--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে কেইসপ্তাহমানৰ পূৰ্বে ভাৰতলৈ হিলছা মাছ ৰপ্তানি নিষিদ্ধ কৰিছিল৷শেহতীয় তথ্য অনুসৰি বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰে বাতিল কৰিছে পূৰ্বৰ সিদ্ধান্ত৷ আগন্তুক দুৰ্গা পূজা উপলক্ষে তিনি হাজাৰ টন হিলছা মাছ ভাৰতলৈ ৰপ্তানি কৰিবৰ বাবে অনুমোদন জনাইছে অন্তৱৰ্তীকালীন চৰকাৰে। 

শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰাৰ পাছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্গা পূজাৰ পূৰ্বে হিলছা মাছ ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সম্প্ৰতি এই সিদ্ধান্তত বাতিল কৰি হিলছা মাছ ৰপ্তানিৰ বাবে অনুমোদন জনাইছে ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে৷ আগন্তুক দুৰ্গা পূজাৰ সময়ত বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে ভাৰতলৈ তিনি হাজাৰ টন মাছ ৰপ্তানিৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰ পূৰ্বে বাংলাদেশে ২০২৩ চনত দুৰ্গা পূজাৰ বাবে পাঁচ হাজাৰ টন হিলছা মাছ ভাৰতলৈ ৰপ্তানি কৰিছিল।

উল্লেখযেগ্য যে হিলছা মাছ ভাৰত-বাংলাদেশ উভয়তে জনপ্ৰিয়৷ বিশেষ কৈ দুৰ্গা পূজাৰ সময়ত ইয়াক এক সুস্বাদু ব্যঞ্জন হিচাপে গণ্য কৰা হয়। ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকে দুৰ্গা পূজা পালন কৰে৷এই উৎসৱৰ সময়ত হিলছাৰ চাহিদা বৃদ্ধি পায়। বাংলাদেশে দুৰ্গোৎসৱৰ বতৰত পদ্ম হিলছাৰ বৃহৎ চালান ভাৰতলৈ প্ৰেৰণ কৰি আহিছিল ইয়াক আৱামী লীগৰ নেতা শ্বেখ হাছিনাৰ ভাৰতৰ প্ৰতি অনুকুল দিচ্ছা নীতি বুলি গণ্য কৰা হৈছিল।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতৰ বাবে সকলো সলনি হৈ পৰিছিল৷ শ্বেখ হাছিনাক ভৰতে আশ্ৰয় প্ৰদান কৰাৰ বাবে আৰু ভাৰতত থকি শ্বেখ হাছিনাই ইউনুছ চৰকাৰৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কিছুদিনৰ পূৰ্বে অসন্তুষ্টি প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছল৷ দুই দেশৰ মাজৰ বৈদেশিক সম্পৰ্কতো ভাঙোন পৰিলক্ষিত হৈছিল৷ 

অৱশ্যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও ভাৰতৰ সৈতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি দি দেশৰ মাজত শান্তি সমৃদ্ধি স্থাপন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে এই সিদ্ধান্তৰ পাছত সেয়া স্পষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক