--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪ ফেব্ৰৱাৰীৰ নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হয় ৬৬ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। এইবেলি গ্ৰমী বঁটাত উজলিল কেইবাগৰাকীও ভাৰতীয়ৰ লগতে গায়িকা টেইলৰ ছুইফট, অলিভিয়া ৰড্ৰিগো, মাইলী চাইৰাছ আৰু লানা ডেল ৰেই । গায়িকা মাইলী চাইৰাছে এইবেলি তেওঁৰ সংগীত জীৱনৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। চতুৰ্থবাৰৰ বাবে গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক হিচাপে আছিল জনপ্ৰিয় কমেডী অভিনেতা ট্ৰেভৰ নোহে।


 ২০২৪ বৰ্ষৰ ৬৬ সংখ্যক গ্ৰেমী বঁটাত  উজলিল কেইবাগৰাকীও  ভাৰতীয় সংগীত শিল্পী।  এইবেলি ভাৰতীয় সংগীতশিল্পী শংকৰ মহাদেৱন আৰু বিখ্যাত তবলা বাদক জাকিৰ হুছেইনক গ্ৰেমী বঁটা প্ৰদান কৰা হয়। লগতে শংকৰ মহাদেৱনৰ বেণ্ড ‘শক্তি’ৰ ‘দিছ মমেণ্ট’ এলবামে ‘শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম’ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ‘দিছ মমেণ্ট’  এলবামটোত মুঠ ৮টা গীত আছে। ৬৬ সংখ্যক  গ্ৰেমী বঁটাত  শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইনৰ বেণ্ড 'শক্তি'য়ে গ্ৰেমী লাভ কৰাৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম কিংবদন্তি  হৰিপ্ৰসাদ চৌৰাছিয়াৰ ভতিজা বাঁহীবাদক ৰাকেশ চৌৰাছিয়াই দুটাকৈ গ্ৰেমী লাভ কৰিছে। জাকিৰ হুছেইনে তিনিটা গ্ৰেমী লাভ কৰিছে। 

ৰাকেশ চৌৰাছিয়াৰ  'এজ উই স্পিক' এলবামটো গ্ৰমেৰী  তিনিটা পৃথক শিতানৰ বাবে  মনোনীত হৈছিল। একেদৰে বিলি ইলিছ আৰু তেওঁৰ ভাতৃ  ফিনিয়াছে এইবেলি  ছং অফ দা ইয়েৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে হোৱাট ৱাজ আই মেড ফৰ গীতটিৰ  বঁটা লাভ কৰে। গীতটো  বাৰ্বি নামৰ ছবি খনৰ গীত।   আনহাতে, টেইলৰ ছুইফ্টে ১৩  বাৰৰ বাবে এই বঁটা লাভ কৰে। মাইলি চাইৰাছে প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰে। টেইলৰ ছুইফ্টে শ্ৰেষ্ঠ পপ ভোকেল এলবামৰ বাবে বঁটা লাভ কৰিছে। তেওঁ তেওঁৰ এলবাম মিডনাইটৰ বাবে এই বঁটা  লাভ কৰিছে। মিলি চাইৰাছে শ্ৰেষ্ঠ একক প্ৰদৰ্শনৰ বাবে বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ  গ্ৰুপ পাৰফৰমেন্সৰ বঁটা  লাভ কৰে ঘোষ্ট ইন দ্য মেচিন গীতটিয়ে। 

থেৰন থমাছে  নন-ক্লাছিকেল  গীতিকাৰ শিতানত বঁটা লাভ কৰে আৰু জেক এণ্টফে   নন-ক্লাছিকেল শিতানত প্ৰযোজকৰ বঁটা  লাভ কৰে। ৰাম্বলে শ্ৰেষ্ঠ ইলেক্ট্ৰিকেল ৰেকৰ্ডিঙৰ বঁটা লাভ কৰে। জাগুয়াৰ ২-এ শ্ৰেষ্ঠ আৰ এণ্ড বি এলবাম বঁটা লাভ কৰে।   গুড মৰ্ণিং-এ শ্ৰেষ্ঠ পৰম্পৰাগত   প্ৰদৰ্শনৰ বঁটা লাভ কৰিছে। দ্য ৰেকৰ্ডে শ্ৰেষ্ঠ অল্টাৰনেটিভ মিউজিক এলবামৰ বঁটা লাভ কৰে। 

 অন্যান্য শিতানৰ বঁটা


আন শ্ৰেণীত কোনে কি বঁটা লাভ কৰিছিল?
শ্ৰেষ্ঠ ল্টাৰনেটিভ মিউজিক পাৰফৰমেন্স বঁটা: দিছ ইজ হোৱাই

শ্ৰেষ্ঠ ৰক এলবাম: দিছ ইজ হোৱাই

শ্ৰেষ্ঠ ৰক সংগীত: নট ষ্ট্ৰং এনাফ

শ্ৰেষ্ঠ মেটাল পাৰফৰমেন্সঃ ৭২ ছিজনছ, মেটালিকা  

শ্ৰেষ্ঠ ইঞ্জিনিয়ার্ড  এলবাম, ধ্ৰুপদী: কনটেম্পোৰেৰী আমেৰিকান কম্পোজাৰ।

বৰ্ষটোৰ শ্ৰেষ্ঠ প্ৰযোজক : এলেইন মাৰ্টন

শ্ৰেষ্ঠ  অডিঅ' এলবাম: দ্য ডায়েৰী অব অ্যালিছিয়া কিজ

শ্ৰেষ্ঠ ইন্সট্রুমেন্টাল  কম্পোজিছন: হেলেনাজ থিম।


শ্ৰেষ্ঠ অৰ্কেষ্ট্ৰেল পাৰফৰমেন্স : এডিচ: দান্তে

শ্ৰেষ্ঠ চেম্বাৰ মিউজিক: ৰাফ মেজিক, ৰুমফুল অফ টিথ

শ্ৰেষ্ঠ সংগীত ভিডিঅ': আই এম অনলি শ্লিপিং

শ্ৰেষ্ঠ মিউজিক ফিল্ম : মুনেজ ডেড্ৰিম।

সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ডিং পেকেজ: ষ্টাম্পৱৰ্ক।

ভিজুৱেল মিডিয়াৰশ্ৰেষ্ঠ সংকলন :  বার্বি দ্য এলবাম।

শ্ৰেষ্ঠ কমেডি এলবাম: হোৱাটছ ইন নেম

শ্ৰেষ্ঠ আফ্ৰিকান সংগীত: ৱাটাৰ, টেলা।

শ্ৰেষ্ঠ ৰেপ পাৰফৰমেন্স: ছায়েন্টিস্ট এণ্ড ইঞ্জিনিয়াৰ্ছ


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু