--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন দহগৰাকী সাধাৰণ মহিলাৰ দৰেই কোলাত কন্যা সন্তানক লৈ অযোধ্যাত উপস্থিত হ’ল প্ৰিয়ংকা চোপ্ৰা। বিদেশৰ পৰা অহাৰ পিছতে প্ৰিয়ংকাই  অযোধ্যালৈ বুলি যাত্ৰা কৰে। তেওঁৰ লগত তেওঁৰ  স্বামী নিক জোনাছ আৰু জীয়ৰী মালতী মেৰী জোনাছো আছিল। প্ৰিয়ংকাই অযোধ্যাৰ মাটিত ভৰি থৈয়েই ৰাম মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে।প্ৰিয়ংকা চোপ্ৰাই শুকুৰবাৰে  তেওঁৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ সৈতে মুম্বাইত উপস্থিত হৈছিল।  

তিনিওজনকে  মঙলবাৰে অযোধ্যাত দেখা গৈছিল। শাৰী পিন্ধি প্ৰিয়ংকাই তেওঁৰ কন্যাক  কোলাত লৈ অযোধ্যাৰ মাটিত ভৰি দিছিল। নিকে  কুৰ্তা পিন্ধিছিল।  পূৰ্বে  প্ৰিয়ংকাই কৈছিল যে তেওঁ এইবাৰ  মুঠ ১০  দিনৰ বাবে ভাৰতত থাকিব। প্ৰিয়ংকাৰ হাতত এতিয়া কেইবাটাও প্ৰকল্পও আছে। প্ৰিয়ংকাই অৱশ্যে  নতুন ছবিৰ বাবে নহয়, কিছুমান ব্ৰেণ্ডৰ বাবে কাম কৰিবলৈহে দেশলৈ আহিছে। 

জানিব পৰা মতে  অভিনেত্ৰীগৰাকীয়ে প্ৰকল্পৰ  কামৰ বাবেই  কেইবাজনো পৰিচালকৰ সৈতে  বৈঠকত মিলিত হ’ব। তেওঁ সঞ্জয় লীলা ভাঞ্চালীকো  লগ কৰিব। প্ৰিয়ংকা চোপ্ৰা তেওঁৰ স্বামী নিকৰ সৈতে ফাৰহান আখটাৰৰ ঘৰলৈও গৈছে। ইয়াৰ পিছতে তেওঁক ৰাম মন্দিৰত দেখা যায়। 

অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাটৰ পৰা আৰম্ভ কৰি বিকি কৌশল, কেটৰিনা কাঈফ আৰু আয়ুষ্মান খুৰানাই জানুৱাৰী মাহতে ৰাম মন্দিৰ উদ্বোধনৰ দিনা অযোধ্যা ভ্ৰমণ কৰিছিল। তেওঁলোকে ৰাম লালাৰ জীৱন প্ৰতিষ্ঠাৰ সাক্ষী হৈছে। প্ৰিয়ংকায়ো ৰাম লালা  দৰ্শন  কৰিব বিচাৰিছিল। গতিকে এইবাৰ তেওঁ দেশলৈ উভতি আহিয়েই অযোধ্যালৈ গৈছে আৰু মনৰ  ইচ্ছা পূৰণ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী