--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমান এখনৰ জৰুৰীকালীন অৱতৰণ বহু কাৰণত হ’ব পাৰে। কিন্তু বিমানত খাদ্য বিতৰনত কিবা এটা সমস্যাৰ বাবেই এনে হ’ব পাৰেনে? অবিশ্বাস্য এক ঘটনা । কিন্তু স্ক্যাণ্ডিনেভিয়ান এয়াৰলাইন্সৰ ক্ষেত্ৰতো এনে এক ঘটনা সংঘটিত হয়, ইয়ান এখন বিমানে যাত্ৰীৰ খাদ্যত এন্দুৰ পোৱাৰ পিছত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। 

স্ক্যাণ্ডিনেভিয়ান এয়াৰলাইন্স (এচএএচ)ৰ মতে, বিমানখন নৰৱেৰ ৰাজধানী অছল’ৰ পৰা স্পেইনৰ মালাগালৈ গৈ আছিল। ডেনমাৰ্কৰ কোপেনহেগেনত তেওঁ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণ আছিল এটা জীয়া এন্দুৰ। বিমান সংস্থাসমূহে সাধাৰণতে নিগনিৰ সন্দৰ্ভত কঠোৰ সাৱধানতা অৱলম্বন কৰে। যাতে বৈদ্যুতিক তাঁৰ চোবাই খোৱাটো ৰোধ কৰিব পৰা যায়। ইয়াৰ বাবে বিমান সংস্থাটোৱেও ক্ষমা বিচাৰিছে।

শ্বমিটে কয় যে, “যদিও এইটো অতি বিৰল, এনে পৰিস্থিতিৰ বাবে আমাৰ বিভিন্ন পদ্ধতি আছে, য’ত আমাৰ যোগানকাৰীৰ সৈতে পৰ্যালোচনা কৰা হয় যাতে এনে ঘটনা পুনৰ নহয়।” এই কাণ্ডৰ সাক্ষী জাৰ্লে বৰ্ষ্টাডে সংবাদ মাধ্যমত জনোৱা মতে, বিমানত বহি থকা মহিলাগৰাকীয়ে খুলি থকা খাদ্যৰ পাত্ৰ এটাৰ পৰা নিগনিটোৱে পলায়ন কৰে।

মিষ্টাৰ বৰেষ্টাডে কয় যে ‘পৰিস্থিতি অতি শান্ত আছিল আৰু যাত্ৰীসকলো ভয় খোৱা নাই’ ৷ অৱশ্যে তেওঁ স্বীকাৰ কৰে যে তেওঁ  মোজা পিন্ধিছিল যাতে এন্দুৰটোৱে ভৰিৰ ওপৰত উঠিব নোৱাৰে। তেওঁ কয় যে যদিও বিমানখন ডাইভাৰ্ট কৰা হৈছিল, তথাপিও ইয়াৰ ফলত যাত্ৰা অতিক্ৰম কৰিবলৈ অতিৰিক্ত কেইঘণ্টামানহে বেছি লাগিছিল ৷

স্ক্যাণ্ডিনেভিয়ান এয়াৰলাইন্সে এই অৱতৰণ নিশ্চিত কৰিছে যদিও ইয়াক চিকিৎসা জৰুৰীকালীন বুলি অভিহিত কৰিছে। স্ক্যাণ্ডিনেভিয়ান এয়াৰলাইন্সে জনোৱা মতে, যাত্ৰীৰ খাদ্যত এন্দুৰ ওলোৱাৰ পিছতে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। নৰৱে’ৰ ৰাজধানী অছল’ৰ পৰা স্পেইনৰ মালাগা চহৰলৈ যোৱা বিমানখনে ডেনমাৰ্কৰ কোপেনহেগেনত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক