--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত জন্মগ্ৰহণ কৰা এজন ৮ বছৰীয়া মংগোলীয় শিশুক এজন আধ্যাত্মিক নেতাৰ পুনৰ্জন্ম হিচাপে নামকৰণ কৰিছে পবিত্ৰ ১৪ নং দালাই লামাই। তিব্বতী বৌদ্ধ ধৰ্মৰ তৃতীয় গুৰুত্বপূৰ্ণ নেতাৰ পুনৰ্জন্ম হিচাপে তেওঁক দশম খালখা জেটছুন ধম্পা ৰিনপোচে হিচাপে স্বীকৃতি দিয়া হৈছে।

মংগোলিয়ান শিশুটৰ অভিষেক অনুষ্ঠানটো হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হয়, য’ত দালাই লামা স্বয়ং উপস্থিত থাকে।

অনুষ্ঠানৰ সময়ত দালাই লামাই কয় যে "আজি আমাৰ লগত মংগোলিয়াৰ খালখা জেটছুন ধম্পা ৰিনপোচেৰ পুনৰ্জন্ম হৈছে। ইয়াৰে এজনে মংগোলিয়াত ইয়াৰ অনুশীলনৰ বাবে উৎসৰ্গিত এটা মঠ স্থাপন কৰিছিল।" গতিকে, দালাই লামা ধৰ্মশালালৈ অহাটো এইক্ষেত্ৰত শুভ আছিল।

নতুন ধৰ্মগুৰুৰ অভিষেক অনুষ্ঠানত মংগোলিয়াৰ ৬০০ জন ব্যক্তি উপস্থিত আছিল। উল্লেখনীয় যে চীনে বৌদ্ধ ধর্মীয় নেতা বাছনি কৰিব বুলি পূৰ্বে যি ঘোষণা কৰিছিল তাৰ প্রত্যাহ্বান জনাই দালাই লামাই এই সাহসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে, ৯০ বছৰ সম্পূৰ্ণ হ’লেই তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰিব দালাই লামাই।

জন্মভূমি তিব্বতৰ হৈ শান্তিপূৰ্ণ কাৰ্যকলাপৰ বাবে ১৯৮৯ চনৰ ১০ ডিচেম্বৰত দালাই লামাই শান্তিৰ নোবেল বঁটা লাভ কৰে। ১৯৩৫ চনত জন্মগ্ৰহণ কৰা তেখেতৰ দুবছৰ বয়সত পূৰ্বৰ দালাই লামাৰ পুনৰ্জন্ম হিচাপে চিনাক্ত কৰা হৈছিল।

চীনৰ শাসনৰ বিৰুদ্ধে ব্যৰ্থ বিদ্ৰোহৰ পিছত ১৯৫৯ চনৰ আৰম্ভণিতে তিব্বতৰ ৰাজধানী লাছাৰ পৰা ভাৰতলৈ পলায়ন কৰে, আৰু তেতিয়াৰ পৰাই দালাই লামাই দুৰ্গম আৰু পাহাৰীয়া গৃহভূমিত ভাষিক আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ বাবে বিশ্বব্যাপী সমৰ্থন আকৰ্ষণ কৰিবলৈ কাম কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক