--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰে উইলমিংটনত অনুষ্ঠিত হৈ যোৱা কোৱাড শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ কোৱাড শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে৷আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ গৃহ চহৰ উইলমিংটনত অনুষ্ঠিত কোৱাড সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই অংশগ্ৰহণ কৰিছিল। 

স্বতন্ত্ৰ তথা সহযোগীতামূলকভৱে ইণ্ডো-পেছিফিক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত কোৱাড সন্মিলত ভৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰি কয় যে ‘স্বতন্ত্ৰ আৰু উন্মুক্ত ভৰাত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল কোৱাড ৰাষ্ট্ৰসমূহৰ সমূহীয়া অগ্ৰাধিকাৰ ক্ষেত্ৰ৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে কয় যে যি সময়ত সমগ্ৰ বিশ্বতে উত্তেজনা আৰু সংঘাতেৰে আগুৰি আহিছে তেনে সময়তে  কোৱাড সন্মিলন অনুষ্ঠিত কৰা হৈছে।এনে সময়ত গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি কোৱাডৰ সদস্যসকল আগবাঢ়ি যোৱাটো মানৱতাৰ বাবে অতি গুৰুত্বপূৰ্ণ।আমি কোনো দেশৰ বিৰোধী নহয়। আমি কোৱাড গোষ্ঠীয়ে নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, সাৰ্বভৌমত্ব তথা ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান, আৰু সকলো বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত বিশ্বাসী। 

কোৱাডে স্বাস্থ্য সুৰক্ষা, জটিল প্ৰযুক্তি বিকাশ, জলবায়ু পৰিৱৰ্তন আৰু সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো বহু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। কৰিছে বুলি মন্তব্য কৰে৷ লগতে তেওঁ ২০২৫ চনত ভাৰতত কোৱাড শীৰ্ষ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালতে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ছামিট অৱ দ্য ফিউচাৰ’ শীৰ্ষ সন্মিলনতো ভাষণ প্ৰদান কৰিব আৰু ভাৰতীয় প্ৰবাসী আৰু আমেৰিকাৰ ব্যৱসায়ীসকলৰ লগতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন