--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰে উইলমিংটনত অনুষ্ঠিত হৈ যোৱা কোৱাড শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ কোৱাড শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে৷আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ গৃহ চহৰ উইলমিংটনত অনুষ্ঠিত কোৱাড সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই অংশগ্ৰহণ কৰিছিল। 

স্বতন্ত্ৰ তথা সহযোগীতামূলকভৱে ইণ্ডো-পেছিফিক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত কোৱাড সন্মিলত ভৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰি কয় যে ‘স্বতন্ত্ৰ আৰু উন্মুক্ত ভৰাত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল কোৱাড ৰাষ্ট্ৰসমূহৰ সমূহীয়া অগ্ৰাধিকাৰ ক্ষেত্ৰ৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে কয় যে যি সময়ত সমগ্ৰ বিশ্বতে উত্তেজনা আৰু সংঘাতেৰে আগুৰি আহিছে তেনে সময়তে  কোৱাড সন্মিলন অনুষ্ঠিত কৰা হৈছে।এনে সময়ত গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি কোৱাডৰ সদস্যসকল আগবাঢ়ি যোৱাটো মানৱতাৰ বাবে অতি গুৰুত্বপূৰ্ণ।আমি কোনো দেশৰ বিৰোধী নহয়। আমি কোৱাড গোষ্ঠীয়ে নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, সাৰ্বভৌমত্ব তথা ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান, আৰু সকলো বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত বিশ্বাসী। 

কোৱাডে স্বাস্থ্য সুৰক্ষা, জটিল প্ৰযুক্তি বিকাশ, জলবায়ু পৰিৱৰ্তন আৰু সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো বহু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। কৰিছে বুলি মন্তব্য কৰে৷ লগতে তেওঁ ২০২৫ চনত ভাৰতত কোৱাড শীৰ্ষ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালতে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ছামিট অৱ দ্য ফিউচাৰ’ শীৰ্ষ সন্মিলনতো ভাষণ প্ৰদান কৰিব আৰু ভাৰতীয় প্ৰবাসী আৰু আমেৰিকাৰ ব্যৱসায়ীসকলৰ লগতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক