--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছবি 'ফাইটাৰ'ত অভিনয় কৰিছে কৰণ সিং গ্ৰভাৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৰণে ছবিখনৰ সন্দৰ্ভত এক অনুভৱ ব্যক্ত কৰিছে। অভিনেতা কৰণ সিং গ্ৰভাৰ আৰু তেওঁৰ পত্নী বিপাশা বসুৱে ২০২২ চনৰ নৱেম্বৰ মাহত কন্যা দেৱীক আদৰণি জনায়। জন্মৰ তিনিমাহৰ পিছত দম্পতীটোৱে গম পালে যে তেওঁলোকৰ ছোৱালীজনীৰ হাৰ্টত এটা ফুটা আছে। এই খবৰে কৰণ আৰু বিপাশাক স্তম্ভিত কৰি তুলিলে। কন্যাৰ অসুস্থতাৰ বাবে ‘ফাইটাৰ’ৰ শ্বুটিঙলৈ যোৱাৰ সাহস হোৱা নাছিল কৰণৰ।

কৰণ সিং গ্ৰ’ভাৰে কয় যে যেতিয়া তেওঁৰ কন্যা দেৱীৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ দুখী হৈ পৰিছিল। সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘ফাইটাৰ’ৰ শ্বুটিঙলৈ যাবলৈও তেওঁ সাজু নাছিল।

অভিনেতাগৰাকীয়ে কয়- "প্ৰথম সূচীৰ আৰম্ভণিতে মই ভাবিছিলো যে মই কামলৈ নাযাওঁ, কাৰণ কথাটো গুৰুতৰ আছিল আৰু মোৰ বাবে ছোৱালীজনীৰ পৰা আঁতৰি থকাটো কঠিন আছিল। মই ভালদৰে নিজকে চম্ভালিব পৰা নাছিলো। মই ভাবো বিপাশাৰ বাবেই সেই পৰ্যায়টো পাৰ কৰিবলৈ মই সহায় আৰু শক্তি পাইছিলোঁ। সঁচাকৈয়ে অনুভৱ কৰিলোঁ যে সেই সময়ছোৱাটো মোৰ বাবে একেবাৰেই সহজ নাছিল।"

পত্নী বিপাশা বসুক প্ৰশংসা কৰে অভিনেতাগৰাকীয়ে। কৰণে ক’লে যে এই কঠিন সময়ত বিপাশা সিংহিনীৰ দৰে থিয় হৈ আছিল। তেওঁ পত্নীক দেৱী বুলি বৰ্ণনা কৰিছিল। 

কৰণ সিং গ্ৰভাৰে লগতে কয়, "মই ইয়াৰ বাবে সাজু নাছিলো। এনে লাগিছিল যেন মোৰ হাত, ভৰি আৰু মুখ একোৱেই নাছিল। মোৰ পত্নী এগৰাকী সিংহিনী। তেওঁ বৰ শক্তিশালী। মাতৃ হোৱাৰ পিছত তেওঁ দেৱী হৈ পৰিছিল। তেওঁ বৰ বেলেগ।"

উল্লেখ্য যে বিপাশা বসুৱে যোৱা বছৰ কন্যাৰ অসুস্থতাৰ কথা সকলোৰে আগত প্ৰকাশ কৰিছিল। অৱশ্যে এতিয়া অস্ত্ৰোপচাৰৰ পিছত দেৱী ভালেই আছে।

সঁচাই পিতৃ সদায় পিতৃয়েই। সন্তানৰ বাবে তেওঁৰ মন সদায় চিন্তিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু