--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডে্স্কঃ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ  এটি কন্যা সন্তানৰ পিতৃ হৈছে ।তেজস্বীৰ পত্নী  ৰাজশ্ৰী যাদৱে আজি এটি কন্যা সন্তানৰ জন্ম দিয়ে৷  উপ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত নৱজাতকৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, 'ঈশ্বৰ সন্তুষ্ট হৈছে আৰু এজনী কন্যাৰ ৰূপত আমালৈ  এটা উপহাৰ প্ৰেৰণ কৰিছে৷' 

যাদৱৰ ভগ্নী ৰোহিনী আচাৰ্যয়ো  কয় যে তেওঁলোকৰ ঘৰলৈ 'ভগৱানৰ দূত'ৰ ৰূপত এজন নতুন অতিথি আহিছে৷ পিতৃ হোৱা তেজস্বীক আজি আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালে তেজস্বী যাদৱক প্ৰথম অভিনন্দন জনায়।কেজৰিৱালে কয়  'মাতা ৰাণীৰ এই আশীৰ্বাদৰ বাবে আপোনাক আৰু আপোনাৰ সমগ্ৰ পৰিয়ালক  বহুত অভিনন্দন জনাইছো ’’।

  ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতাজনে তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী  ৰাচেল গডিনহোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ৰাচেল গডিনহোক এতিয়া সকলোৱে  ৰাজেশ্বৰী যাদৱ বুলি জানে। হিন্দু ৰীতি-নীতি অনুসৰি ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল৷  ৰাজশ্ৰী আৰু তেজস্বীয়ে নতুন দিল্লীৰ আৰ কে পুৰমৰ ডিপিএছ বিদ্যালয়ত একেলগে অধ্যয়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু