--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত জন্মগ্ৰহণ কৰা এজন ৮ বছৰীয়া মংগোলীয় শিশুক এজন আধ্যাত্মিক নেতাৰ পুনৰ্জন্ম হিচাপে নামকৰণ কৰিছে পবিত্ৰ ১৪ নং দালাই লামাই। তিব্বতী বৌদ্ধ ধৰ্মৰ তৃতীয় গুৰুত্বপূৰ্ণ নেতাৰ পুনৰ্জন্ম হিচাপে তেওঁক দশম খালখা জেটছুন ধম্পা ৰিনপোচে হিচাপে স্বীকৃতি দিয়া হৈছে।

মংগোলিয়ান শিশুটৰ অভিষেক অনুষ্ঠানটো হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হয়, য’ত দালাই লামা স্বয়ং উপস্থিত থাকে।

অনুষ্ঠানৰ সময়ত দালাই লামাই কয় যে "আজি আমাৰ লগত মংগোলিয়াৰ খালখা জেটছুন ধম্পা ৰিনপোচেৰ পুনৰ্জন্ম হৈছে। ইয়াৰে এজনে মংগোলিয়াত ইয়াৰ অনুশীলনৰ বাবে উৎসৰ্গিত এটা মঠ স্থাপন কৰিছিল।" গতিকে, দালাই লামা ধৰ্মশালালৈ অহাটো এইক্ষেত্ৰত শুভ আছিল।

নতুন ধৰ্মগুৰুৰ অভিষেক অনুষ্ঠানত মংগোলিয়াৰ ৬০০ জন ব্যক্তি উপস্থিত আছিল। উল্লেখনীয় যে চীনে বৌদ্ধ ধর্মীয় নেতা বাছনি কৰিব বুলি পূৰ্বে যি ঘোষণা কৰিছিল তাৰ প্রত্যাহ্বান জনাই দালাই লামাই এই সাহসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে, ৯০ বছৰ সম্পূৰ্ণ হ’লেই তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰিব দালাই লামাই।

জন্মভূমি তিব্বতৰ হৈ শান্তিপূৰ্ণ কাৰ্যকলাপৰ বাবে ১৯৮৯ চনৰ ১০ ডিচেম্বৰত দালাই লামাই শান্তিৰ নোবেল বঁটা লাভ কৰে। ১৯৩৫ চনত জন্মগ্ৰহণ কৰা তেখেতৰ দুবছৰ বয়সত পূৰ্বৰ দালাই লামাৰ পুনৰ্জন্ম হিচাপে চিনাক্ত কৰা হৈছিল।

চীনৰ শাসনৰ বিৰুদ্ধে ব্যৰ্থ বিদ্ৰোহৰ পিছত ১৯৫৯ চনৰ আৰম্ভণিতে তিব্বতৰ ৰাজধানী লাছাৰ পৰা ভাৰতলৈ পলায়ন কৰে, আৰু তেতিয়াৰ পৰাই দালাই লামাই দুৰ্গম আৰু পাহাৰীয়া গৃহভূমিত ভাষিক আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ বাবে বিশ্বব্যাপী সমৰ্থন আকৰ্ষণ কৰিবলৈ কাম কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু