--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে কেইসপ্তাহমানৰ পূৰ্বে ভাৰতলৈ হিলছা মাছ ৰপ্তানি নিষিদ্ধ কৰিছিল৷শেহতীয় তথ্য অনুসৰি বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰে বাতিল কৰিছে পূৰ্বৰ সিদ্ধান্ত৷ আগন্তুক দুৰ্গা পূজা উপলক্ষে তিনি হাজাৰ টন হিলছা মাছ ভাৰতলৈ ৰপ্তানি কৰিবৰ বাবে অনুমোদন জনাইছে অন্তৱৰ্তীকালীন চৰকাৰে। 

শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰাৰ পাছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্গা পূজাৰ পূৰ্বে হিলছা মাছ ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সম্প্ৰতি এই সিদ্ধান্তত বাতিল কৰি হিলছা মাছ ৰপ্তানিৰ বাবে অনুমোদন জনাইছে ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে৷ আগন্তুক দুৰ্গা পূজাৰ সময়ত বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে ভাৰতলৈ তিনি হাজাৰ টন মাছ ৰপ্তানিৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰ পূৰ্বে বাংলাদেশে ২০২৩ চনত দুৰ্গা পূজাৰ বাবে পাঁচ হাজাৰ টন হিলছা মাছ ভাৰতলৈ ৰপ্তানি কৰিছিল।

উল্লেখযেগ্য যে হিলছা মাছ ভাৰত-বাংলাদেশ উভয়তে জনপ্ৰিয়৷ বিশেষ কৈ দুৰ্গা পূজাৰ সময়ত ইয়াক এক সুস্বাদু ব্যঞ্জন হিচাপে গণ্য কৰা হয়। ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকে দুৰ্গা পূজা পালন কৰে৷এই উৎসৱৰ সময়ত হিলছাৰ চাহিদা বৃদ্ধি পায়। বাংলাদেশে দুৰ্গোৎসৱৰ বতৰত পদ্ম হিলছাৰ বৃহৎ চালান ভাৰতলৈ প্ৰেৰণ কৰি আহিছিল ইয়াক আৱামী লীগৰ নেতা শ্বেখ হাছিনাৰ ভাৰতৰ প্ৰতি অনুকুল দিচ্ছা নীতি বুলি গণ্য কৰা হৈছিল।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতৰ বাবে সকলো সলনি হৈ পৰিছিল৷ শ্বেখ হাছিনাক ভৰতে আশ্ৰয় প্ৰদান কৰাৰ বাবে আৰু ভাৰতত থকি শ্বেখ হাছিনাই ইউনুছ চৰকাৰৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কিছুদিনৰ পূৰ্বে অসন্তুষ্টি প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছল৷ দুই দেশৰ মাজৰ বৈদেশিক সম্পৰ্কতো ভাঙোন পৰিলক্ষিত হৈছিল৷ 

অৱশ্যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও ভাৰতৰ সৈতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি দি দেশৰ মাজত শান্তি সমৃদ্ধি স্থাপন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে এই সিদ্ধান্তৰ পাছত সেয়া স্পষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ