--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছবি 'ফাইটাৰ'ত অভিনয় কৰিছে কৰণ সিং গ্ৰভাৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৰণে ছবিখনৰ সন্দৰ্ভত এক অনুভৱ ব্যক্ত কৰিছে। অভিনেতা কৰণ সিং গ্ৰভাৰ আৰু তেওঁৰ পত্নী বিপাশা বসুৱে ২০২২ চনৰ নৱেম্বৰ মাহত কন্যা দেৱীক আদৰণি জনায়। জন্মৰ তিনিমাহৰ পিছত দম্পতীটোৱে গম পালে যে তেওঁলোকৰ ছোৱালীজনীৰ হাৰ্টত এটা ফুটা আছে। এই খবৰে কৰণ আৰু বিপাশাক স্তম্ভিত কৰি তুলিলে। কন্যাৰ অসুস্থতাৰ বাবে ‘ফাইটাৰ’ৰ শ্বুটিঙলৈ যোৱাৰ সাহস হোৱা নাছিল কৰণৰ।

কৰণ সিং গ্ৰ’ভাৰে কয় যে যেতিয়া তেওঁৰ কন্যা দেৱীৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ দুখী হৈ পৰিছিল। সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘ফাইটাৰ’ৰ শ্বুটিঙলৈ যাবলৈও তেওঁ সাজু নাছিল।

অভিনেতাগৰাকীয়ে কয়- "প্ৰথম সূচীৰ আৰম্ভণিতে মই ভাবিছিলো যে মই কামলৈ নাযাওঁ, কাৰণ কথাটো গুৰুতৰ আছিল আৰু মোৰ বাবে ছোৱালীজনীৰ পৰা আঁতৰি থকাটো কঠিন আছিল। মই ভালদৰে নিজকে চম্ভালিব পৰা নাছিলো। মই ভাবো বিপাশাৰ বাবেই সেই পৰ্যায়টো পাৰ কৰিবলৈ মই সহায় আৰু শক্তি পাইছিলোঁ। সঁচাকৈয়ে অনুভৱ কৰিলোঁ যে সেই সময়ছোৱাটো মোৰ বাবে একেবাৰেই সহজ নাছিল।"

পত্নী বিপাশা বসুক প্ৰশংসা কৰে অভিনেতাগৰাকীয়ে। কৰণে ক’লে যে এই কঠিন সময়ত বিপাশা সিংহিনীৰ দৰে থিয় হৈ আছিল। তেওঁ পত্নীক দেৱী বুলি বৰ্ণনা কৰিছিল। 

কৰণ সিং গ্ৰভাৰে লগতে কয়, "মই ইয়াৰ বাবে সাজু নাছিলো। এনে লাগিছিল যেন মোৰ হাত, ভৰি আৰু মুখ একোৱেই নাছিল। মোৰ পত্নী এগৰাকী সিংহিনী। তেওঁ বৰ শক্তিশালী। মাতৃ হোৱাৰ পিছত তেওঁ দেৱী হৈ পৰিছিল। তেওঁ বৰ বেলেগ।"

উল্লেখ্য যে বিপাশা বসুৱে যোৱা বছৰ কন্যাৰ অসুস্থতাৰ কথা সকলোৰে আগত প্ৰকাশ কৰিছিল। অৱশ্যে এতিয়া অস্ত্ৰোপচাৰৰ পিছত দেৱী ভালেই আছে।

সঁচাই পিতৃ সদায় পিতৃয়েই। সন্তানৰ বাবে তেওঁৰ মন সদায় চিন্তিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক