--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে আজি তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামালাইৰ উপস্থিতিত পুনৰ বিজেপিত যোগদান কৰে৷ তেলেংগানাৰ ৰাজ্যপাল পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ ২০১৯ চনত বিজেপি ত্যাগ কৰিছিল। এতিয়া তেওঁ পুনৰ গেৰুৱা শিবিৰলৈ উভতি আহিছে। চৰ্চা চলা অনুসৰি তামিলিচাই সৌন্দৰৰাজনে তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। 

উল্লেখ্য কিছুদিন পূৰ্বে তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে  পদত্যাগ কৰিছিল। তেওঁ সোমবাৰে তেলেংগানাৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে তেলেংগানাত থকাৰ সময়তে তেলেংগানাৰ ৰাজ্যপালগৰাকীয়ে হঠাতে পদত্যাগ কৰিছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে  দেওবাৰে নিশা তেলেংগানাৰ ৰাজভৱনতে আছিল। তেওঁ সোমবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

উল্লেখ্য  সৌন্দৰৰাজনে দীৰ্ঘদিন ধৰি তামিলনাডুৰ বিজেপি সভাপতি হিচাপে কাম কৰি আহিছিল। তাৰ পিছত তেওঁক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ বাৰে বাৰে তামিলনাডুৰ ডিএমকে চৰকাৰক লক্ষ্য কৰি লৈছিল।  শুনা গৈছে যে গেৰুৱা শিবিৰে তেওঁক আগন্তুক লোকসভা নিৰ্বাচনত টিকট দিয়াৰ কথা ভাবি আছে।

 বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, তামিলিচাইক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত হ'বলৈ কোৱা হৈছে। বিজেপিয়ে শীঘ্ৰেই দলটোৰ আন এখন  প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি আশা কৰা হৈছে। সম্ভৱতঃ তামিলিচাইৰ নাম সেই তালিকাত থাকিব। ধাৰণা কৰা অনুসৰি বিজেপিয়ে তেওঁক উত্তৰ তামিলনাডু, পুডুচেৰী বা চেন্নাই দক্ষিণ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী