময়ে নিজৰ গতি লয়, আৰু সকলোবোৰ শেষত ঠিক হৈ যায়।’’

"মই বহুত মহিলা শক্তিৰে ভৰা ঘৰ এখনত ডাঙৰ হৈছো — মোৰ আইতা, পেহী, খুলশালীয়েকৰ পৰা মোৰ মালৈকে সকলো শক্তিশালী মহিলা। গতিকে, স্বয়ংক্ৰিয়ভাৱে এইটো সত্য যে ১৮ বছৰ বয়সত মই কাম বিচৰা আৰম্ভ কৰিলো আৰু আৰ্থিকভাৱে স্বাধীন হ’বলৈ মন গ’ল।’’

উল্লেখ্য যে শেহতীয়াকৈ ঈশাই অজয় ​​দেৱগনৰ স’তে 'ৰুদ্ৰা: দ্য এজ অৱ ডাৰ্কনেছ’ৰ ছবিৰে অ’টিটিত অভিষেক ঘটায়। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ৱেব ছিৰিজ 'হাণ্টাৰ: টুটেগা নাহি টোডেগা’ত সুনীল শ্বেট্টীৰ সৈতে দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ