--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪ ফেব্ৰৱাৰীৰ নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হয় ৬৬ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। এইবেলি গ্ৰমী বঁটাত উজলিল কেইবাগৰাকীও ভাৰতীয়ৰ লগতে গায়িকা টেইলৰ ছুইফট, অলিভিয়া ৰড্ৰিগো, মাইলী চাইৰাছ আৰু লানা ডেল ৰেই । গায়িকা মাইলী চাইৰাছে এইবেলি তেওঁৰ সংগীত জীৱনৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। চতুৰ্থবাৰৰ বাবে গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক হিচাপে আছিল জনপ্ৰিয় কমেডী অভিনেতা ট্ৰেভৰ নোহে।


 ২০২৪ বৰ্ষৰ ৬৬ সংখ্যক গ্ৰেমী বঁটাত  উজলিল কেইবাগৰাকীও  ভাৰতীয় সংগীত শিল্পী।  এইবেলি ভাৰতীয় সংগীতশিল্পী শংকৰ মহাদেৱন আৰু বিখ্যাত তবলা বাদক জাকিৰ হুছেইনক গ্ৰেমী বঁটা প্ৰদান কৰা হয়। লগতে শংকৰ মহাদেৱনৰ বেণ্ড ‘শক্তি’ৰ ‘দিছ মমেণ্ট’ এলবামে ‘শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম’ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ‘দিছ মমেণ্ট’  এলবামটোত মুঠ ৮টা গীত আছে। ৬৬ সংখ্যক  গ্ৰেমী বঁটাত  শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইনৰ বেণ্ড 'শক্তি'য়ে গ্ৰেমী লাভ কৰাৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম কিংবদন্তি  হৰিপ্ৰসাদ চৌৰাছিয়াৰ ভতিজা বাঁহীবাদক ৰাকেশ চৌৰাছিয়াই দুটাকৈ গ্ৰেমী লাভ কৰিছে। জাকিৰ হুছেইনে তিনিটা গ্ৰেমী লাভ কৰিছে। 

ৰাকেশ চৌৰাছিয়াৰ  'এজ উই স্পিক' এলবামটো গ্ৰমেৰী  তিনিটা পৃথক শিতানৰ বাবে  মনোনীত হৈছিল। একেদৰে বিলি ইলিছ আৰু তেওঁৰ ভাতৃ  ফিনিয়াছে এইবেলি  ছং অফ দা ইয়েৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে হোৱাট ৱাজ আই মেড ফৰ গীতটিৰ  বঁটা লাভ কৰে। গীতটো  বাৰ্বি নামৰ ছবি খনৰ গীত।   আনহাতে, টেইলৰ ছুইফ্টে ১৩  বাৰৰ বাবে এই বঁটা লাভ কৰে। মাইলি চাইৰাছে প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰে। টেইলৰ ছুইফ্টে শ্ৰেষ্ঠ পপ ভোকেল এলবামৰ বাবে বঁটা লাভ কৰিছে। তেওঁ তেওঁৰ এলবাম মিডনাইটৰ বাবে এই বঁটা  লাভ কৰিছে। মিলি চাইৰাছে শ্ৰেষ্ঠ একক প্ৰদৰ্শনৰ বাবে বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ  গ্ৰুপ পাৰফৰমেন্সৰ বঁটা  লাভ কৰে ঘোষ্ট ইন দ্য মেচিন গীতটিয়ে। 

থেৰন থমাছে  নন-ক্লাছিকেল  গীতিকাৰ শিতানত বঁটা লাভ কৰে আৰু জেক এণ্টফে   নন-ক্লাছিকেল শিতানত প্ৰযোজকৰ বঁটা  লাভ কৰে। ৰাম্বলে শ্ৰেষ্ঠ ইলেক্ট্ৰিকেল ৰেকৰ্ডিঙৰ বঁটা লাভ কৰে। জাগুয়াৰ ২-এ শ্ৰেষ্ঠ আৰ এণ্ড বি এলবাম বঁটা লাভ কৰে।   গুড মৰ্ণিং-এ শ্ৰেষ্ঠ পৰম্পৰাগত   প্ৰদৰ্শনৰ বঁটা লাভ কৰিছে। দ্য ৰেকৰ্ডে শ্ৰেষ্ঠ অল্টাৰনেটিভ মিউজিক এলবামৰ বঁটা লাভ কৰে। 

 অন্যান্য শিতানৰ বঁটা


আন শ্ৰেণীত কোনে কি বঁটা লাভ কৰিছিল?
শ্ৰেষ্ঠ ল্টাৰনেটিভ মিউজিক পাৰফৰমেন্স বঁটা: দিছ ইজ হোৱাই

শ্ৰেষ্ঠ ৰক এলবাম: দিছ ইজ হোৱাই

শ্ৰেষ্ঠ ৰক সংগীত: নট ষ্ট্ৰং এনাফ

শ্ৰেষ্ঠ মেটাল পাৰফৰমেন্সঃ ৭২ ছিজনছ, মেটালিকা  

শ্ৰেষ্ঠ ইঞ্জিনিয়ার্ড  এলবাম, ধ্ৰুপদী: কনটেম্পোৰেৰী আমেৰিকান কম্পোজাৰ।

বৰ্ষটোৰ শ্ৰেষ্ঠ প্ৰযোজক : এলেইন মাৰ্টন

শ্ৰেষ্ঠ  অডিঅ' এলবাম: দ্য ডায়েৰী অব অ্যালিছিয়া কিজ

শ্ৰেষ্ঠ ইন্সট্রুমেন্টাল  কম্পোজিছন: হেলেনাজ থিম।


শ্ৰেষ্ঠ অৰ্কেষ্ট্ৰেল পাৰফৰমেন্স : এডিচ: দান্তে

শ্ৰেষ্ঠ চেম্বাৰ মিউজিক: ৰাফ মেজিক, ৰুমফুল অফ টিথ

শ্ৰেষ্ঠ সংগীত ভিডিঅ': আই এম অনলি শ্লিপিং

শ্ৰেষ্ঠ মিউজিক ফিল্ম : মুনেজ ডেড্ৰিম।

সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ডিং পেকেজ: ষ্টাম্পৱৰ্ক।

ভিজুৱেল মিডিয়াৰশ্ৰেষ্ঠ সংকলন :  বার্বি দ্য এলবাম।

শ্ৰেষ্ঠ কমেডি এলবাম: হোৱাটছ ইন নেম

শ্ৰেষ্ঠ আফ্ৰিকান সংগীত: ৱাটাৰ, টেলা।

শ্ৰেষ্ঠ ৰেপ পাৰফৰমেন্স: ছায়েন্টিস্ট এণ্ড ইঞ্জিনিয়াৰ্ছ


FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু